--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বনছোৱাৰা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সাধাৰন চাহ একাপৰ বাবে পৰিয়ালটোৰ তিনিজন সদস্যৰ মৃত্যু হয়। আৰক্ষীৰ মতে, পৰিয়ালৰ লোকে চাহ খোৱাৰ পিছতেই তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে।

এই বিষয়ত আৰক্ষী বিষয়া ৰামস্বৰূপ মীনাই কয় যে দেওবাৰে পৰিয়ালৰ লোকে চাহ খোৱাৰ পিছত বমি হোৱাৰ অভিযোগ উত্থাপন কৰে। লগে লগে তেওঁলোকক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁলোকক উদয়পুৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষী বিষয়াজনে জনোৱা মতে হয়তো ভুলতে চাহত কিবা কীটনাশক দ্ৰব্য মিহলি হৈছিল। তদুপৰি মৃত যুৱক দুগৰাকীৰ নাম দৰিয়া (৫৩), বোৱাৰী চন্দা (৩৩) আৰু চন্দাৰ ১৪ বছৰীয়া পুত্ৰ অক্ষয়। মৃত দৰিয়াৰ শহুৰেক, পুত্ৰ আৰু চুবুৰীয়া এজনক উদয়পুৰৰ চৰকাৰী চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

আৰক্ষী বিষয়া ৰাম ৰূপ মীনাই কয় যে প্ৰাথমিক তদন্তত এই চাহ উঁইপোক মৰা বিষাক্ত ঔষধ পোৱা গৈছে । পৰিয়ালৰ লোকক সোধ-পোছ কৰাৰ সময়ত জানিব পৰা গৈছে যে পাকঘৰতে উঁইপোক মৰা বিষাক্ত ঔষধ ৰখা হৈছিল । সেই ঔষধ ক’লা ৰঙৰ এটা বেগত ৰখা হৈছিল । দেখাত চাহপাত যেন লাগিছিল । সম্ভৱতঃ কোনোবাই চাহপাতৰ ঠাইত এই বিষাক্ত ঔষধ চাহত মিহলাই দিয়ে ৷

এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে গাঁওখনৰ লগতে চিকিৎসালয়ত আৰক্ষীৰ দল মোতায়েন কৰা হয় । এতিয়া এটা দলক মৰণোত্তৰ পৰীক্ষাৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে । তিনিওজনৰে মৰণোত্তৰ প্ৰতিবেদন পৃথকে পৃথকে দাখিল কৰা হৈছে । প্ৰাথমিক তদন্তত বিষাক্ত চাহ খোৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে অধিক তথ্য জানিব পৰা যাব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ