--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গ্ৰীষ্মকালত প্ৰায় লোকৰে অতিকৈ প্ৰিয় আইচক্ৰীম৷ কিন্তু শৰীৰ ঠাণ্ডা লগাবলৈ অত্যধিক আইচক্ৰীম খোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগণিত হয়। বেছিকৈ আইচক্ৰীম খালে দাঁতৰ গহ্বৰ, ডিঙিৰ বিষ, টনচিলাইটিছ আদিৰ দৰে সমস্যাত ভুগিব লাগিব। 



চিকিৎসকৰ মতে, আইচক্ৰীম বেছিকৈ খালে শৰীৰ ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ লগতে চৰ্দি আৰু কাহ বৃদ্ধি হয়৷ কিন্তু ইয়াৰ বিপৰীতে নিয়ন্ত্ৰিত পৰিমাণে আইচক্ৰীম খোৱাটো কিছু স্বাস্থ্যৰ পক্ষে সুফলো লাভ কৰে৷ আইচক্ৰীমত ভিটামিন এ, বি-6, বি-12, চি, ডি আৰু ই থাকে। কিছুমান আইচক্ৰীমত আনকি ভিটামিন কে থাকে। ভিটামিন কে-য়ে শৰীৰক তেজ গোট মৰাৰ পৰা সুৰক্ষিত কৰে।

ইয়াৰ বাহিৰেও, বিভিন্ন আইচক্ৰীমত যথেষ্ট চৰ্বি, প্ৰ'টিন, কাৰ্বোহাইড্ৰেট থাকে, যি শৰীৰত শক্তি বৃদ্ধি কৰিবলৈ সক্ষম হয়। গতিকে যিসকল দুৰ্বল বা ভাগৰুৱা, তেওঁলোকে মাজে মাজে আইচক্ৰীম খাব পাৰে। অৱশ্যে, যিসকল মেদবহুলতাৰ ভুক্তভোগী তেওঁলোকে নিয়মিত খোৱা উচিত নহয়। 

ইপিনে, আইচক্ৰীমত কেলচিয়াম আৰু ফছফৰাছৰ দৰে খনিজ থাকে, যি হাড় শক্তিশালী ৰখাত সহায় কৰে। আইচক্ৰীমে চাপ হ্ৰাস কৰাত সহায় কৰে। আইচক্ৰীমে থ্ৰম্বোটনিন হৰমন নিঃসৰণ কৰাত সহায় কৰে। এই হৰমনবোৰ সুখী হৰমন হিচাপে তালিকাভুক্ত কৰা হৈছে। আইচক্ৰীমত গাখীৰ থাকে। গাখীৰত এল-ট্ৰিপ্টোফেন থাকে যি সমগ্ৰ স্নায়ুতন্ত্ৰ শান্ত ৰাখিব পাৰে। আইচক্ৰীমে কিছুমান ক্ষেত্ৰত অনিদ্ৰা উপশম কৰাত সহায় কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত