--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ আছে,য'ত ডাইন'চৰ (Dinosaur) পোৱালিৰ এটা দলক সাগৰৰ পাৰত দৌৰি থকা দেখা গৈছে। ভিডিঅ'টো বুইটেংবিডেন নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা হৈছে। ভিডিঅ'টোত থকা প্ৰাণীবোৰ ক'লা দীঘল ডিঙিৰ ডেকা ডাইনোচৰ প্ৰজাতিৰ চাৰুপডৰ দৰে দেখা গৈছিল। ১৪ছেকেণ্ডৰ ভিডিঅ'টোৱে টুইটাৰ ব্যৱহাৰকাৰীসকলক বিভ্ৰান্ত কৰি তোলে।  সঁচাকৈয়ে এই পৃথিৱীত এতিয়াও ডাইন'চৰ  আছে নেকি? ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে ধুমুহাৰ গতিত ই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

অৱশ্যে, কিছুমানে লগে লগে আৱিষ্কাৰ কৰিলে যে এইবোৰ ডাইন'চৰৰ পোৱালি নহয়। এই প্ৰাণীবিধৰ নাম কোটিছ(coatis), যাক কোটিমুণ্ডি বুলিও জনা যায়। এই প্ৰাণী প্ৰচিওনিডা পৰিয়ালৰ সদস্য। কোটিছ হৈছে দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, মেক্সিকো আৰু দক্ষিণ-পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থানীয় স্তন্যপায়ী প্ৰাণী। 


 চাওক ভিডিঅ'

ভিডিঅ'টো টুইটাৰত ৩০ নিযুততকৈও অধিক বাৰ চোৱা হৈছে আৰু ৬৪,০০০ তকৈও অধিক বাৰ ৰিটুইট কৰা হৈছে। 

ভিডিঅ'টো ভালকৈ চালে ধৰিব পাৰি যে মানুহক বিভ্ৰান্ত কৰিবলৈ কোটিছৰ দলটোৱে দৌৰি থকা ভিডিঅ' ওলোটা কৰি দেখুওৱা হৈছিল। সেয়েহে ইহঁতক দৌৰি থকা অৱস্থাত দেখোতে ডাইন'চৰ পোৱালি দৌৰি থকা দেখা যেন দেখা গৈছিল।


 
কোটিছ

উল্লেখ্য যে প্ৰাপ্তবয়স্ক কোটিছৰ আকাৰ মুৰৰ পৰা নেজলৈ ৩৩ ৰ পৰা ৬৯ চেমি (১৩ ৰ পৰা ২৭ ইঞ্চি) হয়। ইয়াৰ ওজন হয় ২ ৰ পৰা ৪ কিলোগ্ৰামৰ ভিতৰত।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত