--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গ্ৰীষ্মকালত প্ৰখৰ সূৰ্যৰ তাপ আৰু উৎকট গৰম বতাহে জনজীৱন বিপৰ্যস্ত কৰি তোলে। এনে পৰিস্থিতিত স্বাস্থ্যৰ বিশেষভাৱে যত্ন লোৱা উচিত। একেদৰে অসমৰ লগতে উত্তৰ ভাৰতৰ তাপমাত্ৰা ৪৫ ডিগ্ৰীপৰ্যন্তলৈ বৃদ্ধি পাব ধৰিছে। এই উৎকট গৰমৰ পৰা সকাহ পাবলৈ আপুনি নিয়মিতভাৱে পদিনা সেৱন কৰিব পাৰে। কাৰণ গ্ৰীষ্মকালত পদিনা ঔষধতকৈ কোনো গুণে কম নহয়। পদিনা হৈছে ভিটামিন-চি আৰু খনিজ পদাৰ্থৰ উৎস। সেয়েহে পদিনাই আমাৰ শৰীৰক কেনেদৰে লাভান্বিত কৰে জানো আহক।

 পদিনা পাতৰ আছে ৭টা লাভালাভ-

 ১. ছালৰ বাবে উপকাৰীঃ-পদিনাই ছালক একপ্ৰকাৰৰ শক্তি প্ৰদান কৰে, যাৰ বাবে ইয়াৰ পাতবোৰ বহুতো সৌন্দৰ্য সামগ্ৰীত ব্যৱহাৰ কৰা হয়। পদিনাই ছালৰ আৰ্দ্ৰতা বজাই ৰাখে। ইয়াৰ এণ্টিবেক্টেৰিয়েল গুণাগুণ আছে যি ছালৰ লেতেৰা আঁতৰ কৰে।

 ২. পাচনতন্ত্ৰ শক্তিশালী কৰেঃ-পদিনাই পাচনতন্ত্ৰক শক্তিশালী কৰে। ইয়াৰ এণ্টিবেক্টেৰিয়েল আৰু এণ্টিচেপ্টিক গুণ আছে যি পেটৰ সমস্যাৰ পৰা সকাহ দিয়ে। একাপ পানী পাতলকৈ গৰম কৰক আৰু ইয়াত আধা চামুচ পদিনাৰ ৰস মিহলি কৰি সেৱন কৰিলে উপকাৰ পাব।

 ৩. চৰ্দি-জ্বৰত আৰাম দিয়েঃ-যদি আপুনি ঋতু পৰিৱৰ্তনৰ ফলত হোৱা চৰ্দি-জ্বৰৰ দৰে সমস্যাৰ সন্মুখীন হয়, তেনেহ'লে আপুনি পদিনা পাত ব্যৱহাৰ কৰিলে উপকৃত হ’ব। আনকি ডিঙিৰ বিষ, হ’লেও পদিনা ৰস খালে আৰাম পায়। ইয়াৰ বাহিৰেও যদি নাক বন্ধ থাকে, তেন্তে পদিনা পাতৰ গোন্ধ ল’লে উপকৃত হ’ব।

 ৪. ওজন হ্ৰাস কৰাত সহায়কঃ-পদিনাত কেলৰিৰ পৰিমাণ যথেষ্ট কম, ইয়াক গ্ৰহণ কৰিলে অতিৰিক্ত কেলৰি শৰীৰত উপনীত নহয় কাৰণে ওজন হ্ৰাস হোৱাৰ আৰম্ভ কৰে। এই কাৰণে পেটৰ চৰ্বি বাঢ়িলে পদিনা খোৱা উচিত।

 ৫. মানসিক চাপৰ পৰা সকাহ দিয়েঃ-খুব কম লোকেই জানে যে পদিনা মানসিক স্বাস্থ্যৰ বাবেও যথেষ্ট উপকাৰী। মানসিক চাপৰ ফলত বহুতো সমস্যা উদ্ভৱ হ’ব পাৰে। কিন্তু পদিনাৰ পাতত থকা অক্সিডেটিভ মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে।

 ৬. মুখৰ গোন্ধৰ পৰা সকাহ দিয়েঃ-পদিনাৰ মুখৰ বেক্টেৰিয়া ধ্বংস কৰাৰ ক্ষমতা আছে। যদি আমি দীঘলীয়া সময়ৰ বাবে মুখ পৰিষ্কাৰ নকৰাৰ ফলত মুখৰ দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। কিন্তু পদিনাৰ পাতে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে।

 ৭. মুৰৰ বিষৰ পৰা সকাহঃ-গ্ৰীষ্মকালত বহু লোকৰ তীব্ৰ মূৰৰ বিষ হয়, তেওঁলোকে পুদিনাৰ পৰা তৈয়াৰ কৰা তেল বা মলম মূৰত লগালেও মূৰৰ বিষৰ পৰা সকাহ পাব পাৰে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ