--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান গ্ৰীষ্মকাল। সূৰ্যৰ প্ৰখৰ তাপৰ উপৰি শৰীৰৰ ঘাম হৈ পৰে বিৰক্তিৰ কাৰণ। গৰমৰ দিনকেইটাত শৰীৰৰ পৰা অত্যাধিক ঘাম ওলোৱাৰ ফলত প্ৰায়ে পিন্ধি থকা পোছাকত পৰিব পাৰে কঢ়া দাগ। কিন্তু আপোনাৰ পোছাকৰ পৰা ঘামৰ এই কঢ়া দাগ কিদৰে আঁতৰাব? চিন্তাৰ কাৰণ নাই। এই ৫ টা প্ৰণালী ব্যৱহাৰ কৰি চাওকচোন। নিমিষতে এই সমস্যাৰ পৰা পাব পাৰে পৰিত্ৰাণ। 


১. নেমুৰ ৰস: কাপোৰ ধোৱাৰ আগতে, সম পৰিমাণৰ নেমুৰ ৰসৰ সৈতে পানীৰ মিশ্ৰণ তৈয়াৰ কৰক। ঘামৰ দাগ লাগি থকা অংশত নেমুৰ ৰস ঘঁহাৰ অলপ পিছত আপোনাৰ পোছাক ধুই পেলাওক। দেখিব আপোনাৰ কাপোৰৰ দাগ আঁতৰি গৈছে।

২. নিমখ: গৰম পানীত নিমখৰ মিশ্ৰণ তৈয়াৰ কৰক। খোৱা নিমখহে ব্যৱহাৰ কৰিব। এই মিশ্ৰণখিনি দাগবোৰত ঘঁহি দিয়ক। ৫ মিনিট এনেদৰে থৈ দিয়াৰ পাছত ধুই পেলাও।

৩. হাইড্ৰজেন পেৰ’ক্সাইড: সমান পৰিমাণৰ হাইড্ৰজেন পেৰ’ক্সাইড আৰু পানী মিহলি কৰক। দাগ থকা অংশটো আপুনি তৈয়াৰ কৰা মিশ্ৰণটোত আধা ঘণ্টাৰ বাবে তিয়াই ৰাখক। আধা ঘণ্টা পিছত পানীৰে ধুই পেলাওক। অৱশ্যে, ভুলবশতঃ ৰঙীন কাপোৰত এই মিশ্ৰণ প্ৰয়োগ নকৰিব।

৪. এচপিৰিন: বহুলোকে নিয়মীয়াকৈ এচপিৰিন সদৃশ ঔষধ গ্ৰহণ কৰে। দুটা এচপিৰিন টেবলেট গুৰি কৰক আৰু আধা কাপ গৰম পানীত এটা মিশ্ৰণ তৈয়াৰ কৰক। কাপোৰ ধোৱাৰ দুঘণ্টা পূৰ্বে এই মিশ্ৰণটো দাগত লগাই ৰাখক।

৫. খোৱা চ’ডা: খোৱা চ’ডাৰ সৈতে সমপৰিমাণৰ পানী মিহলি কৰি পেষ্ট এটা বনাওক। পেষ্টটো দাগটোৰ ওপৰত এঘণ্টাৰ বাবে লগাই থওক। কাপোৰ ধুৱাৰ পাছতে উঠি যাব দাগ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ