--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডুবাই, বহু লোকৰ সপোনৰ গন্তব্যস্থান। ইয়াত আকাশ চুই যোৱা বুৰ্জ খলিফা, বিলাসী জীৱনশৈলী, আৰু উৎকৃষ্ট চাকৰিৰ সুযোগে সকলোকে আকৰ্ষণ কৰে। কিন্তু ডুবাইৰ পৰিচয় কেৱল ইয়াৰ ওখ অট্টালিকা আৰু চকু কপালত তুলিব পৰা জীৱনত সীমাবদ্ধ নহয়; মানৱতাৰ ভেটি শক্তিশালী কৰা মূল্যবোধৰ বাবেও এই চহৰখন পৰিচিত।


শেহতীয়াকৈ ডুবাইৰ এক ঘটনা পোহৰলৈ আহিছে। মানুহে ধন-সম্পত্তি আৰু খ্যাতিৰ পিছত দৌৰি থকাৰ যোৱাৰ সময়তে টেক্সি চালক হামাদা আবু জেইদে সততাৰ নিদৰ্শন দাঙি ধৰিলে বিশ্বই সদায় মনত ৰাখিব।

এদিন শ্বিফটৰ সময়ত আবু জেদৰ টেক্সিখনৰ এজন যাত্ৰীয়ে এৰি থৈ গ’ল দহ লাখ দিৰহামৰ লাগেজ। অৰ্থাৎ ভাৰতীয় টকাত সেয়া প্ৰায় ২.২১ কোটি টকাৰ সমান। ইমান বৃহৎ পৰিমাণৰ ধন লাভ কৰাৰ পিছত যিকোনো ব্যক্তিয়ে নিজৰ ভাগ্য সলনি কৰাৰ সপোন দেখিব পাৰিছিল, কিন্তু আবু জেইদে এক মুহূৰ্তৰ বাবেও লোভক আধিপত্য বিস্তাৰ কৰিবলৈ নিদিলে। তেওঁ লগে লগে এই বস্তুটো আৰক্ষীৰ হাতত গতাই দিলে যাতে উক্ত ব্যক্তিয়ে লাভ কৰিব পাৰে।

আবু জেইদক তেওঁৰ সততাৰ বাবে পুৰস্কৃত কৰে আৰক্ষী সঞ্চালক ব্ৰিগেডিয়াৰ মজিদ আল ছুৱেইদীয়ে আল বৰ্ষা থানাত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত। তেওঁ কয় যে আবু জেদৰ দৰে লোকে ডুবাইৰ প্ৰতিপত্তি বৃদ্ধি কৰাই নহয়, সমাজত আস্থা আৰু সহযোগিতাও শক্তিশালী কৰে। এই উপলক্ষে আবু জেইদক তেওঁৰ নিস্বাৰ্থ মনোভাৱৰ বাবে তেওঁক প্ৰমাণ পত্ৰ আৰু সন্মান প্ৰদান কৰি শলাগ লয়।

दुबई में ड्राइवर बना हीरो, 2.21 करोड़ के सामान को पुलिस को सौंपा(mage Credit: Dubai Police/X)
এই কাহিনীয়ে ছ’চিয়েল মিডিয়াত মানুহৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই ইজিপ্তৰ টেক্সি চালকজনক প্ৰশংসা কৰি মানুহ ভাগৰি পৰা নাই। কোনোবাই কৈছে যে পৃথিৱীক আবু জেদৰ দৰে মানুহৰ প্ৰয়োজন। এক্সৰ পোষ্টত এজন ব্যৱহাৰকাৰীয়ে ইয়াক ডুবাইৰ বাবে গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। কাৰন এজন ব্যক্তিৰ প্ৰকৃত পৰিচয় তেওঁৰ সততা আৰু দায়িত্বত লুকাই থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ