--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ প্ৰাক্তন বলাৰ মহম্মদ আমিৰে বিৰাট কোহলীক এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বুলি অভিহিত কৰিছে। তেওঁ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীক বৰ্তমান প্ৰজন্মৰ বাবৰ আজম, ষ্টিভ স্মিথ আৰু জো ৰুটৰ দৰে খেলুৱৈৰ তুলনাত ৰেটিং দিছে।

কেৱল এয়াই নহয়, তেওঁ বিৰাট কোহলীৰ সৈতে বাবৰ আজমৰ তুলনাৰ কথাও কৈছে। শেহতীয়াকৈ আমিৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল। ইতিমধ্যে তেওঁ আগতেও এবাৰ সন্ন্যাস লৈছিল।

এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ বিৰাট

মহম্মদ আমিৰে কয়, বিৰাট কোহলী এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ। তেওঁ আৰু বাবৰ আজম, ষ্টিভ স্মিথ বা জো ৰুটৰ মাজত তুলনা হ’লে মোৰ হাঁহি উঠে। আমি বিৰাট কোহলীক কাৰো লগত তুলনা কৰিব নোৱাৰো কাৰণ তেওঁ ভাৰতৰ হৈ ইমানবোৰ মেচত জয়লাভ কৰিছে যিটো কোনো এজন খেলুৱৈৰ বাবে অসম্ভৱ যেন লাগে। কেৱল এটা ফৰ্মেটতে নহয় তিনিওটা ফৰ্মেটতে এই প্ৰজন্মৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন বিৰাট।

ক্ৰিকেট প্ৰেডিক্টা শ্ব’ত আমিৰে কয়, "বিৰাট কোহলীৰ কৰ্মনীতিয়ে তেওঁক আন সকলো খেলুৱৈতকৈ পৃথক কৰি তুলিছে। ২০১৪ চনত ইংলেণ্ডত হোৱা বেয়া পৰ্যায়ৰ পিছতো তেওঁ যি ধৰণে ঘূৰি আহিছিল আৰু তাৰ পিছত পৰৱৰ্তী ১০ বছৰলৈকে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰিছিল, এইয়া অতুলনীয় আৰু সাধাৰণ কৃতিত্ব নাছিল।"

আমিৰে কয়, "২০১৭ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত তেওঁৰ উইকেট আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, যিয়ে আমাক ফাইনেলত জয়ী কৰাত সহায় কৰিছিল। বিৰাট যদি আউট নহ'লহেঁতেন তেন্তে আমি ফাইনেলত পৰাস্ত হ'লোহেঁতেন, কাৰণ লক্ষ্য খেদি যোৱাৰ সময়ত বিৰাটৰ অভিলেখ কি সেয়া আমি সকলোৱে জানো।" 

পাকিস্তানৰ বিৰুদ্ধে বিৰাটৰ পৰিসংখ্যা

পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীৰ প্ৰদৰ্শনৰ কথা ক’বলৈ গ’লে তেওঁ ১৬খন এদিনীয়া খেলত ৫২.১৫ গড়ে ৬৭৮ ৰান সংগ্ৰহ কৰিছে।

এই সময়ছোৱাত তেওঁ ৩টা শতকৰো অৰ্জন কৰিছে। পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াত বিৰাট কোহলীৰ সৰ্বোচ্চ স্ক’ৰ হৈছে ১৮৩ ৰান।

ইয়াৰ উপৰিও বিৰাটে পাকিস্তানৰ বিৰুদ্ধে ১১খন টি-২০ মেচ খেলিছে।
এই সময়ছোৱাত ৰজা কোহলীৰ বেটৰ পৰা ৪৯২ ৰান আহিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ