--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ এটি ১০ বছৰীয়া শিশু ১৮ ঘন্টাধৰি কুঁৱাত পৰি থকাৰ খবৰ পোহৰলৈ আহিছে। শিশুটিক দেওবাৰে পুৱা প্ৰায় ৯:৩০ বজাত উদ্ধাৰ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পাছতেই শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। শনিবাৰে সন্ধিয়া ৫ বজাতেই ওচৰত ১৪০ ফুট দ কুঁৱাত বাগৰি পৰিছিল সুমিত নামৰ ১০ বছৰীয়া শিশুটি। খবৰ পোৱাৰ পিছতে উদ্ধাৰকাৰী দলটোৱে ক্ষীপ্ৰতাৰে ঘটনাস্থলিত উপস্থিত হয়। 

শনিবাৰে সন্ধিয়াৰ পৰা উদ্ধাৰ অভিযান  আৰম্ভ হৈছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে। প্ৰতক্ষ্যদৰ্শীৰ মতে প্ৰায় ৯:৩০ বজাত উদ্ধাৰকাৰীয়ে সুমিতক সুস্থ অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটি।

উল্লেখযোগ্য যে একেসময়তে ৰাজস্থানৰ কোটপুটলীৰ চেতনা নামৰ তিনি বছৰীয়া ল’ৰাটোক প্ৰায় ১৫০ ঘন্টা পাৰ হৈ যোৱাৰ পাছতো উদ্ধাৰ কৰিব নোৱাৰাকলৈ। প্ৰশ্ন উত্থাপন হৈছে কিয়নো সময় বাঢ়িযোৱাৰ লগে লগে শিশুটিকলৈ শংকিত হৈ পৰিছে৷ যোৱা সোমবাৰে ৰাজস্থানৰ কোটপুতলীত ৭০০ ফুট দ কুঁৱাত পৰিছিল তিনি বছৰীয়া চেতনা। সময়ৰ লগে লগে ভয় বাঢ়ি যায়। অৱশ্যে উদ্ধাৰকাৰী দলটোৱে কুঁৱাৰ সমান্তৰালকৈ ১৭০ ফুটৰ গাঁত খান্দি শনিবাৰৰ পৰা উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। অৱশ্যে শিশুটিক কেতিয়া উদ্ধাৰ কৰা হ’ব সেই সন্দৰ্ভত উত্তৰবিহীন হৈ পৰিছে প্ৰশাসন৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post