--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভ মেলা অন্তিম পর্যায়ত উপনীত হৈছে। অহা ২৬ ফেব্রুৱাৰীত ত্রিবেণী সংগমত মহাশিৱৰাত্রি উপলক্ষে হ'বলগীয়া 'অমৃত স্নান'ৰ লগে লগে বিশ্বৰ অন্যতম বৃহৎ মহাসমাগমৰ অন্ত পৰিব। 

সপ্তাহটোৰ অন্তত মহাকুম্ভত 'পৱিত্র স্নান' কৰাৰ বাবে দেওবাৰে প্রয়াগৰাজলৈ অগণিত ভক্তৰ সোঁত বয় আৰু প্রয়াগৰাজ অভিমুখী পথবোৰত ২৫ কিঃমিঃ পর্যন্ত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। 

কেইবাঘণ্টা ধৰি ভক্তসকল যান-জঁটৰ বাবে পথত আবদ্ধ হৈ ৰয়। অৱশ্যে, পৰৱৰ্তী সময়ত কর্তৃপক্ষৰ প্ৰচেষ্টাত যান-জঁট নাইকিয়া হয়। তদুপৰি, পণ্ডিত দীনদয়াল উপাধ্যায় ৰে'লৱে জংচনতো বৃহৎসংখ্যক লোকৰ সমাগম হয়। 

ইফালে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীয়ে কয় যে এতিয়ালৈকে ৬২ কোটি লোক মহাকুম্ভলৈ আহিছে। মুখ্যমন্ত্রীজনে কয় যে এটা নির্দিষ্ট সময়ত মহাকুম্ভলৈ বৃহৎসংখ্যক লোকৰ সমাগম হোৱাটোৱে মহাকুম্ভক এই 'শতিকাটোৰ অন্যতম বিৰল অনুষ্ঠান' হিচাপে পৰিগণিত কৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ