--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ ডিঅ’আইটি কোম্পানী এটাৰ জিএমৰ চৌহদত আয়তকৈ অধিক সম্পত্তিৰ তথ্য লাভ কৰাত এচিবিয়ে আৰম্ভ কৰিছে অভিযান। ৰাজকম্পৰ গ্ৰুপৰ জেনেৰেল মেনেজাৰ ছত্ৰপাল সিঙৰ প্ৰায় ডেৰ ডজন স্থানত এচিবিয়ে অভিযান চলাইছে। এই পৰ্যন্ত প্ৰাৰম্ভিক তদন্তত এচিবিয়ে প’ৰ্ছ, ডিফেণ্ডাৰ, স্ক’ৰপিঅ’, থাৰ আদি বহুকেইখন বিলাসী বাহন উদ্ধাৰ কৰিছে। এই বাহনসমূহৰ তদন্ত অব্যাহত ৰাখিছে এচিবিৰ দলে। এচিবিৰ ডিজি ডাঃ ৰবি প্ৰকাশ মেহৰাৰ নিৰ্দেশ অনুসৰি চলিছে এই অভিযান।

এচিবিৰ ডিজি ড০ ৰবি প্ৰকাশ মেহৰাৰ মতে, ৰাজকম্পৰ গ্ৰুপৰ জেনেৰেল মেনেজাৰ ছত্ৰপাল সিঙে নিজৰ পদৰ অপব্যৱহাৰ কৰি ধন উপাৰ্জন কৰা বুলি এচিবিৰ অভিযোগ লাভ কৰিছিল। অভিযোগ লাভ কৰাৰ পাছতে এচিবিয়ে অভিযোগৰ সত্যতা নিৰূপণ কৰাত, অভিযোগটো সঁচা প্ৰমাণিত হয়। আদালতৰ নিৰ্দেশ লাভ কৰাৰ পাছতে অনুসন্ধান প্ৰক্ৰিয়া আৰম্ভ হৈছিল বুলি জানিব পৰা গৈছে।

এই অভিযানৰ বাবে বিশেষ দল গঠন কৰা হৈছে। শনিবাৰে পুৱাৰে পৰা জয়পুৰ, দিল্লী, গাজিয়াবাদকে ধৰি অন্যান্য স্থানত অনুসন্ধান কৰা হৈছে। এছ অ’ জিৰ অভিযান কার্যই বহু বিষয়াৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷ 

ৰাজকম্প গ্ৰুপৰ জেনেৰেল মেনেজাৰ ছত্ৰপাল সিঙৰ বাসগৃহ আৰু অন্যান্য স্থানত অব্যাহত আছে এচিবিৰ তালাচী অভিযান। অভিযানৰ সময়ত বহু নথি-পত্ৰও উদ্ধাৰ কৰা হৈছে, বেংক একাউণ্ট সম্পৰ্কীয় তথ্যও সংগ্ৰহ কৰা বুলি সদৰি কৰিছে। তদন্তৰ শেষত হে অভিযানৰ সবিশেষ প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post