--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শ্ৰীমদ্ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ কথা উল্লেখ আছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। গীতাত দিয়া শিক্ষা আজিও সমানেই প্ৰাসংগিক আৰু প্ৰতিজন ব্যক্তিৰ জীৱন-যাপনৰ সঠিক পথ প্ৰদৰ্শক। জীৱনত গীতাৰ কথা গ্রহণ কৰি এজন ব্যক্তিয়ে জীৱনত আগুৱাই যাব পাৰে।

গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মনুষ্য জাতিক জীয়াই থকাৰ পাঠ দিয়ে। গীতাই জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ শিকায়।শ্ৰীমদ্ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। গীতা হৈছে জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা প্ৰতিজনেই একো একোজন সফল ব্যক্তি।

গীতাৰ বহুমূলীয়া কথা-
১. গীতাত উল্লেখ কৰা ধৰণে যদি জ্ঞানৰ পাছত মানুহৰ অহংকাৰৰ জন্ম হয়, তেন্তে সেই জ্ঞান বিহৰ দৰে। আনহাতে যদি জ্ঞানৰ পাছত নম্ৰতাৰ জন্ম হয় তেন্তে সেই জ্ঞান অমৃতৰ দৰে।

২. শ্ৰীকৃষ্ণই কৈছে যে জীৱনত আটাইতকৈ ডাঙৰ পৰাজয় হ’ল-নিজৰ সম্ভাৱনাৰ পৰা আঁতৰি যোৱা। এনে লোকে নাজানে তেওঁলোকৰ ভিতৰত কিমান সম্ভাৱনা লুকাই আছে, যাৰ ব্যৱহাৰ কৰি তেওঁলোকে যি বিচাৰে তাকে লাভ কৰিব পাৰে।

৩. গীতাৰ মতে সম্ভৱ আৰু সামৰ্থ্য অনুযায়ী আৰ্তজনক সদায় সহায় কৰা উচিত।

৪. ক্ৰোধ, ধৰ্ম আৰু মৰ্যাদাৰ স্বাৰ্থত কৰিলে গুণ হৈ পৰে আৰু সহনশীলতাই ধৰ্ম আৰু মৰ্যাদা ৰক্ষা কৰিব নোৱাৰিলে পাপ হৈ পৰে।

৫. গীতাত লিখা ধৰণে অনাকাংক্ষিত উপদেশ তথা অযুক্তিকৰ কথাৰপৰা বিৰত থকা উচিত।

৫. শ্ৰীকৃষ্ণই কৈছে যে কৰ্ম এনেকুৱা এটা শস্য যিটো মানুহে প্ৰতিটো পৰিস্থিতিত নিজেই চপাব লাগে, সেয়েহে সদায় ভাল বীজ সিঁচিব লাগে যাতে তেওঁৰ শস্য ভাল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বজালীত শোকাৱহ অঘটন; কালদিয়া নৈ পাৰ হ’বলৈ গৈ উটি গ’ল বৃদ্ধ কৃষক
কমনৱেলথ গেমছলৈ নির্বাচিত তেজপুৰৰ লিছা দাস
NHPCয়ে সোৱণশিৰিত, নীপকোৱে ৰঙানদীত এৰিলে পানী
কেৱল সোৱাদতেই নহয়, বহু উপকাৰী গুণেৰেও অতুলনীয় খৰিচা
বৰপেটাৰোডত যান-বাহনৰ ভাড়া বৃদ্ধিৰ বিৰুদ্ধে ৰাজপথত কলেজীয়া ছাত্ৰৰ তীব্ৰ প্ৰতিবাদ
বিশ্বত পুনৰ শক্তি সংকটৰ আশংকা; ইৰানী সেনাই বন্ধ কৰিলে হৰমুজ প্রণালী
ৰাজ্যত পঞ্জীয়নকৃত নিবনুৱাৰ সংখ্যা ১৫,৪৩,৩৫০জন
‘ডিজিটেল স্ক্ৰীনৰ পৰা আঁতৰি মামাৰ ঘৰলৈ যোৱা...’ গৰমৰ বন্ধত ভাগিনসকললৈ মুখ্যমন্ত্ৰীৰ মুকলি চিঠি
গুৱাহাটী ৰে’লৱে ষ্টেচনত ১১ সন্দেহজনক বাংলাদেশী আটক; চেন্নাইলৈ যোৱাৰ চেষ্টা ব্যৰ্থ কৰিলে RPFএ
চামগুৰিত ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
ৰাষ্ট্ৰপতিয়ে মুকলি কৰিলে ডুৰাণ্ড কাপৰ ট্ৰফী; ১৬-১৭ জুলাইত গুৱাহাটীত হ’ব প্রদর্শন
মহাকাব্যিক প্ৰত্যাৱৰ্তন
অতি উপকাৰী পাচলি কোমোৰা; গুণাগুণসমূহ জানো আহক
বিষ্ণয় গেঙৰ সন্ধানত অপাৰেশ্যন ‘হার্ড বল’
Advertisement