--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অযোধ্যাৰ ৰাম মন্দিৰ আক্ৰমণৰ ভাবুকি খালিস্তানী সন্ত্ৰাসবাদীৰ৷ শেহতীয়া খবৰ অনুসৰি ৰাম মন্দিৰকে ধৰি অন্য হিন্দু মন্দিৰসমূহতো আক্ৰমণৰ ভাবুকি দিছে এটা শীখ সন্ত্ৰাসবাদী সংগঠনে৷ নিষিদ্ধ শিখছ ফৰ জাষ্টিছ চমুকৈ এছ এফ জে সংগঠনটোৱে প্ৰকাশ কৰা এটা ভিডিঅ’ বাৰ্তাত ১৬-১৭ নৱেম্বৰত হিন্দু উপাসনাস্থলীত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰিব বুলি ভাবুকি প্ৰদান কৰিছে।

ভিডিঅ’ বাৰ্তাটোত হিংসাত্মক হিন্দুত্ববাদী মতাদৰ্শৰ উৎপত্তিস্থল অযোধ্যাৰ ভেটি কঁপাই দিয়া হ’ব বুলি কোৱাৰ লগতে, ভাৰতৰ অন্যান্য পবিত্ৰ স্থানসমূহৰ প্ৰতিও ভাবুকি প্ৰদান কৰিছে। আৰু এই ভিডিঅ’টোত ৰাম মন্দিৰ উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰাৰ্থনা কৰা ছবি দেখা গৈছে। লগতে কানাডাত থকা ভাৰতীয়সকলকো হিন্দু মন্দিৰত খালিস্তানীৰ আক্ৰমণৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছে সংগঠনটোৱে।

পান্নুনে যাত্ৰীসকলক ১ৰ পৰা ১৯ নৱেম্বৰৰ সয়ছোৱাত এয়াৰ ইণ্ডিয়াৰ বিমানত যাতায়ত কৰিব নালাগে বুলি সকীয়াই দি কৈছিল এই সময়ছোৱা ১৯৮৪ চনৰ “শিখ গণহত্যা”ৰ ৪০ বছৰীয়া জয়ন্তীৰ সৈতে মিল আছে বুলি কয়৷

উল্লেখযোগ্য যে ২০২০ চনৰ জুলাই মাহত পান্নুনক ইউএপিএৰ অধীনত সন্ত্ৰাসবাদী হিচাপে চিহ্নিত কৰা হৈছিল।ভাৰত চৰকাৰেও তেওঁক গ্ৰেপ্তাৰৰ বাবে একাধিক ৱাৰেণ্ট জাৰি কৰাৰ পাছতো কৰায়ত্ত কৰিব পৰা নাই৷কাৰণ আমেৰিকা আৰু কানাডাৰ পৰাই হিংসাত্মক কাৰ্যকলাপ পৰিচালনা কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ