--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জল্পনা-কল্পনাৰ অন্ত নাই। দেশৰ আগশাৰীৰ নিৰ্বাচনী ৰণকৌশল নিৰ্ধাৰক প্ৰশান্ত কিশোৰে সক্ৰিয় ৰাজনীতিৰ সৈতে যুক্ত হ’ব বুলি চলা চৰ্চাই এতিয়া নতুন মাত্ৰা লাভ কৰিছে। প্রথমে কংগ্ৰেছৰ সৈতে তেওঁ যুক্ত হ’ব বুলি চলা চৰ্চাৰ পাছত এতিয়া নতুন দল গঠনক লৈ চলিছে ব্যাপক চৰ্চা। তেওঁৰ এটা টুইটক লৈ এই চৰ্চাৰ আৰম্ভণি হৈছিল। বিহাৰৰ পৰা নতুন যাত্ৰা আৰম্ভ কৰিব বুলি ঘোষণা কৰি চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল পিকে। কিন্তু তেওঁ শেহতীয়াকৈ দল গঠনৰ কথা অস্বীকাৰ কৰিছে। এতিয়াই কোনো ৰাজনৈতিক দল তেওঁ গঠন নকৰে বুলি মন্তব্য কৰিছে। অৱশ্যে এই সম্ভাৱনাক একেবাৰে উলাই কৰা নাই।

শেহতীয়াকৈ তেওঁ মন্তব্য কৰিছে যে, তেওঁৰ ‘জন সুৰয’ কৰ্মসূচীত বিগত সময়ত ১৭-১৮ হাজাৰ লোকে অংশগ্ৰহণ কৰিছে। তেওঁ যদিহে নতুন কোনো পৰিকল্পনা কৰে তেন্তে এই সম্পৰ্কে পৰৱৰ্তী সময়ত বিবেচনা কৰিব। নতুন দল গঠন সম্পৰ্কত তেওঁ মন্তব্য কৰিছে যে, আমি যদিহে নতুন দল গঠনৰ কথা ভাবো তেন্তে সেয়া নিৰ্বাচনৰ ছমাহ আগতেও কৰা সম্ভৱ হ’ব পাৰে। এই মুহূৰ্তত ৰাজ্যত কোনো নিৰ্বাচন নাই।

তেওঁৰ এই মন্তব্যক লৈ ৰাজনৈতিক মহলত পুনৰ চৰ্চা আৰম্ভ হৈছে। বিহাৰ নিৰ্বাচনৰ আগে আগে প্ৰশান্ত কিশোৰে দল গঠন কৰি সক্ৰিয় ৰাজনীতিত তেওঁ অৱতীৰ্ণ হ’ব নেকি বুলিও চলিছে চৰ্চা। তদুপৰি সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি লৈ তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ’ব নেকি তাক লৈ চৰ্চা চলিছে। কিয়নো তেওঁ কৈছে যে, সমাগত তিনি-চাৰি বছৰত তেওঁ জনগণৰ কাষ চপাৰ চেষ্টা কৰি যাব বুলি মন্তব্য কৰিছে। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে পিকেৰ এই বাৰ্তা দেশৰ ৰাজনীতিৰ বাবে বিশেষভাৱে তাৎপৰ্যপূৰ্ণ।

ইফালে, নতুন বিহাৰ নিৰ্মাণ কৰাৰ সংকল্প গ্ৰহণ কৰি খেলপথাৰত নমাৰ কথা ঘোষণা কৰিছে পিকেই। তেওঁ ৩০০০ কিলোমিটাৰ পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ