--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ডিঅ’আইটি কোম্পানী এটাৰ জিএমৰ চৌহদত আয়তকৈ অধিক সম্পত্তিৰ তথ্য লাভ কৰাত এচিবিয়ে আৰম্ভ কৰিছে অভিযান। ৰাজকম্পৰ গ্ৰুপৰ জেনেৰেল মেনেজাৰ ছত্ৰপাল সিঙৰ প্ৰায় ডেৰ ডজন স্থানত এচিবিয়ে অভিযান চলাইছে। এই পৰ্যন্ত প্ৰাৰম্ভিক তদন্তত এচিবিয়ে প’ৰ্ছ, ডিফেণ্ডাৰ, স্ক’ৰপিঅ’, থাৰ আদি বহুকেইখন বিলাসী বাহন উদ্ধাৰ কৰিছে। এই বাহনসমূহৰ তদন্ত অব্যাহত ৰাখিছে এচিবিৰ দলে। এচিবিৰ ডিজি ডাঃ ৰবি প্ৰকাশ মেহৰাৰ নিৰ্দেশ অনুসৰি চলিছে এই অভিযান।

এচিবিৰ ডিজি ড০ ৰবি প্ৰকাশ মেহৰাৰ মতে, ৰাজকম্পৰ গ্ৰুপৰ জেনেৰেল মেনেজাৰ ছত্ৰপাল সিঙে নিজৰ পদৰ অপব্যৱহাৰ কৰি ধন উপাৰ্জন কৰা বুলি এচিবিৰ অভিযোগ লাভ কৰিছিল। অভিযোগ লাভ কৰাৰ পাছতে এচিবিয়ে অভিযোগৰ সত্যতা নিৰূপণ কৰাত, অভিযোগটো সঁচা প্ৰমাণিত হয়। আদালতৰ নিৰ্দেশ লাভ কৰাৰ পাছতে অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে।

এই অভিযানৰ বাবে বিশেষ দল গঠন কৰা হৈছে। শনিবাৰে পুৱাৰে পৰা জয়পুৰ, দিল্লী, গাজিয়াবাদকে ধৰি অন্যান্য স্থানত অনুসন্ধান কৰা হৈছে। এছ অ’ জিৰ অভিযান কার্যই বহু বিষয়াৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ 

ৰাজকম্প গ্ৰুপৰ জেনেৰেল মেনেজাৰ ছত্ৰপাল সিঙৰ বাসগৃহ আৰু অন্যান্য স্থানত অব্যাহত আছে এচিবিৰ তালাচী অভিযান। অভিযানৰ সময়ত বহু নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে, বেংক একাউণ্ট সম্পৰ্কীয় তথ্যও সংগ্ৰহ কৰা বুলি সদৰি কৰিছে। তদন্তৰ শেষত হে অভিযানৰ সবিশেষ প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ