--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰশাসনৰ কঠোৰ বাধাক অতিক্ৰম কৰি হাৰিয়ানা আৰু পঞ্জাৱৰ প্ৰতিবাদী কৃষকসকলে দেওবাৰে পুনৰ আৰম্ভ কৰিছে শম্ভু সীমান্তৰ পৰা ‘দিল্লী চালো’ পদযাত্ৰা আৰম্ভ কৰিছে। কৃষক সকলে তেওঁলোকৰ প্ৰাপ্য অধিকাৰ নোপোৱালৈকে আন্দোলন তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে৷  

শম্ভু সীমান্তৰ পৰা পদযাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে কৃষক নেতা সৰৱান সিং পাণ্ডে প্ৰতিবাদৰ দীঘলীয়া  ৩০০ দিনতকৈও অধিক সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি উল্লেখ কৰিছে৷ শুকুৰবাৰে কৃষকসকলে ৰাষ্ট্ৰীয় ৰাজধানী অভিমুখে যাত্ৰাত দিল্লী আৰক্ষীৰ প্ৰতিৰোধৰ সন্মুখীন হয়৷ যাৰ ফলত সংঘৰ্ষৰ সৃষ্টি হয় আৰু সমদলকৰী কৃষকসকলক ছত্ৰভংগ দিবলৈ কন্দুৱা গেছৰ ব্যৱহাৰ কৰা হয়।যাৰ ফলত পৰিৱেশ উত্তেজনাময় হৈ পৰে। সেয়ে শুকুৰবাৰে ‘দিল্লী চালো’ পদযাত্ৰা স্থগিত ৰাখিবলগীয়া হয়৷ আৰু শনিবাৰে শম্ভু সীমান্ততে প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি দেওবাৰে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তাক নেওচি পুনৰ ‘দিল্লী চালো’ পদযাত্ৰা আৰম্ভ কৰিছে৷

আৰক্ষীয়ে কৃষকসকলক দিল্লী অভিমুখে আগবাঢ়ি যাবলৈ প্ৰয়োজনীয় অনুমতিৰ অভাৱ বুলি উল্লেখ কৰি প্ৰতিবাদকাৰী কৃষকসকলৰ পৰিচয় পৰীক্ষা কৰাবলৈ আহ্বান জনায়। আৰক্ষীয়ে তেওঁলোকৰ পৰিচয় পৰীক্ষা কৰাৰ পাছতহে আগুৱাই যাবলৈ অনুমতি প্ৰদান কৰিব৷ প্ৰতিবাদকাৰী কৃষকসকলে আৰক্ষীৰ দাবীৰ বিৰোধিতা কৰি কয় যে শান্তিপূৰ্ণ প্ৰতিবাদৰ বাবে পৰিচয় চিনাক্তকৰণ গ্ৰহণীয় নহয়৷

উল্লেখযোগ্য যে শস্যৰ বাবে নূন্যতম সহায়ক মূল্যৰ আইনী নিশ্চয়তা, ২০২০-২১ চনৰ প্ৰতিবাদত নিহত কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ আৰু ইয়াৰ সমান্তৰালকৈ ২০২১ চনৰ লখিমপুৰ খেৰী হিংসাৰ বলি হোৱা লোকক ন্যায় প্ৰদানৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে কৃষকসকলে৷ ইয়ৰোপৰি কৃষক আৰু কৃষি শ্ৰমিকৰ বাবে পেঞ্চন কাৰ্যকৰী আৰু বিদ্যুত মাচুলৰ হাৰ হ্ৰাস কৰাৰ বাবেও দাবী উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ