--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুখবৰ অৱসৰপ্ৰাপ্ত ৰে’লৱে কৰ্মচাৰীসকলৰ বাবে। অৱসৰ প্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তি প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে ৰে’লৱে বিভগে।দেশৰ বিভিন্ন জ’নত ২৫ হাজাৰ পদত অৱসৰপ্ৰাপ্ত ৰে’ল কৰ্মচাৰীক নিযুক্তি দিব ৰে’লৱে বিভাগে। 

ৰে’লৱেত কৰ্মচাৰীৰ নাটনিৰ সৈতে মোকাবিলা কৰিবলৈ ৰে’লৱে বিভাগে এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সদৰি কৰিছে। এই আঁচনিৰ অধীনত ৰে’লৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তি দিয়া হ’ব।উল্লেখযোগ্য যে ৰেলৱে ব’ৰ্ডৰ এই আঁচনিৰ অধীনত ৬৫ বছৰৰ তলৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে তত্বাৱধায়ক আৰু ট্ৰেক মেন আদি পদৰ বাবে আবেদন কৰিব পাৰিব। অৱশ্যে তেওঁলোকক এই সাময়িকভাৱে নিযুক্তি প্ৰদান কৰা হ’ব। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ এই নিযুক্তি দুবছৰৰ বাবে কৰা হ’ব আৰু সেৱাৰ ভিত্তিত এই সময়সীমা বৃদ্ধি কৰিব পৰা হ’ব বুলি সদৰি কৰিছে। 

এই নিযুক্তিৰ দায়িত্ব সকলো ৰেলৱে জ’নৰ জেনেৰেল মেনেজাৰৰ হাতত অৰ্পন কৰা হৈছে। যিহেতু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ ফিটনেছ আৰু ৰেলৱেত বিগত পাঁচটা বছৰত তেওঁলোকৰ প্ৰদৰ্শনৰ ভিত্তিত নিযুক্তি দিব পাৰি। ৰে’লৱে ব’ৰ্ডে স্পষ্টভাৱে উল্লেখ কৰিছে যে প্ৰথমে আবেদনকাৰী প্ৰাৰ্থীসকলৰ পাৰফৰমেন্স ৰেটিং পৰীক্ষা কৰা হ’ব আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো অনুশাসনমূলক গোচৰ চলি আছে নেকি পৰীক্ষা কৰা হ’ব। তাৰ পাছতহে তেওঁলোকক নিযুক্তি প্ৰদান কৰা হ’ব৷ যদি তেওঁলোকৰ বিৰুদ্ধে কোনো গোচৰ চলি আছে তেন্তে তেওঁলোকক নিযুক্তি দিয়া নহ’ব।

অৱসৰৰ সময়ত যি মাহিলী দৰমহাৰ নিৰিখ আছিল সেই একেটা নিৰিখত দৰমহা লাভ কৰিব পুনৰ নিযুক্তি লাভ কৰা ৰে’লৱেৰ কৰ্মচাৰীসকলে, তেওঁলোকৰ মৌলিক পেঞ্চন হ্ৰাস কৰা হ’ব। দৰমহাৰ উপৰিও তেওঁলোকে ভ্ৰমণ ভাট্টাও লাভ কৰিব৷ অৱশ্যে এনে কৰ্মচাৰী কোনো অতিৰিক্ত সুবিধা বা দৰমহা বৃদ্ধিৰ বাবে যোগ্য বিবেচনা কৰা নহয় বুলিও উল্লেখ কৰিছে।

উত্তৰ-পশ্চিম ৰে’লৱেৰ ১০ হাজাৰ পদত সৰ্বাধিক সংখ্যক অৱসৰপ্ৰাপ্ত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব। এই সন্দৰ্ভত ৰে’লৱে ব’ৰ্ডে কয় যে তত্বাৱধায়ক আৰু অন্যান্য গুৰুত্বপূৰ্ণ ভূমিকাত কৰ্মচাৰীৰ তাৎক্ষণিক প্ৰয়োজনীয়তা পূৰণৰ বাবে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলক পুনৰ নিযুক্তি জৰুৰী হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ