--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জল্পনা-কল্পনাৰ অন্ত নাই। দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰে সক্ৰিয় ৰাজনীতিৰ সৈতে যুক্ত হ’ব বুলি চলা চৰ্চাই এতিয়া নতুন মাত্ৰা লাভ কৰিছে। প্রথমে কংগ্ৰেছৰ সৈতে তেওঁ যুক্ত হ’ব বুলি চলা চৰ্চাৰ পাছত এতিয়া নতুন দল গঠনক লৈ চলিছে ব্যাপক চৰ্চা। তেওঁৰ এটা টুইটক লৈ এই চৰ্চাৰ আৰম্ভণি হৈছিল। বিহাৰৰ পৰা নতুন যাত্ৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল পিকে। কিন্তু তেওঁ শেহতীয়াকৈ দল গঠনৰ কথা অস্বীকাৰ কৰিছে। এতিয়াই কোনো ৰাজনৈতিক দল তেওঁ গঠন নকৰে বুলি মন্তব্য কৰিছে। অৱশ্যে এই সম্ভাৱনাক একেবাৰে উলাই কৰা নাই।

শেহতীয়াকৈ তেওঁ মন্তব্য কৰিছে যে, তেওঁৰ ‘জন সুৰয’ কৰ্মসূচীত বিগত সময়ত ১৭-১৮ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে। তেওঁ যদিহে নতুন কোনো পৰিকল্পনা কৰে তেন্তে এই সম্পৰ্কে পৰৱৰ্তী সময়ত বিবেচনা কৰিব। নতুন দল গঠন সম্পৰ্কত তেওঁ মন্তব্য কৰিছে যে, আমি যদিহে নতুন দল গঠনৰ কথা ভাবো তেন্তে সেয়া নিৰ্বাচনৰ ছমাহ আগতেও কৰা সম্ভৱ হ’ব পাৰে। এই মুহূৰ্তত ৰাজ্যত কোনো নিৰ্বাচন নাই।

তেওঁৰ এই মন্তব্যক লৈ ৰাজনৈতিক মহলত পুনৰ চৰ্চা আৰম্ভ হৈছে। বিহাৰ নিৰ্বাচনৰ আগে আগে প্ৰশান্ত কিশোৰে দল গঠন কৰি সক্ৰিয় ৰাজনীতিত তেওঁ অৱতীৰ্ণ হ’ব নেকি বুলিও চলিছে চৰ্চা। তদুপৰি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি লৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি তাক লৈ চৰ্চা চলিছে। কিয়নো তেওঁ কৈছে যে, সমাগত তিনি-চাৰি বছৰত তেওঁ জনগণৰ কাষ চপাৰ চেষ্টা কৰি যাব বুলি মন্তব্য কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে পিকেৰ এই বাৰ্তা দেশৰ ৰাজনীতিৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

ইফালে, নতুন বিহাৰ নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰি খেলপথাৰত নমাৰ কথা ঘোষণা কৰিছে পিকেই। তেওঁ ৩০০০ কিলোমিটাৰ পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ