--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ বনছোৱাৰা জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। সাধাৰন চাহ একাপৰ বাবে পৰিয়ালটোৰ তিনিজন সদস্যৰ মৃত্যু হয়। আৰক্ষীৰ মতে, পৰিয়ালৰ লোকে চাহ খোৱাৰ পিছতেই তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে।

এই বিষয়ত আৰক্ষী বিষয়া ৰামস্বৰূপ মীনাই কয় যে দেওবাৰে পৰিয়ালৰ লোকে চাহ খোৱাৰ পিছত বমি হোৱাৰ অভিযোগ উত্থাপন কৰে। লগে লগে তেওঁলোকক জিলা চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁলোকক উদয়পুৰৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষী বিষয়াজনে জনোৱা মতে হয়তো ভুলতে চাহত কিবা কীটনাশক দ্ৰব্য মিহলি হৈছিল। তদুপৰি মৃত যুৱক দুগৰাকীৰ নাম দৰিয়া (৫৩), বোৱাৰী চন্দা (৩৩) আৰু চন্দাৰ ১৪ বছৰীয়া পুত্ৰ অক্ষয়। মৃত দৰিয়াৰ শহুৰেক, পুত্ৰ আৰু চুবুৰীয়া এজনক উদয়পুৰৰ চৰকাৰী চিকিৎসালয়ৰ ইনটেনচিভ কেয়াৰ ইউনিটত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

আৰক্ষী বিষয়া ৰাম ৰূপ মীনাই কয় যে প্ৰাথমিক তদন্তত এই চাহ উঁইপোক মৰা বিষাক্ত ঔষধ পোৱা গৈছে । পৰিয়ালৰ লোকক সোধ-পোছ কৰাৰ সময়ত জানিব পৰা গৈছে যে পাকঘৰতে উঁইপোক মৰা বিষাক্ত ঔষধ ৰখা হৈছিল । সেই ঔষধ ক’লা ৰঙৰ এটা বেগত ৰখা হৈছিল । দেখাত চাহপাত যেন লাগিছিল । সম্ভৱতঃ কোনোবাই চাহপাতৰ ঠাইত এই বিষাক্ত ঔষধ চাহত মিহলাই দিয়ে ৷

এই ঘটনাৰ তথ্য পোৱাৰ লগে লগে গাঁওখনৰ লগতে চিকিৎসালয়ত আৰক্ষীৰ দল মোতায়েন কৰা হয় । এতিয়া এটা দলক মৰণোত্তৰ পৰীক্ষাৰ বাবে উদয়পুৰলৈ প্ৰেৰণ কৰা হৈছে । তিনিওজনৰে মৰণোত্তৰ প্ৰতিবেদন পৃথকে পৃথকে দাখিল কৰা হৈছে । প্ৰাথমিক তদন্তত বিষাক্ত চাহ খোৱাৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি পোহৰলৈ আহিছে । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অহাৰ পিছতহে অধিক তথ্য জানিব পৰা যাব ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post