--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ হিচাপে নিযুক্ত হ’ল সঞ্জয় মালহোত্ৰা। কেন্দ্ৰই এক বিবৃতিৰ জৰিয়তে ঘোষণা কৰিছে যে বৃহস্পতিবাৰে ৰিজাৰ্ভ বেংকৰ ২৬ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সঞ্জয় মালহোত্ৰাই। তিনিবছৰীয়া হ’ব তেওঁৰ এই কাৰ্যকাল।

ইয়াৰ পূৰ্বে তেওঁ ৰাজহ বিভাগৰ সচিবৰ দায়িত্বত নিযুক্ত আছিল।মালহোত্ৰাই ৰাজহ বিভাগৰ সচিব হোৱাৰ পূৰ্বে তেওঁ বিত্তীয় সেৱা বিভাগৰ সচিব হিচাপে নিয়োজিত আছিল। বিগত ৩৩ বছৰত তেওঁ শক্তি, বিত্ত, আয়কৰ, তথ্য আৰু প্ৰযুক্তি, খনি আদি গুৰুত্বপূৰ্ণ মন্ত্ৰালয়ত শীৰ্ষ প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। ৰাজহ বিভাগৰ শীৰ্ষ বিষয়া হিচাপে তেওঁ কেন্দ্ৰীয় বাজেট ২০২৩-২৪ৰ সৈতে জড়িত সকলো কৰ সম্পৰ্কীয় বিষয় চূড়ান্ত কৰাতো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

তেওঁ ১৯৯০ বেচৰ ৰাজস্থান কেডাৰৰ আই এ এছ আছিল। আই আই টি কানপুৰৰ পৰা কম্পিউটাৰ বিজ্ঞানত স্নাতকহোৱাৰ লগতে তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা ‘পাব্লিক পলিচি’ত স্নাতকোত্তৰ ডিগ্ৰীও লাভ কৰিছে৷

প্ৰসংগক্ৰমে ২০১৮ চনৰ ১২ ডিচেম্বৰত শক্তিকান্ত দাসে ৰিজাৰ্ভ বেংকৰ ২৫ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল আজি অৰ্থাৎ ১০ ডিচেম্বৰ মঙলবাৰে তেওঁ আৰ বি আইৰ গৱৰ্ণৰ হিচাপে কাৰ্যকাল শেষ হ’ব। ইয়াৰ পিছতে আৰ বি আইৰ ২৬ সংখ্যক গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিব সঞ্জয় মালহোত্ৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post