--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ তৃতীয়খন টেষ্ট মেচ ৷ সংবাদ মাধ্যমৰ মতে যশস্বী জয়ছোৱালৰ ওপৰত ৰোহিত শৰ্মাৰ খং । ইয়াৰ কাৰণ যশস্বী জয়ছোৱালৰ এটা ভুল যাৰ বাবে তেওঁক দলে হোটেলতে থৈ দিয়ে ৷খবৰ অনুসৰি যশস্বী জয়ছোৱালে দলীয় বাছত উঠিবলৈ সময়মতে নোপোৱাত খেলুৱৈজনক তাতেই এৰি থৈ যায়। যশস্বীয়ে বাছখনৰ ওচৰ পাওঁতে দলৰ বাছখন ইতিমধ্যে গুচি যায়।


যেতিয়া দলৰ বাছখনে যশস্বী জয়ছোৱালক হোটেলত এৰি থৈ যায়, তেতিয়া বাওঁহাতৰ বেটছমেনজনে বেলেগ এখন গাড়ীৰ সহায় লয়। গাড়ীৰে বিমানবন্দৰ গৈ পায়। ইয়াৰ পিছত তেওঁ দলটোৰ সৈতে এডিলেইডৰ পৰা ব্রিজবেনলৈ উৰা মাৰে। যশস্বী জয়ছোৱালৰ এই পলমকৈ গৈ পোৱাৰ বাবে খং উঠিছিল কেপ্তেইন ৰোহিত শৰ্মাৰ। যশস্বী ৰাতিপুৱা ৮.৩০ বজাত দলৰ বাছত উপস্থিত হোৱাৰ কথা আছিল কিন্তু তেওঁৰ দেৰি হ’ল।

এক প্ৰতিবেদন অনুসৰি ৰোহিত শৰ্মাই জয়ছোৱালক হোটেলতে এৰি যাবলৈ কৈছিল। আচলতে ব্রিজবেনলৈ ভাৰতীয় দলৰ বিমানখন ৰাতিপুৱা ১০.০৫ বজাত আছিল৷ পুৱা ৮.২০ বজাত দলীয় খেলুৱৈসকলে দলীয় বাছত উঠিবলৈ আৰম্ভ কৰিলে। ১০.৩০ বজাৰ ভিতৰত দলীয় বাছখন বিমানবন্দৰলৈ যাব লাগিছিল কিন্তু সময়মতে উপস্থিত নহ’ল জয়ছোৱাল। দলীয় বাছখনেও জয়ছোৱালৰ বাবে অপেক্ষা কৰিছিল, তাৰ পিছত ৰোহিতে বাছৰ পৰা নামি টিম মেনেজাৰ লিয়েছন অফিচাৰৰ লগত কথা পাতিছিল। এই কথা-বতৰাৰ পিছত বাছখন বিমানবন্দৰলৈ ৰাওনা হ’ল। 

স্পষ্টভাৱে যশস্বী জয়ছোৱালৰ এই কাৰ্যত ৰোহিত শৰ্মা খং উঠিব। এতিয়া ইয়াৰ পিছত বিমানবন্দৰত উপস্থিত হৈ ৰোহিত শৰ্মা আৰু অন্যান্য খেলুৱৈৰ ওচৰত তেওঁ ক্ষমা খুজিলে নে নাই সেয়া এতিয়াও জানিব পৰা হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ