--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত প্ৰখৰ সূৰ্যৰ তাপ আৰু উৎকট গৰম বতাহে জনজীৱন বিপৰ্যস্ত কৰি তোলে। এনে পৰিস্থিতিত স্বাস্থ্যৰ বিশেষভাৱে যত্ন লোৱা উচিত। একেদৰে অসমৰ লগতে উত্তৰ ভাৰতৰ তাপমাত্ৰা ৪৫ ডিগ্ৰীপৰ্যন্তলৈ বৃদ্ধি পাব ধৰিছে। এই উৎকট গৰমৰ পৰা সকাহ পাবলৈ আপুনি নিয়মিতভাৱে পদিনা সেৱন কৰিব পাৰে। কাৰণ গ্ৰীষ্মকালত পদিনা ঔষধতকৈ কোনো গুণে কম নহয়। পদিনা হৈছে ভিটামিন-চি আৰু খনিজ পদাৰ্থৰ উৎস। সেয়েহে পদিনাই আমাৰ শৰীৰক কেনেদৰে লাভান্বিত কৰে জানো আহক।

 পদিনা পাতৰ আছে ৭টা লাভালাভ-

 ১. ছালৰ বাবে উপকাৰীঃ-পদিনাই ছালক একপ্ৰকাৰৰ শক্তি প্ৰদান কৰে, যাৰ বাবে ইয়াৰ পাতবোৰ বহুতো সৌন্দৰ্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়। পদিনাই ছালৰ আৰ্দ্ৰতা বজাই ৰাখে। ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণাগুণ আছে যি ছালৰ লেতেৰা আঁতৰ কৰে।

 ২. পাচনতন্ত্ৰ শক্তিশালী কৰেঃ-পদিনাই পাচনতন্ত্ৰক শক্তিশালী কৰে। ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিচেপ্টিক গুণ আছে যি পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে। একাপ পানী পাতলকৈ গৰম কৰক আৰু ইয়াত আধা চামুচ পদিনাৰ ৰস মিহলি কৰি সেৱন কৰিলে উপকাৰ পাব।

 ৩. চৰ্দি-জ্বৰত আৰাম দিয়েঃ-যদি আপুনি ঋতু পৰিৱৰ্তনৰ ফলত হোৱা চৰ্দি-জ্বৰৰ দৰে সমস্যাৰ সন্মুখীন হয়, তেনেহ'লে আপুনি পদিনা পাত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। আনকি ডিঙিৰ বিষ, হ’লেও পদিনা ৰস খালে আৰাম পায়। ইয়াৰ বাহিৰেও যদি নাক বন্ধ থাকে, তেন্তে পদিনা পাতৰ গোন্ধ ল’লে উপকৃত হ’ব।

 ৪. ওজন হ্ৰাস কৰাত সহায়কঃ-পদিনাত কেলৰিৰ পৰিমাণ যথেষ্ট কম, ইয়াক গ্ৰহণ কৰিলে অতিৰিক্ত কেলৰি শৰীৰত উপনীত নহয় কাৰণে ওজন হ্ৰাস হোৱাৰ আৰম্ভ কৰে। এই কাৰণে পেটৰ চৰ্বি বাঢ়িলে পদিনা খোৱা উচিত।

 ৫. মানসিক চাপৰ পৰা সকাহ দিয়েঃ-খুব কম লোকেই জানে যে পদিনা মানসিক স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। মানসিক চাপৰ ফলত বহুতো সমস্যা উদ্ভৱ হ’ব পাৰে। কিন্তু পদিনাৰ পাতত থকা অক্সিডেটিভ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে।

 ৬. মুখৰ গোন্ধৰ পৰা সকাহ দিয়েঃ-পদিনাৰ মুখৰ বেক্টেৰিয়া ধ্বংস কৰাৰ ক্ষমতা আছে। যদি আমি দীঘলীয়া সময়ৰ বাবে মুখ পৰিষ্কাৰ নকৰাৰ ফলত মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। কিন্তু পদিনাৰ পাতে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে।

 ৭. মুৰৰ বিষৰ পৰা সকাহঃ-গ্ৰীষ্মকালত বহু লোকৰ তীব্ৰ মূৰৰ বিষ হয়, তেওঁলোকে পুদিনাৰ পৰা তৈয়াৰ কৰা তেল বা মলম মূৰত লগালেও মূৰৰ বিষৰ পৰা সকাহ পাব পাৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত