--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰকাৰী চাকৰিৰ সন্ধান কৰি থকা যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। দৰাচলতে বেংকিংৰ বাহিৰেও ৰেলৱে, আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ চাকৰিৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। ইয়াৰ উপৰিও ভাৰতৰ উচ্চতম ন্যায়ালয়ে ক’ৰ্ট মাষ্টাৰ, জ্যেষ্ঠ ব্যক্তিগত সহায়ক আৰু ব্যক্তিগত সহায়ক পদৰ বাবে আবেদন আহ্বান কৰিছে। 

কেৰাণী পদত নিযুক্তিৰ বাবে ভাৰতীয় ষ্টেট বেংকে অধিসূচনা জাৰি কৰিছে। ইয়াৰ বাবে যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। ইয়াত আবেদনৰ অন্তিম তাৰিখ ২৭ ডিচেম্বৰ। প্ৰাৰ্থীয়ে ভাৰতীয় ষ্টেট বেংকৰ অফিচিয়েল ৱেবছাইটত অনলাইনযোগে আবেদন কৰিব পাৰিব।

একে সময়তে ২০২৫ চনৰ নৱেম্বৰৰ পৰা ডিচেম্বৰলৈ দিল্লী আৰক্ষীত কনিষ্টবল নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰ বাবে ২০২৫ চনৰ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া। ইয়াৰ বাবে আবেদন কৰিবলৈ ১ অক্টোবৰ, ২০২৫ পৰ্যন্ত সময় দিয়া হ’ব। সেনা অধ্যাদেশ কৰ্পছে মেটেৰিয়েল এচিষ্টেণ্ট, জুনিয়ৰ অফিচ এচিষ্টেণ্ট, চিভিল মটৰ ড্ৰাইভাৰ, টেলি অপাৰেটৰ গ্ৰেড ২, ফায়াৰমেন, কাৰ্পেণ্টাৰ এণ্ড জইনাৰ, এমটি ছ আৰু ট্ৰেডছমেনকে ধৰি বিভিন্ন পদত নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। 

যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও ভাৰত-তিব্বতী সীমান্ত আৰক্ষী বাহিনী (আই টি বি পি)ত হেড কনিষ্টবল (মটৰ মেকানিক) আৰু কনিষ্টবল পদৰ বাবে নিযুক্তি দিয়া হৈছে। প্ৰাৰ্থীসকলে ITBPৰ অফিচিয়েল ৱেবছাইট itbpolice.nic.inত গৈ আবেদন কৰিব পাৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী