--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখবৰ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰীসকলৰ বাবে। অৱসৰ প্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ৰে’লৱে বিভগে।দেশৰ বিভিন্ন জ’নত ২৫ হাজাৰ পদত অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক নিযুক্তি দিব ৰে’লৱে বিভাগে। 

ৰে’লৱেত কৰ্মচাৰীৰ নাটনিৰ সৈতে মোকাবিলা কৰিবলৈ ৰে’লৱে বিভাগে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে। এই আঁচনিৰ অধীনত ৰে’লৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তি দিয়া হ’ব।উল্লেখযোগ্য যে ৰেলৱে ব’ৰ্ডৰ এই আঁচনিৰ অধীনত ৬৫ বছৰৰ তলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তত্বাৱধায়ক আৰু ট্ৰেক মেন আদি পদৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে তেওঁলোকক এই সাময়িকভাৱে নিযুক্তি প্ৰদান কৰা হ’ব। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ এই নিযুক্তি দুবছৰৰ বাবে কৰা হ’ব আৰু সেৱাৰ ভিত্তিত এই সময়সীমা বৃদ্ধি কৰিব পৰা হ’ব বুলি সদৰি কৰিছে। 

এই নিযুক্তিৰ দায়িত্ব সকলো ৰেলৱে জ’নৰ জেনেৰেল মেনেজাৰৰ হাতত অৰ্পন কৰা হৈছে। যিহেতু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ফিটনেছ আৰু ৰেলৱেত বিগত পাঁচটা বছৰত তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত নিযুক্তি দিব পাৰি। ৰে’লৱে ব’ৰ্ডে স্পষ্টভাৱে উল্লেখ কৰিছে যে প্ৰথমে আবেদনকাৰী প্ৰাৰ্থীসকলৰ পাৰফৰমেন্স ৰেটিং পৰীক্ষা কৰা হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো অনুশাসনমূলক গোচৰ চলি আছে নেকি পৰীক্ষা কৰা হ’ব। তাৰ পাছতহে তেওঁলোকক নিযুক্তি প্ৰদান কৰা হ’ব৷ যদি তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ চলি আছে তেন্তে তেওঁলোকক নিযুক্তি দিয়া নহ’ব।

অৱসৰৰ সময়ত যি মাহিলী দৰমহাৰ নিৰিখ আছিল সেই একেটা নিৰিখত দৰমহা লাভ কৰিব পুনৰ নিযুক্তি লাভ কৰা ৰে’লৱেৰ কৰ্মচাৰীসকলে, তেওঁলোকৰ মৌলিক পেঞ্চন হ্ৰাস কৰা হ’ব। দৰমহাৰ উপৰিও তেওঁলোকে ভ্ৰমণ ভাট্টাও লাভ কৰিব৷ অৱশ্যে এনে কৰ্মচাৰী কোনো অতিৰিক্ত সুবিধা বা দৰমহা বৃদ্ধিৰ বাবে যোগ্য বিবেচনা কৰা নহয় বুলিও উল্লেখ কৰিছে।

উত্তৰ-পশ্চিম ৰে’লৱেৰ ১০ হাজাৰ পদত সৰ্বাধিক সংখ্যক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব। এই সন্দৰ্ভত ৰে’লৱে ব’ৰ্ডে কয় যে তত্বাৱধায়ক আৰু অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত কৰ্মচাৰীৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তি জৰুৰী হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলি পকিবলৈ ধৰিছে নেকি? ঘৰুৱা সামগ্ৰীৰেই ক'লা কৰক আপোনাৰ পকা চুলি
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে