--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বত ভাৰতীয় দলৰ এক বিশেষ স্থান আছে। ভাৰতীয় ক্ৰিকেট দলটো বিশ্বৰ দীঘলীয়া সময় ধৰি ক্ৰিকেট বিশ্বত শ্ৰেষ্ঠ দল হিচাবে পৰিগণিত হৈ আহিছে। অৱশ্যে শেহতীয়া কৈ ভাৰতীয় ক্ৰিকেটদলটোৰ প্ৰদৰ্শন কিছু অৱনমিত হৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়, ঘৰুৱা টেষ্ট শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয় আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ে ভাৰতীয় অনুৰাগীক হতাশ কৰিছে।

শেহতীয়া কৈ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ঘোষণা কৰা ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া দলত লক্ষণীয়ভাৱে এগৰাকীও ভাৰতীয় তাৰকাই এই দলটোত স্থান লাভ কৰা নাই। এই দলটোত আন দুই ক্ৰিকেট শক্তি অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ কোনো খেলুৱৈয়েও স্থান লাভ কৰা নাই। 

আইচিচিৰ এই শ্ৰেষ্ঠ এদিনীয়া দলটোত শ্ৰীলংকাৰ সৰ্বাধিক ৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। এই দলটোত এছিয়াৰ আন দুটা দল পাকিস্তান আৰু আফগানিস্তানৰ ৩ গৰাকীকৈ খেলুৱৈয়ে স্থান লাভ কৰিছে।আইচিচিৰ দলটোত ৱেষ্ট ইণ্ডিজৰ দলৰ আনগৰাকী খেলুৱৈ স্থান লাভ কৰিছে। আইচিচিৰ এই দলটোত অ’পেনাৰ হিচাপে নিৰ্বাচিত হৈছে পাকিস্তানৰ ছেম আয়ুব আৰু আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজ। তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত ক্ৰমে শ্ৰীলংকাৰে পাথুম নিছাংকা, কুশল মেণ্ডিছ আৰু চাৰিথ আছালাংকাই নিৰ্বাচিত হৈছে।

কুশল মেণ্ডিজে দলত উইকেটকীপাৰ হিচাপে স্থান পোৱাৰ বিপৰীতে চাৰিথ আছালাংকা দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে। দলটোত অলৰাউণ্ডাৰ হিচাপে আছে ৱেষ্ট ইণ্ডিজৰ শ্বেৰফানে ৰাডাৰফোৰ্ড, আফগানিস্তানৰ আজমাতুল্লাহ ওমৰজাই আৰু শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা। প্ৰধান পেচাৰ হিচাপে দলটোত স্থানলাভ কৰিছে পাকিস্তানৰ শ্বাহীন আফ্ৰীদি আৰু হেৰিছ ৰ’ফক। একে সময়তে আফগানিস্তানৰ যুৱ স্পিনাৰ আল্লাহ মহম্মদ গাজানফৰকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ঘোষিত দলটোঃ ছেম আয়ুব, ৰহমানুল্লাহ গুৰবাজ, পাথুম নিছাংকা, কুশল মেণ্ডিছ, চাৰিথ আছালাংকা, শ্বেৰফানে ৰাডাৰফোৰ্ড, আজমাতুল্লাহ ওমৰজাই, ৱানিন্দু হাছাৰাংগা, শ্বাহীন আফ্ৰীদি, হেৰিছ ৰ’ফ আৰু আল্লাহ মহম্মদ গাজানফাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ