--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ কথা উল্লেখ আছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু প্ৰতিজন ব্যক্তিৰ জীৱন-যাপনৰ সঠিক পথ প্ৰদৰ্শক। জীৱনত গীতাৰ কথা গ্রহণ কৰি এজন ব্যক্তিয়ে জীৱনত আগুৱাই যাব পাৰে।

গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মনুষ্য জাতিক জীয়াই থকাৰ পাঠ দিয়ে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়।শ্ৰীমদ্ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা প্ৰতিজনেই একো একোজন সফল ব্যক্তি।

গীতাৰ বহুমূলীয়া কথা-
১. গীতাত উল্লেখ কৰা ধৰণে যদি জ্ঞানৰ পাছত মানুহৰ অহংকাৰৰ জন্ম হয়, তেন্তে সেই জ্ঞান বিহৰ দৰে। আনহাতে যদি জ্ঞানৰ পাছত নম্ৰতাৰ জন্ম হয় তেন্তে সেই জ্ঞান অমৃতৰ দৰে।

২. শ্ৰীকৃষ্ণই কৈছে যে জীৱনত আটাইতকৈ ডাঙৰ পৰাজয় হ’ল-নিজৰ সম্ভাৱনাৰ পৰা আঁতৰি যোৱা। এনে লোকে নাজানে তেওঁলোকৰ ভিতৰত কিমান সম্ভাৱনা লুকাই আছে, যাৰ ব্যৱহাৰ কৰি তেওঁলোকে যি বিচাৰে তাকে লাভ কৰিব পাৰে।

৩. গীতাৰ মতে সম্ভৱ আৰু সামৰ্থ্য অনুযায়ী আৰ্তজনক সদায় সহায় কৰা উচিত।

৪. ক্ৰোধ, ধৰ্ম আৰু মৰ্যাদাৰ স্বাৰ্থত কৰিলে গুণ হৈ পৰে আৰু সহনশীলতাই ধৰ্ম আৰু মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলে পাপ হৈ পৰে।

৫. গীতাত লিখা ধৰণে অনাকাংক্ষিত উপদেশ তথা অযুক্তিকৰ কথাৰপৰা বিৰত থকা উচিত।

৫. শ্ৰীকৃষ্ণই কৈছে যে কৰ্ম এনেকুৱা এটা শস্য যিটো মানুহে প্ৰতিটো পৰিস্থিতিত নিজেই চপাব লাগে, সেয়েহে সদায় ভাল বীজ সিঁচিব লাগে যাতে তেওঁৰ শস্য ভাল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
মাদক দ্ৰব্যৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান আৰু ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাত সফল হোৱা বাবে মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক অভিনন্দন জ্ঞাপন অমিত শ্বাহৰ