--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' ভাইৰেল হৈ আছে,'ত ডাইন'চৰ (Dinosaur) পোৱালিৰ এটা দলক সাগৰৰ পাৰত দৌৰি থকা দেখা গৈছে। ভিডিঅ'টো বুইটেংবিডেন নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰা হৈছে। ভিডিঅ'টোত থকা প্ৰাণীবোৰ ক'লা দীঘল ডিঙিৰ ডেকা ডাইনোচৰ প্ৰজাতিৰ চাৰুপডৰ দৰে দেখা গৈছিল। ১৪ছেকেণ্ডৰ ভিডিঅ'টোৱে টুইটাৰ ব্যৱহাৰকাৰীসকলক বিভ্ৰান্ত কৰি তোলে।  সঁচাকৈয়ে এই পৃথিৱীত এতিয়াও ডাইন'চৰ  আছে নেকি? ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে ধুমুহাৰ গতিত ই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

অৱশ্যে, কিছুমানে লগে লগে আৱিষ্কাৰ কৰিলে যে এইবোৰ ডাইন'চৰৰ পোৱালি নহয়। এই প্ৰাণীবিধৰ নাম কোটিছ(coatis), যাক কোটিমুণ্ডি বুলিও জনা যায়। এই প্ৰাণী প্ৰচিওনিডা পৰিয়ালৰ সদস্য। কোটিছ হৈছে দক্ষিণ আমেৰিকা, মধ্য আমেৰিকা, মেক্সিকো আৰু দক্ষিণ-পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থানীয় স্তন্যপায়ী প্ৰাণী। 


 চাওক ভিডিঅ'

ভিডিঅ'টো টুইটাৰত ৩০ নিযুততকৈও অধিক বাৰ চোৱা হৈছে আৰু ৬৪,০০০ তকৈও অধিক বাৰ ৰিটুইট কৰা হৈছে। 

ভিডিঅ'টো ভালকৈ চালে ধৰিব পাৰি যে মানুহক বিভ্ৰান্ত কৰিবলৈ কোটিছৰ দলটোৱে দৌৰি থকা ভিডিঅ' ওলোটা কৰি দেখুওৱা হৈছিল। সেয়েহে ইহঁতক দৌৰি থকা অৱস্থাত দেখোতে ডাইন'চৰ পোৱালি দৌৰি থকা দেখা যেন দেখা গৈছিল।


 
কোটিছ

উল্লেখ্য যে প্ৰাপ্তবয়স্ক কোটিছৰ আকাৰ মুৰৰ পৰা নেজলৈ ৩৩ ৰ পৰা ৬৯ চেমি (১৩ ৰ পৰা ২৭ ইঞ্চি) হয়। ইয়াৰ ওজন হয় ২ ৰ পৰা ৪ কিলোগ্ৰামৰ ভিতৰত।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ