ডিজিটেল ডেস্কঃ ভাৰতীয় নাগৰিকত্ব আইন সম্পৰ্কীয় বিধান সন্দৰ্ভত ১৯ ছেপ্টেম্বৰ শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। উচ্চতম ন্যায়ালয়ে কয় যে কোনো ব্যক্তিয়ে যেতিয়া আন দেশৰ নাগৰিকত্ব লাভ কৰে তেতিয়া নাগৰিকত্ব আইনৰ ৯ নং ধাৰা অনুসৰি সেই ব্যক্তিজনৰ ভাৰতীয় নাগৰিকত্ব সমাপ্ত হয়। এনে পৰিস্থিতিত সেই ব্যক্তিগৰাকীৰ নাগৰিকত্ব সমাপ্ত কৰাটো স্বেচ্ছামূলক বুলি ধৰিব নোৱাৰি।
ন্যয়ালয়ে স্পষ্ট কৰি দিছে যে এই বিকল্প অন্য দেশত নাগৰিকত্ব অৰ্জন কৰা লোকৰ সন্তানে নাগৰিকত্ব আইনৰ ধাৰা ৮(২)ৰ অধীনত ভাৰতীয় নাগৰিকত্ব দাবী কৰিব নোৱাৰে।নাগৰিকত্ব আইনৰ ধাৰা ৮(২)অনুসৰি কেৱল স্বেচ্ছাই ভাৰতীয় নাগৰিকত্ব ত্যাগ কৰাসকলৰ সন্তানে ডাঙৰ হোৱাৰ এবছৰৰ ভিতৰত ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে।
উচ্চতম ন্যায়ালয়ৰ ৰায়দানত এইটোও স্পষ্ট কৰি দিছে যে সংবিধান কাৰ্যকৰী হোৱাৰ পাছত ভাৰতৰ বাহিৰত জন্ম লোৱা ব্যক্তিয়ে তেওঁৰ পূৰ্বপুৰুষ অবিভক্ত ভাৰতত জন্ম হৈছিল বুলি সংবিধানৰ ৮ নং অনুচ্ছেদৰ অধীনত নাগৰিকত্ব দাবী কৰিব নোৱাৰে৷
ঘটনাক্ৰম অনুসৰি চিংগাপুৰৰ এজন নাগৰিকক নাগৰিকত্ব আইনৰ ধাৰা ৮(২)ৰ অধীনত মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ অনুমতি দিছিল৷ ছিংগাপুৰৰ নাগৰিকত্ব লাভ কৰাৰ আগত পিতৃ-মাতৃ মূলতঃভাৰতীয় নাগৰিক আছিল বাবে আবেদনকাৰীয়ে ৮ নং অনুচ্ছেদৰ অধীনত ভাৰতীয় নাগৰিকত্ব দাবী কৰিছিল।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ অভয় অক আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে দিয়া ৰায়দানত কোৱা হৈছে যে নাগৰিকত্ব আইনৰ ধাৰা ৮(২)ৰ অধীনত আবেদনকাৰী পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ অধিকাৰ নাই। কিন্তু সংবিধানৰ ৫(১)(খ)ধাৰা বা ৮ নং অনুচ্ছেদৰ অধীনত আবেদনকাৰী নাগৰিকত্বৰ বাবে যোগ্য বিবেচিত হয়।