--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্বৰ আটাইটকৈ জনসমাদৃত খেল বিধেই হৈছে ফুটবল৷ ক্ৰীড়া প্ৰেমীৰ মনত ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ স্মৃতি এতিয়াও সতেজ হৈ আছে৷ পুনৰবাৰ ক্ৰীড়া প্ৰেমীক আলোড়িত কৰিবলৈ সাজু হৈছে ফিফা বিশ্বকাপ৷ 
 
২০২৬ৰ ফিফা বিশ্বকাপ আমেৰিকা, কানাডা আৰু মেক্সিকো যৌথভৱে আয়োজন কৰিব৷ শেহতীয়া কৈ ফিফাই এক বিবৃতিৰ জৰিয়তে কয় যে ফিফা বিশ্বকাপৰ ২০৩০ আৰু ২০৩৪ সংস্কৰণৰ বাবে আয়োজক দেশৰ নাম ঘোষণা কৰিছে৷

আয়োজক দেশৰ নাম ঘোষণা কৰি ফিফাৰ সভাপতি জিয়ানি ইনফান্টিনোৱে কয় ফিফাই এই সিদ্ধান্তসমূহ ঐক্যমতৰ ভিত্তিত লোৱা বুলি আলোকপাত কৰি কয় যে ফিফাই ঐক্যৰ বাৰ্তা প্ৰেৰণ কৰিছে যিটো সম্প্ৰতি বিভক্ত পৃথিৱীত বিৰল।
  
২০৩০ চনৰ ফুটবল বিশ্বকাপ আয়োজনৰ দায়িত্ব যৌথভৱে লাভ কৰিছে স্পেইন, পৰ্তুগাল আৰু মৰক্কোৱে৷ ইফালে ২০৩৪ চনৰ ফুটবল বিশ্বকাপৰ আয়োজনৰ দায়িত্ব লাভ কৰিছে ছৌদি আৰৱে৷ 

ফিফাৰ সভাপতিগৰাকীয়ে আৰু কয় যে ফিফা ২০২৬ চনত উত্তৰ আমেৰিকাৰ পৰা ২০৩০ চনত দক্ষিণ আমেৰিকালৈ, তাৰ পিছত ২০৩০ চনত আফ্ৰিকা আৰু ইউৰোপলৈ, আৰু তাৰ পিছত ২০৩৪ চনত এছিয়ালৈ যাব। ফিফা ফুটবল জগতৰ বাবে এক মহান সংহতিৰ বাৰ্তা; এইয়া ইতিহাস সৰ্বোত্তম ৰূপ ইতিহাসৰ কিতাপত ফিফাৰ এই সুন্দৰ অধ্যায়, ঐক্য আৰু মানৱতাৰ কিছু পৃষ্ঠা নিশ্চয় থাকিব বুলি মত প্ৰকাশ কৰে৷ 

উল্লেখযোগ্য যে ২০২২ চনৰ কাটাৰ ফিফাৰ বিশ্বকাপত কিংবদন্তি লিয়নেল মেছিৰ দল আৰ্জেণ্টিনাই বিজয়ীৰ খিতাপ দখল কৰে। আকৌ এবাৰ খেলৰ এই মহাসমৰৰ সাজু হৈছে ফিফা বিশ্বকাপ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ