--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিমান যাত্ৰীসকলৰ বাবে এটা সুখবৰ৷ এতিয়াৰ পৰা বিমানবন্দৰত যাত্ৰীসকলৰ বাবে কম দামতে উপলব্ধ থাকিব চাহ, চিঙৰা আদি খাদ্যসামগ্ৰী৷ সম্প্ৰতি এক নতুন আঁচনিৰ জৰিয়তে বিমানবন্দৰত আত্যাধিক দামত ক্ৰয় কৰিবলগীয়া খাদ্য-পানীয় আদি সুলভ কৰি তোলা হৈছে। 

এই আঁচনিৰ অধীনত বিমানবন্দৰত ইকনমিক জ’নৰ সৃষ্টি কৰা হ’ব, য’ত যাত্ৰীসকলে ৬০ৰ পৰা ৭০ শতাংশ কম হাৰত খাদ্য আৰু পানীয় লাভ কৰিব। এই আঁচনিৰ মূল লক্ষ্য হৈছে ভ্ৰমণকাৰীসকলক ব্যয়বহুল খাদ্যৰ পৰা সকাহ পৰা সকাহ দিয়া যাতে যাত্ৰীসকলৰ ভ্ৰমণ অভিজ্ঞতাত তিক্ততা নাহে ।

বৰ্তমান বিমানবন্দৰ সমূহত চাহৰ দাম ১২৫ টকাৰ পৰা ২০০ টকা হোৱাৰ পৰিৱৰ্তে ইকনমি জ’নত একে চাহ মাত্ৰ ৫০ৰ পৰা ৬০ টকাত উপলব্ধ হ’ব। একেদৰে ৬০-৭০ শতাংশ কম মূল্যত অন্যান্য খাদ্যসামগ্ৰী উপলব্ধ হ’ব। আৰু যাত্ৰীসকলে কাউণ্টাৰৰ পৰাই খাদ্য লৈ যাব পাৰিব৷ যিহেতু এই আঁচনিৰ অধীনত বিমানবন্দৰত কাউণ্টাৰ ব্যৱস্থা থাকিব, য’ত যাত্ৰীসকলে নিজৰ প্ৰয়োজনায় খাদ্য সামগ্ৰী নিজেই বাছি ল’ব পাৰিব। অৱশ্যে বিমানবন্দৰত বহাৰ ব্যৱস্থা নাথাকিব৷

উল্লেখযোগ্য যে এই আঁচনিয়ে বিমানবন্দৰৰ ব্যয়বহুল খাদ্য সামগ্ৰীৰ খৰচ হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলক এক অৰ্থনৈতিক বিকল্প প্ৰদন কৰিছে এই ব্যৱস্থাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ