--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন বলাৰ মহম্মদ আমিৰে বিৰাট কোহলীক এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বুলি অভিহিত কৰিছে। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীক বৰ্তমান প্ৰজন্মৰ বাবৰ আজম, ষ্টিভ স্মিথ আৰু জো ৰুটৰ দৰে খেলুৱৈৰ তুলনাত ৰেটিং দিছে।

কেৱল এয়াই নহয়, তেওঁ বিৰাট কোহলীৰ সৈতে বাবৰ আজমৰ তুলনাৰ কথাও কৈছে। শেহতীয়াকৈ আমিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে তেওঁ আগতেও এবাৰ সন্ন্যাস লৈছিল।

এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বিৰাট

মহম্মদ আমিৰে কয়, বিৰাট কোহলী এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ। তেওঁ আৰু বাবৰ আজম, ষ্টিভ স্মিথ বা জো ৰুটৰ মাজত তুলনা হ’লে মোৰ হাঁহি উঠে। আমি বিৰাট কোহলীক কাৰো লগত তুলনা কৰিব নোৱাৰো কাৰণ তেওঁ ভাৰতৰ হৈ ইমানবোৰ মেচত জয়লাভ কৰিছে যিটো কোনো এজন খেলুৱৈৰ বাবে অসম্ভৱ যেন লাগে। কেৱল এটা ফৰ্মেটতে নহয় তিনিওটা ফৰ্মেটতে এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বিৰাট।

ক্ৰিকেট প্ৰেডিক্টা শ্ব’ত আমিৰে কয়, "বিৰাট কোহলীৰ কৰ্মনীতিয়ে তেওঁক আন সকলো খেলুৱৈতকৈ পৃথক কৰি তুলিছে। ২০১৪ চনত ইংলেণ্ডত হোৱা বেয়া পৰ্যায়ৰ পিছতো তেওঁ যি ধৰণে ঘূৰি আহিছিল আৰু তাৰ পিছত পৰৱৰ্তী ১০ বছৰলৈকে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিছিল, এইয়া অতুলনীয় আৰু সাধাৰণ কৃতিত্ব নাছিল।"

আমিৰে কয়, "২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত তেওঁৰ উইকেট আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, যিয়ে আমাক ফাইনেলত জয়ী কৰাত সহায় কৰিছিল। বিৰাট যদি আউট নহ'লহেঁতেন তেন্তে আমি ফাইনেলত পৰাস্ত হ'লোহেঁতেন, কাৰণ লক্ষ্য খেদি যোৱাৰ সময়ত বিৰাটৰ অভিলেখ কি সেয়া আমি সকলোৱে জানো।" 

পাকিস্তানৰ বিৰুদ্ধে বিৰাটৰ পৰিসংখ্যা

পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে তেওঁ ১৬খন এদিনীয়া খেলত ৫২.১৫ গড়ে ৬৭৮ ৰান সংগ্ৰহ কৰিছে।

এই সময়ছোৱাত তেওঁ ৩টা শতকৰো অৰ্জন কৰিছে। পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াত বিৰাট কোহলীৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৮৩ ৰান।

ইয়াৰ উপৰিও বিৰাটে পাকিস্তানৰ বিৰুদ্ধে ১১খন টি-২০ মেচ খেলিছে।
এই সময়ছোৱাত ৰজা কোহলীৰ বেটৰ পৰা ৪৯২ ৰান আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post