--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰশাসনৰ কঠোৰ বাধাক অতিক্ৰম কৰি হাৰিয়ানা আৰু পঞ্জাৱৰ প্ৰতিবাদী কৃষকসকলে দেওবাৰে পুনৰ আৰম্ভ কৰিছে শম্ভু সীমান্তৰ পৰা ‘দিল্লী চালো’ পদযাত্ৰা আৰম্ভ কৰিছে। কৃষক সকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ নোপোৱালৈকে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে৷  

শম্ভু সীমান্তৰ পৰা পদযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে কৃষক নেতা সৰৱান সিং পাণ্ডে প্ৰতিবাদৰ দীঘলীয়া  ৩০০ দিনতকৈও অধিক সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি উল্লেখ কৰিছে৷ শুকুৰবাৰে কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যাত্ৰাত দিল্লী আৰক্ষীৰ প্ৰতিৰোধৰ সন্মুখীন হয়৷ যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় আৰু সমদলকৰী কৃষকসকলক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছৰ ব্যৱহাৰ কৰা হয়।যাৰ ফলত পৰিৱেশ উত্তেজনাময় হৈ পৰে। সেয়ে শুকুৰবাৰে ‘দিল্লী চালো’ পদযাত্ৰা স্থগিত ৰাখিবলগীয়া হয়৷ আৰু শনিবাৰে শম্ভু সীমান্ততে প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি দেওবাৰে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাক নেওচি পুনৰ ‘দিল্লী চালো’ পদযাত্ৰা আৰম্ভ কৰিছে৷

আৰক্ষীয়ে কৃষকসকলক দিল্লী অভিমুখে আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় অনুমতিৰ অভাৱ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী কৃষকসকলৰ পৰিচয় পৰীক্ষা কৰাবলৈ আহ্বান জনায়। আৰক্ষীয়ে তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰাৰ পাছতহে আগুৱাই যাবলৈ অনুমতি প্ৰদান কৰিব৷ প্ৰতিবাদকাৰী কৃষকসকলে আৰক্ষীৰ দাবীৰ বিৰোধিতা কৰি কয় যে শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে পৰিচয় চিনাক্তকৰণ গ্ৰহণীয় নহয়৷

উল্লেখযোগ্য যে শস্যৰ বাবে নূন্যতম সহায়ক মূল্যৰ আইনী নিশ্চয়তা, ২০২০-২১ চনৰ প্ৰতিবাদত নিহত কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আৰু ইয়াৰ সমান্তৰালকৈ ২০২১ চনৰ লখিমপুৰ খেৰী হিংসাৰ বলি হোৱা লোকক ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষকসকলে৷ ইয়ৰোপৰি কৃষক আৰু কৃষি শ্ৰমিকৰ বাবে পেঞ্চন কাৰ্যকৰী আৰু বিদ্যুত মাচুলৰ হাৰ হ্ৰাস কৰাৰ বাবেও দাবী উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়