--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰুৰ পৰা ডাঙৰলৈ সকলোৰে মাজত জনপ্ৰিয় এটা মেছেজিং এপ হৈছে হোৱাটচ এপ। অতি সোনকালেই বিশ্বব্যাপি জনপ্ৰিয় হৈ পৰা এপটোক লৈ মাজে মাজে নানা বিতৰ্কৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ হোৱাটচ্ এপৰ নিয়ন্ত্ৰণ ফেচবুকে লাভ কৰিছিল। পাছলৈ ফেছবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটচ এপক সামৰি মেটাৰ অধীনলৈ অনা হয়। হোৱাটচ্ এপৰ জনপ্ৰিয়তাৰ লগে লগে ইয়াৰ বিতৰ্কও বাঢ়ি আহিছিল। বহু লোকে ইয়াৰ অপব্যৱহাৰ কৰি ভুৱা তথ্য আৰু উৰাবাতৰি বিয়পোৱা অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে। ২০২০ চনৰ মাৰ্চ মাহত তেনে এটা হোৱাটচ এপ গ্ৰুপৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি গ্ৰুপটোত কিছু আপত্তিজনৰ ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছিল। সেই ভিডিঅ’বোৰত শিশুৰ ভিডিঅ’ ভাইৰেল হৈছিল। এজন ব্যক্তিয়ে ফ্ৰেণ্ডছ নামেৰে গঠন কৰা এটা গ্ৰুপত পাছলৈ আন দুজন লোককো সেই গোটটোৰ এডমিন হিচাপে মনোনীত কৰা হৈছিল। এজন ব্যক্তিয়ে গোটটোত এটা আপত্তিজনক ভিডিঅ' পোষ্ট কৰিছিল। ইয়াৰ পিছত, আৰক্ষীয়ে ভিডিঅ'টো পোষ্ট কৰা ব্যক্তিজনৰ লগতে এডমিনৰ বিৰুদ্ধেও POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি আদালতৰ দ্বাৰস্থ হৈছিল এডমিন গৰাকী। আদালতে গোচৰ সন্দৰ্ভত কৈছিল যে হোৱাটছএপ গ্ৰুপৰ এডমিনে গোটটোত কাৰোবাক যোগ দিয়া বা আঁতৰাবলৈ আন সদস্যসকলত কৈ পৃথক এটা অধিকাৰ লাভ কৰে। কেৰালা উচ্চ ন্যায়ালয়ে ইয়াৰ ৰায়ত কয়, ‘এজন সদস্যই গোটটোত কি পোষ্ট কৰিছে তাৰ ওপৰত প্ৰশাসকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেওঁ গোটটোত বাৰ্তা চেঞ্চৰ হিচাপে কাম কৰিব নোৱাৰে। কেৱল গ্ৰুপত সদস্য যোগ কৰা বা বাহিৰ কৰা বিশেষ ক্ষমতাত কাম কৰা হোৱাটছএপ গ্ৰুপৰ প্ৰশাসক বা সৃষ্টিকৰ্তাক গোটটোৰ আন সদস্যই পোষ্ট কৰা যিকোনো আপত্তিজনক সমলৰ বাবে দায়বদ্ধ কৰিব নোৱাৰি।‘

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ