--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় নাগৰিকত্ব আইন সম্পৰ্কীয় বিধান সন্দৰ্ভত ১৯ ছেপ্টেম্বৰ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে কোনো ব্যক্তিয়ে যেতিয়া আন দেশৰ নাগৰিকত্ব লাভ কৰে তেতিয়া নাগৰিকত্ব আইনৰ ৯ নং ধাৰা অনুসৰি সেই ব্যক্তিজনৰ ভাৰতীয় নাগৰিকত্ব সমাপ্ত হয়। এনে পৰিস্থিতিত সেই ব্যক্তিগৰাকীৰ নাগৰিকত্ব সমাপ্ত কৰাটো স্বেচ্ছামূলক বুলি ধৰিব নোৱাৰি।

ন্যয়ালয়ে স্পষ্ট কৰি দিছে যে এই বিকল্প অন্য দেশত নাগৰিকত্ব অৰ্জন কৰা লোকৰ সন্তানে নাগৰিকত্ব আইনৰ ধাৰা ৮(২)ৰ অধীনত ভাৰতীয় নাগৰিকত্ব দাবী কৰিব নোৱাৰে।নাগৰিকত্ব আইনৰ ধাৰা ৮(২)অনুসৰি কেৱল স্বেচ্ছাই ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাসকলৰ সন্তানে ডাঙৰ হোৱাৰ এবছৰৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে। 

উচ্চতম ন্যায়ালয়ৰ ৰায়দানত এইটোও স্পষ্ট কৰি দিছে যে সংবিধান কাৰ্যকৰী হোৱাৰ পাছত ভাৰতৰ বাহিৰত জন্ম লোৱা ব্যক্তিয়ে তেওঁৰ পূৰ্বপুৰুষ অবিভক্ত ভাৰতত জন্ম হৈছিল বুলি সংবিধানৰ ৮ নং অনুচ্ছেদৰ অধীনত নাগৰিকত্ব দাবী কৰিব নোৱাৰে৷

ঘটনাক্ৰম অনুসৰি চিংগাপুৰৰ এজন নাগৰিকক নাগৰিকত্ব আইনৰ ধাৰা ৮(২)ৰ অধীনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ অনুমতি দিছিল৷ ছিংগাপুৰৰ নাগৰিকত্ব লাভ কৰাৰ আগত পিতৃ-মাতৃ মূলতঃভাৰতীয় নাগৰিক আছিল বাবে আবেদনকাৰীয়ে ৮ নং অনুচ্ছেদৰ অধীনত ভাৰতীয় নাগৰিকত্ব দাবী কৰিছিল। 

মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অভয় অক আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে দিয়া ৰায়দানত কোৱা হৈছে যে নাগৰিকত্ব আইনৰ ধাৰা ৮(২)ৰ অধীনত আবেদনকাৰী পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ অধিকাৰ নাই। কিন্তু সংবিধানৰ ৫(১)(খ)ধাৰা বা ৮ নং অনুচ্ছেদৰ অধীনত আবেদনকাৰী নাগৰিকত্বৰ বাবে যোগ্য বিবেচিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ