--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে বংগ, ত্ৰিপুৰা, অসমৰ সীমান্তৱৰ্তী অঞ্চলত বাংলাদেশী অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ দিল্লী আৰু মহাৰাষ্ট্ৰৰ পৰাও ইজনৰ পিছত সিজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা খবৰ পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰত আৰু ১৬জন বাংলাদেশী অনুপ্ৰৱেশকাৰী আটক কৰাৰ খবৰ পোহৰলৈ আহিছে।

জানিব পৰা মতে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অনুপ্ৰৱেশকাৰীৰ দলে মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত থাকিবলৈ আৰম্ভ কৰিছিল। মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ বিশেষ অভিযানত শুকুৰবাৰে ১৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত কমেও ৬ গৰাকী মহিলাও অন্তৰ্ভুক্ত আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকৰ হাতত ভাৰতত প্ৰৱেশ বা থাকিবলৈ কোনো নথি-পত্ৰ পোৱা নগ’ল। মহাৰাষ্ট্ৰৰ নৱী মুম্বাই, থানে, সোলাপুৰ আৰু জালনা অঞ্চলৰ পৰাও গ্ৰেপ্তাৰ কৰা খূবৰ আহিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বন্দীসকলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কেনেবাকৈ ভুৱা আধাৰ কাৰ্ড আৰু অন্যান্য ভাৰতীয় পৰিচয় পত্ৰ ক্ৰয় কৰে।

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াবলৈ বিগত কেইদিনমানৰ পৰা মহাৰাষ্ট্ৰ আৰু দিল্লীৰ বিভিন্ন প্ৰান্তত আৰক্ষী অভিযান চলি আছে। যোৱা বুধবাৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী শাখাই মুম্বাই, নৱী মুম্বাই, থানে আৰু নাছিকৰ স্থানীয় থানাৰ সহযোগত ১৭ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ১৪ জন পুৰুষ আৰু তিনিগৰাকী মহিলাও আছে। তেওঁলোকৰ পৰা ভুৱা আধাৰ কাৰ্ড আৰু পেন কাৰ্ডো উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়েও কেইবাটাও অভিযান চলাই যোৱা সপ্তাহত ভাৰতত অবৈধভাৱে বসবাস কৰাৰ অপৰাধত দিল্লীৰ পৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে ভাৰতত থাকিবলৈ কোনোধৰণৰ বৈধ নথি দেখুৱাব নোৱাৰিলে। মুঠ ১১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি সদৰি কৰিছে। ইয়াৰে পাঁচজন বাংলাদেশী আৰু বাকীসকলে ভুৱা নথি-পত্ৰ তৈয়াৰ কৰাত সহায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে। সম্প্ৰতি দেশত পুনৰ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাই উদ্বেগৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ