--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ ৰামনগৰৰ পৰা পোহৰলৈ আহিছে এক আশ্চৰ্যজনক ঘটনা ৷ এগৰাকী ৪০ বছৰীয়া মহিলাই নিজৰ এমহীয়া সন্তানটো ডেৰ লাখ টকাত বিক্ৰী কৰে। স্বামীৰ ঋণ পৰিশোধ কৰিবলৈ তেওঁ এই পদক্ষেপ লৈছিল বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ইতিমধ্যে মহিলাগৰাকী, তেওঁৰ দুই সহযোগী আৰু শিশুটি ক্ৰয় কৰা মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে। শিশুটিক উদ্ধাৰ কৰি মাণ্ড্যাৰ শিশু কল্যাণ গৃহলৈ প্ৰেৰণ কৰা হৈছে। 

মহিলাগৰাকীৰ স্বামী দৈনন্দিন মজুৰি শ্ৰমিক। যোৱা ৭ ডিচেম্বৰত তেওঁ আৰক্ষীৰ এজাহাৰ দাখিল কৰিছিল। তেওঁ ক’লে যে তেওঁৰ নৱজাত পুত্ৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। পত্নীক লৈ তেওঁৰ সন্দেহ হৈছিল। দম্পতীটোৰ পাঁচটা সন্তান আছে। কম উপাৰ্জনৰ ইমান বৃহৎ পৰিয়ালৰ খৰচ পৰিচালনা কৰাটো তেওঁলোকৰ বাবে কঠিন হৈ পৰিছিল। সেয়েহে তেওঁৰ ঋণৰ বোজা বৃদ্ধি পাইছিল।

স্বামীয়ে আৰক্ষীক জনোৱা মতে তেওঁৰ ৩ লাখতকৈ অধিক ঋণ আছে। কিছুদিন আগতে তেওঁৰ পত্নীয়ে কৈছিল যে,‘আমি আমাৰ নৱজাতক সন্তানটো সন্তানহীন দম্পতীক বিক্ৰী কৰিব পাৰো। ইয়াৰ দ্বাৰা ঋণ পৰিশোধ হ’ব। মই সম্পূৰ্ণৰূপে নাকচ কৰিলোঁ। মই কলো কেতিয়াও তেনেকৈ নাভাবিবা।’ 

৫ ডিচেম্বৰৰ সন্ধিয়া নিৰুদ্দেশ হৈছিল শিশুটি। স্বামীয়ে ক’লে যে ‘মই কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতি আহোঁতে মোৰ ল’ৰাটো নিৰুদ্দেশ হৈ আছিল। সোধাত পত্নীয়ে ক’লে যে শিশুটিৰ স্বাস্থ্য ভাল নহয়। আত্মীয় এজনৰ সৈতে ডাক্তৰৰ ওচৰলৈ পঠিয়াই দিলে। এই কথা শুনি মই মোক খাদ্য গ্ৰহন কৰিলো আৰু শুবলৈ বিচনালৈ গলোঁ।’

স্বামীয়ে ক’লে যে পিছদিনা ৰাতিপুৱা মই কামলৈ গৈ ৰাতি আহিলোঁ, কিন্তু মোৰ ল’ৰাটো নিৰুদ্দেশ। মোৰ পত্নীয়ে আকৌ একেখিনি কথাই আওৰাই ক’লে। এইবাৰ মোৰ সন্দেহ হৈছিল। মোৰ ল’ৰাটো থকা ডাক্তৰ বা আত্মীয়ৰ নম্বৰটো সুধিলোঁ, কিন্তু তেওঁ নাকচ কৰিলে। এই বিষয়ত আমাৰ মাজত বিবাদ হৈছিল।’

পিছদিনা স্বামীয়ে আৰক্ষীৰ ওচৰলৈ গৈ এজাহাৰ দাখিল কৰে। ইয়াৰ পিছত মহিলা আৰক্ষীৰ এটা দল মহিলাগৰাকীৰ ওচৰলৈ যায়। এজন তদন্তকাৰী বিষয়াই কয় যে মহিলাগৰাকীয়ে আমাক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ কয় যে শিশুটি তেওঁৰ আত্মীয়ৰ লগত আছে। অধিক জেৰাত তেওঁ স্বীকাৰ কৰে যে তেওঁ শিশুটিক বেংগালুৰুৰ এগৰাকী অকলশৰীয়া মহিলাক ডেৰ লাখ টকাত বিক্ৰী কৰিছিল। আৰক্ষীয়ে মহিলাগৰাকীক বেংগালুৰুলৈ লৈ গৈ শিশুটিক উদ্ধাৰ কৰে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাতৃৰ লগতে শিশুটি বিক্ৰীৰ কামত সহায় কৰা দুই সহযোগী আৰু শিশুটি ক্ৰয় কৰা মহিলাগৰাকীক।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ