--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভ মেলা অন্তিম পর্যায়ত উপনীত হৈছে। অহা ২৬ ফেব্রুৱাৰীত ত্রিবেণী সংগমত মহাশিৱৰাত্রি উপলক্ষে হ'বলগীয়া 'অমৃত স্নান'ৰ লগে লগে বিশ্বৰ অন্যতম বৃহৎ মহাসমাগমৰ অন্ত পৰিব। 

সপ্তাহটোৰ অন্তত মহাকুম্ভত 'পৱিত্র স্নান' কৰাৰ বাবে দেওবাৰে প্রয়াগৰাজলৈ অগণিত ভক্তৰ সোঁত বয় আৰু প্রয়াগৰাজ অভিমুখী পথবোৰত ২৫ কিঃমিঃ পর্যন্ত ব্যাপক যান-জঁটৰ সৃষ্টি হয়। 

কেইবাঘণ্টা ধৰি ভক্তসকল যান-জঁটৰ বাবে পথত আবদ্ধ হৈ ৰয়। অৱশ্যে, পৰৱৰ্তী সময়ত কর্তৃপক্ষৰ প্ৰচেষ্টাত যান-জঁট নাইকিয়া হয়। তদুপৰি, পণ্ডিত দীনদয়াল উপাধ্যায় ৰে'লৱে জংচনতো বৃহৎসংখ্যক লোকৰ সমাগম হয়। 

ইফালে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীয়ে কয় যে এতিয়ালৈকে ৬২ কোটি লোক মহাকুম্ভলৈ আহিছে। মুখ্যমন্ত্রীজনে কয় যে এটা নির্দিষ্ট সময়ত মহাকুম্ভলৈ বৃহৎসংখ্যক লোকৰ সমাগম হোৱাটোৱে মহাকুম্ভক এই 'শতিকাটোৰ অন্যতম বিৰল অনুষ্ঠান' হিচাপে পৰিগণিত কৰিছে।

উৎস- দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল