--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্ত হ’ল সঞ্জয় মালহোত্ৰা। কেন্দ্ৰই এক বিবৃতিৰ জৰিয়তে ঘোষণা কৰিছে যে বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সঞ্জয় মালহোত্ৰাই। তিনিবছৰীয়া হ’ব তেওঁৰ এই কাৰ্যকাল।

ইয়াৰ পূৰ্বে তেওঁ ৰাজহ বিভাগৰ সচিবৰ দায়িত্বত নিযুক্ত আছিল।মালহোত্ৰাই ৰাজহ বিভাগৰ সচিব হোৱাৰ পূৰ্বে তেওঁ বিত্তীয় সেৱা বিভাগৰ সচিব হিচাপে নিয়োজিত আছিল। বিগত ৩৩ বছৰত তেওঁ শক্তি, বিত্ত, আয়কৰ, তথ্য আৰু প্ৰযুক্তি, খনি আদি গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ত শীৰ্ষ প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰাজহ বিভাগৰ শীৰ্ষ বিষয়া হিচাপে তেওঁ কেন্দ্ৰীয় বাজেট ২০২৩-২৪ৰ সৈতে জড়িত সকলো কৰ সম্পৰ্কীয় বিষয় চূড়ান্ত কৰাতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁ ১৯৯০ বেচৰ ৰাজস্থান কেডাৰৰ আই এ এছ আছিল। আই আই টি কানপুৰৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকহোৱাৰ লগতে তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ‘পাব্লিক পলিচি’ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে৷

প্ৰসংগক্ৰমে ২০১৮ চনৰ ১২ ডিচেম্বৰত শক্তিকান্ত দাসে ৰিজাৰ্ভ বেংকৰ ২৫ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আজি অৰ্থাৎ ১০ ডিচেম্বৰ মঙলবাৰে তেওঁ আৰ বি আইৰ গৱৰ্ণৰ হিচাপে কাৰ্যকাল শেষ হ’ব। ইয়াৰ পিছতে আৰ বি আইৰ ২৬ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সঞ্জয় মালহোত্ৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement