--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইপিএল ২০২৫ৰ বাবে ৰিটেনচন তালিকা ঘোষণা কৰিছে দলসমূহে। সমাগত আইপিএলৰ বাবে অনুৰাগীসকলৰ মাজত বৃদ্ধি পাইছে উৎসাহ উদ্দীপনা৷ এইবাৰ আইপিএলত দেখাযাব অভিজ্ঞ খেলুৱৈসকলৰ লগতে বহুকেইগৰাকী নতুন প্ৰতিভা।

কলকাতা নাইট ৰাইডাৰ্ছে শেহতীয়াকৈ প্ৰকাশিত কেকেআৰৰ ৰিটেনচন লিষ্টত নাই অধিনায়ক শ্ৰেয়ছ আয়াৰৰ নাম৷ তিনি বছৰৰ ভিতৰতে অধিনায়কক লৈ মোহভংগ হৈ পৰিল কেকেআৰ।এইবাৰ কেকেআৰে নিলামৰ পূৰ্বে মুঠ ছয়জন ক্ৰিকেটাৰক ৰাখিছে।ৰিংকু সিঙক সৰ্বাধিক ১৩ কোটি টকা, বৰুণ চক্ৰৱৰ্তী, সুনীল নাৰিনে আৰু আন্দ্ৰে ৰাছেলক ১২ কোটি টকাকৈ দিয়া হৈছে।ইয়াৰোপৰি কলকাতাই ঘৰুৱা ক্ৰিকেটাৰ হৰ্ষিত ৰাণা আৰু ৰমনদীপ সিং দুয়োকে ৪ কোটি টকাৰ বনিময়ত দলত ৰাখে। 

আনহাতে ৰাজস্থান ৰয়েলছত পুনৰ বাৰ অসমৰ প্ৰতিভবান ক্ৰিকেটাৰ ৰিয়ান পৰাগ(১৪ কোটি) অন্তৰ্ভুক্ত হৈছে৷ দলটোত সঞ্জু ছেমচন (১৮ কোটি), যশৱী জয়ছোৱাল (১৮ কোটি), ডুভা জুৰেল (১৪ কোটি), শ্বিমৰন হিটমাইৰ(১১ কোটি),সন্দীপ শৰ্মা (৪ কোটি) ৰিটেনচন লিষ্টত ৰাখিছে৷

ইফালে আন আন দল সমূহ-

মুম্বাই ইণ্ডিয়ানছৰ আইপিএল ২০২৫ৰ ৰিটেনচন লিষ্টত আছে অধিনায়ক হাৰ্দিক পাণ্ডিয়া, ৰোহিত শৰ্মা, সূৰ্যকুমাৰ যাদৱ, তিলক বৰ্মা আৰু যশপ্ৰীত বুমৰাহক ৰিটেনচন লিষ্টত ৰাখিছে৷

দিল্লী কেপিটেলে চাৰিজন ক্ৰিকেটাৰক অক্ষৰ পেটেল, কুলদীপ যাদৱ, ট্ৰিষ্টিয়ান ষ্টাবছ আৰু অভিষেক পলক ৰাখিছিল। 

চেন্নাই চুপাৰ কিংছে ৰুতুৰাজ গায়কোৱাড়, ৰবীন্দ্ৰ জাদেজা, মাথিশা পাথিৰানা, এম এছ ধোনীক দলত ৰাখিছে৷

ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুত বিৰাট কোহলী, ৰজত পাটিদাৰ আৰু যশ দয়ালক ৰখা হৈছে৷বিৰাটক ২১ কোটি টকা, পাটিদাৰ ১১ কোটি, আৰু যশ দয়াল ৫ কোটি টকা দিয়া হৈছে৷ 

ছানৰাইজাৰ্ছ হায়দৰাবাদত পেট কামিন্স, অনিষেক শৰ্মা নীতিশ ৰেড্ডী, হাইনৰিখ ক্লাচেনে, ট্ৰেভিছ হেডক ৰিটেনচন লিষ্টত ৰাখিছে৷

লক্ষ্ণৌ চুপাৰ জায়েণ্টছত নিক’লাছ পুৰাণ, ময়ংক যাদৱ, আয়ুষ বাডোনি, ৰবি বিষ্ণৈই আৰু মহছিন খানক ৰিটেনচন লিষ্টত ৰাখিছে৷
 
২০২২ চনৰ চেম্পিয়ন গুজৰাট টাইটানছত ৰছিদ খান (১৮ কোটি), শুভমন গিল (১৬.৫ কোটি), সাই সুদৰ্শন (৮.৫ কোটি), ৰাহুল তেৱাটিয়া (৪ কোটি টকা)
শ্বাহৰুখ খানক (৪ কোটি) ৰিটেনচন লিষ্টত ৰাখিছে৷
 
পাঞ্জাৱ কিংছত শশাংক সিং (৫.৫ কোটি), প্ৰভাসিমৰন সিং(৪ কোটি)ৰিটেনচন লিষ্টত ৰাখিছে৷ এইদৰে আইপিএল ২০২৫ত আকৰ্ষণীয় প্ৰদৰ্শনৰ সাজু হৈছে দল সমূহ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ