--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নদীত কেঁকোৰা ধৰিবলৈ গৈ বিপদত পৰিল মাছমৰীয়া৷ দক্ষিণৰ মাছমৰীয়া এজনে নদীত কেঁকোৰা ধৰিবলৈ গৈ বাঘৰ চিকাৰ হয়। জানিব পৰা মতে আনদিনাৰ দৰে সেইদিনাও নদীত কেঁকোৰা ধৰিবলৈ গৈছিল তেওঁ৷ আন আন মাছমৰীয়াৰ সৈতে নদীত নামী পৰিছিল তেওঁ৷ এনে সময়তে বাঘটো জঁপিয়াই পৰে মাছমৰীয়াজনৰ ওপৰত। ঘটনাটো পশ্চিমবংগৰ সন্দেশখালীৰ। বাঘৰ আক্ৰমণত মাছমৰীয়াজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। অৱশ্যে বাঘটোৱে মাছমৰীয়াজনক অৰণ্যৰ মাজলৈ টানি নিব নোৱাৰিলে। কাৰণ মাছমৰীয়াৰ আন সংগীসকলে বাঘটোক খেদি পঠিয়ায়। স্থানীয় সূত্ৰ অনুসৰি আহত মাছমৰীয়া আবু তালেব পিয়াদাক জয়নগৰ-কুল্টলী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অৱশ্যে ইয়াত তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাৰ বাবে তেওঁক কলকাতালৈ স্থানান্তৰিত কৰা হয়। মাছমৰীয়াজনক কলকাতাৰ চিত্তৰঞ্জন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো যোৱা শনিবাৰে সন্দেশখালিৰ ২০ নম্বৰ বনাঞ্চলৰ ওচৰত সংঘটিত হৈছিল বুলি জানিবলৈ পোৱা গৈছে।

মাছমৰীয়াসকলে কি দেখিছিল?

প্ৰত্যক্ষদৰ্শীয়ে কৈছিল যে আবু তালেব আৰু মইমুৰ খান নামৰ দুজন মাছমৰীয়াই নদীত কেঁকোৰা ধৰি আছিল। আৰু আন দুজন মাছমৰীয়া কুশ নয়া আৰু আজিম মণ্ডল অলপ দূৰত আছিল। হঠাতে বাঘটোৱে অৰণ্যৰ পৰা ওলাই আহি আবুৰ ওপৰত জঁপিয়াই পৰিল। আবুৰ চিঞৰ শুনি বাকী সংগীসকলক বাঘটোক লাঠি আৰু জোঙেৰে খেদি পঠিয়াই। বাঘটোৱে আবুক এৰি তিনিওজনৰ লাঠিৰে দ্বাৰা আঘাত প্ৰাপ্ত হোৱাৰ পিছত অৰণ্যৰ মাজলৈ পলাই যায়। PCA Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?