--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সততে বংগ, ত্ৰিপুৰা, অসমৰ সীমান্তৱৰ্তী অঞ্চলত বাংলাদেশী অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন হৈ আহিছে। শেহতীয়াকৈ দিল্লী আৰু মহাৰাষ্ট্ৰৰ পৰাও ইজনৰ পিছত সিজন বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা খবৰ পোহৰলৈ আহিছে। মহাৰাষ্ট্ৰত আৰু ১৬জন বাংলাদেশী অনুপ্ৰৱেশকাৰী আটক কৰাৰ খবৰ পোহৰলৈ আহিছে।

জানিব পৰা মতে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি অনুপ্ৰৱেশকাৰীৰ দলে মহাৰাষ্ট্ৰৰ বিভিন্ন চহৰত থাকিবলৈ আৰম্ভ কৰিছিল। মহাৰাষ্ট্ৰ আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী শাখাৰ বিশেষ অভিযানত শুকুৰবাৰে ১৬ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত কমেও ৬ গৰাকী মহিলাও অন্তৰ্ভুক্ত আছে। আৰক্ষীৰ সূত্ৰ অনুসৰি তেওঁলোকৰ হাতত ভাৰতত প্ৰৱেশ বা থাকিবলৈ কোনো নথি-পত্ৰ পোৱা নগ’ল। মহাৰাষ্ট্ৰৰ নৱী মুম্বাই, থানে, সোলাপুৰ আৰু জালনা অঞ্চলৰ পৰাও গ্ৰেপ্তাৰ কৰা খূবৰ আহিছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি বন্দীসকলে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি কেনেবাকৈ ভুৱা আধাৰ কাৰ্ড আৰু অন্যান্য ভাৰতীয় পৰিচয় পত্ৰ ক্ৰয় কৰে।

বাংলাদেশী অনুপ্ৰৱেশকাৰীক বিচাৰি উলিয়াবলৈ বিগত কেইদিনমানৰ পৰা মহাৰাষ্ট্ৰ আৰু দিল্লীৰ বিভিন্ন প্ৰান্তত আৰক্ষী অভিযান চলি আছে। যোৱা বুধবাৰে মহাৰাষ্ট্ৰ আৰক্ষীৰ উগ্ৰপন্থী বিৰোধী শাখাই মুম্বাই, নৱী মুম্বাই, থানে আৰু নাছিকৰ স্থানীয় থানাৰ সহযোগত ১৭ জনকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত ১৪ জন পুৰুষ আৰু তিনিগৰাকী মহিলাও আছে। তেওঁলোকৰ পৰা ভুৱা আধাৰ কাৰ্ড আৰু পেন কাৰ্ডো উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।

শেহতীয়াকৈ দিল্লী আৰক্ষীয়েও কেইবাটাও অভিযান চলাই যোৱা সপ্তাহত ভাৰতত অবৈধভাৱে বসবাস কৰাৰ অপৰাধত দিল্লীৰ পৰা ৫ বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তেওঁলোকে ভাৰতত থাকিবলৈ কোনোধৰণৰ বৈধ নথি দেখুৱাব নোৱাৰিলে। মুঠ ১১ জন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি সদৰি কৰিছে। ইয়াৰে পাঁচজন বাংলাদেশী আৰু বাকীসকলে ভুৱা নথি-পত্ৰ তৈয়াৰ কৰাত সহায় কৰা বুলি অভিযোগ উত্থাপন কৰিছে। সম্প্ৰতি দেশত পুনৰ অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সমস্যাই উদ্বেগৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post