--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক্ৰিকেট বিশ্বত ভাৰতীয় দলৰ এক বিশেষ স্থান আছে। ভাৰতীয় ক্ৰিকেট দলটো বিশ্বৰ দীঘলীয়া সময় ধৰি ক্ৰিকেট বিশ্বত শ্ৰেষ্ঠ দল হিচাবে পৰিগণিত হৈ আহিছে। অৱশ্যে শেহতীয়া কৈ ভাৰতীয় ক্ৰিকেটদলটোৰ প্ৰদৰ্শন কিছু অৱনমিত হৈছে। শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পৰাজয়, ঘৰুৱা টেষ্ট শৃংখলাত নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাজয় আৰু অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত পৰাজয়ে ভাৰতীয় অনুৰাগীক হতাশ কৰিছে।

শেহতীয়া কৈ ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা আইচিচিয়ে ঘোষণা কৰা ২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া দলত লক্ষণীয়ভাৱে এগৰাকীও ভাৰতীয় তাৰকাই এই দলটোত স্থান লাভ কৰা নাই। এই দলটোত আন দুই ক্ৰিকেট শক্তি অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ কোনো খেলুৱৈয়েও স্থান লাভ কৰা নাই। 

আইচিচিৰ এই শ্ৰেষ্ঠ এদিনীয়া দলটোত শ্ৰীলংকাৰ সৰ্বাধিক ৪ গৰাকী খেলুৱৈয়ে স্থান লাভ কৰিছে। এই দলটোত এছিয়াৰ আন দুটা দল পাকিস্তান আৰু আফগানিস্তানৰ ৩ গৰাকীকৈ খেলুৱৈয়ে স্থান লাভ কৰিছে।আইচিচিৰ দলটোত ৱেষ্ট ইণ্ডিজৰ দলৰ আনগৰাকী খেলুৱৈ স্থান লাভ কৰিছে। আইচিচিৰ এই দলটোত অ’পেনাৰ হিচাপে নিৰ্বাচিত হৈছে পাকিস্তানৰ ছেম আয়ুব আৰু আফগানিস্তানৰ ৰহমানুল্লাহ গুৰবাজ। তৃতীয়, চতুৰ্থ আৰু পঞ্চম স্থানত ক্ৰমে শ্ৰীলংকাৰে পাথুম নিছাংকা, কুশল মেণ্ডিছ আৰু চাৰিথ আছালাংকাই নিৰ্বাচিত হৈছে।

কুশল মেণ্ডিজে দলত উইকেটকীপাৰ হিচাপে স্থান পোৱাৰ বিপৰীতে চাৰিথ আছালাংকা দলৰ অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে। দলটোত অলৰাউণ্ডাৰ হিচাপে আছে ৱেষ্ট ইণ্ডিজৰ শ্বেৰফানে ৰাডাৰফোৰ্ড, আফগানিস্তানৰ আজমাতুল্লাহ ওমৰজাই আৰু শ্ৰীলংকাৰ ৱানিন্দু হাছাৰাংগা। প্ৰধান পেচাৰ হিচাপে দলটোত স্থানলাভ কৰিছে পাকিস্তানৰ শ্বাহীন আফ্ৰীদি আৰু হেৰিছ ৰ’ফক। একে সময়তে আফগানিস্তানৰ যুৱ স্পিনাৰ আল্লাহ মহম্মদ গাজানফৰকো দলত অন্তৰ্ভুক্ত কৰা হৈছে।

ঘোষিত দলটোঃ ছেম আয়ুব, ৰহমানুল্লাহ গুৰবাজ, পাথুম নিছাংকা, কুশল মেণ্ডিছ, চাৰিথ আছালাংকা, শ্বেৰফানে ৰাডাৰফোৰ্ড, আজমাতুল্লাহ ওমৰজাই, ৱানিন্দু হাছাৰাংগা, শ্বাহীন আফ্ৰীদি, হেৰিছ ৰ’ফ আৰু আল্লাহ মহম্মদ গাজানফাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
শীতকালত মৰ্ণি ৱাক নে ইভিণিং ৱাক! ওজন কমোৱাত কোনটো সঠিক ?
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা