--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি মহাশিৱৰাত্ৰি৷ শিৱভক্তিত গদগদ হৈ পৰিছে সকলো ভক্তৰ হৃদয়৷ শিৱ মন্দিৰে-মন্দিৰে ভিৰ লাগিছে ভক্তৰ৷ ই ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ। হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয়। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ ৰাতি/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে, কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয়।

হিন্দুসকলৰ এই গুৰুত্বপূৰ্ণ উৎসৱত জীৱন আৰু বিশ্বৰ "অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা"ৰ পণ স্মৰণ কৰা হয়। ইয়াত ভক্তসকলে শিৱৰ আৰতি পাঠ, উপবাস, যোগ আদি নিয়ম পালে। কিছু ভক্ত ওৰে ৰাতি সাৰে থাকে। কোনো কোনোৱে শিৱ মন্দিৰ বা জ্যোতিৰ্লিংগ দৰ্শন কৰিবলৈ যায়। এই প্ৰাচীন হিন্দু উৎসৱৰ আৰম্ভণিৰ তাৰিখ জনা নাযায়।

কাশ্মীৰ শৈৱধৰ্মত এই উৎসৱক ভক্তসকলে হৰ-ৰাত্ৰি বা সহজ উচ্চাৰণৰ Haerath বা Herath বুলি কয়।

কিছুসংখ্যক যোগীৰ মতে মহা শিৱৰাত্ৰিৰ দিনাই শিৱই হলাহল পান কৰি পৃথিৱী ৰক্ষা কৰিছিল। স্কন্দ পুৰাণ, লিংগ পুৰাণ আৰু পদ্ম পুৰাণ আদি পুৰাণত মহা শিৱৰাত্ৰিৰ উল্লেখ আছে। এইবোৰ মধ্যযুগীয় পাঠত উৎসৱটোৰ লগত জড়িত বেলেগ বেলেগ কিংবদন্তি আছে, কিন্তু সকলোতে উপবাস আৰু শিৱৰ প্ৰতীক যেনে লিংগৰ প্ৰতি সন্মান প্ৰদৰ্শন উল্লেখ কৰা হৈছে।

মহা শিৱৰাত্ৰিৰ গুৰুত্ব বৰ্ণনা কৰা বেলেগ বেলেগ কাহিনী আছে। শৈৱধৰ্মৰ তেনে এটা কাহিনী অনুসৰি এই নিশাই শিৱই সৃষ্টি, পালন আৰু ধ্বংসৰ স্বৰ্গীয় নৃত্য কৰিছিল। প্ৰাৰ্থনা, শিৱ ত্ৰোস্তৰ পাঠ আৰু ভক্তসকলৰ সমবেত কণ্ঠ এই মহাজাগতিক নৃত্যত যোগ হৈ সকলোতে শিৱৰ উপস্থিতি সোঁৱৰায়। আন এক কাহিনী অনুসৰি এই নিশাই শিৱ আৰু পাৰ্বতীৰ বিবাহ হৈছিল।

আন এক জনশ্ৰুতি মতে শিৱৰ প্ৰতীক যেনে লিংগত উছৰ্গা কৰি কোনো পাপ থাকিলে সেয়া খণ্ডাই পুণ্যৰ পথত চলিব পাৰি আৰু শেষত মুক্তি লভিব পাৰি।

এই উৎসৱৰ লগত নৃত্যৰ পৰম্পৰাৰ সংযোগ ঐতিহাসিক। বৃহৎ হিন্দু মন্দিৰ যেনে কোণাৰ্ক, খাজোৰাহো, পাট্টাডকল, সূৰ্য মন্দিৰ, মধেৰা, মধেৰা আৰু থিল্লাই নটৰাজ মন্দিৰত এই সময়ত বাৰ্ষিক নৃত্য উৎসৱৰ বাবে শিল্পীসকলৰ সমাগম হয়।

নাট্য শাস্ত্ৰৰ মুদ্ৰাবোৰৰ বাবে প্ৰখ্যাত চিদাম্বৰম মন্দিৰত ইয়াক নৃত্যাঞ্জলি, বা "নৃত্যৰ জৰিয়তে উপাসনা" বোলা হয়। একেদৰে খাজোৰাহো শিৱ মন্দিৰসমূহত মহা শিৱৰাত্ৰিত মেলা আৰু নৃত্যৰ উৎসৱৰ লগতে মাইলৰ পিছত মাইল শিৱ ভক্তৰ শিবিৰৰ কথা ১৮৬৪ চনত আলেকজেণ্ডাৰ কানিংহামে লিখি গৈছে।

উৎস- ৱিকিপিডিয়া

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ