--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সৰুৰ পৰা ডাঙৰলৈ সকলোৰে মাজত জনপ্ৰিয় এটা মেছেজিং এপ হৈছে হোৱাটচ এপ। অতি সোনকালেই বিশ্বব্যাপি জনপ্ৰিয় হৈ পৰা এপটোক লৈ মাজে মাজে নানা বিতৰ্কৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ হোৱাটচ্ এপৰ নিয়ন্ত্ৰণ ফেচবুকে লাভ কৰিছিল। পাছলৈ ফেছবুক, ইনষ্টাগ্ৰাম আৰু হোৱাটচ এপক সামৰি মেটাৰ অধীনলৈ অনা হয়। হোৱাটচ্ এপৰ জনপ্ৰিয়তাৰ লগে লগে ইয়াৰ বিতৰ্কও বাঢ়ি আহিছিল। বহু লোকে ইয়াৰ অপব্যৱহাৰ কৰি ভুৱা তথ্য আৰু উৰাবাতৰি বিয়পোৱা অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে। ২০২০ চনৰ মাৰ্চ মাহত তেনে এটা হোৱাটচ এপ গ্ৰুপৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল। অভিযোগ অনুসৰি গ্ৰুপটোত কিছু আপত্তিজনৰ ভিডিঅ’ শ্বেয়াৰ কৰি থকা হৈছিল। সেই ভিডিঅ’বোৰত শিশুৰ ভিডিঅ’ ভাইৰেল হৈছিল। এজন ব্যক্তিয়ে ফ্ৰেণ্ডছ নামেৰে গঠন কৰা এটা গ্ৰুপত পাছলৈ আন দুজন লোককো সেই গোটটোৰ এডমিন হিচাপে মনোনীত কৰা হৈছিল। এজন ব্যক্তিয়ে গোটটোত এটা আপত্তিজনক ভিডিঅ' পোষ্ট কৰিছিল। ইয়াৰ পিছত, আৰক্ষীয়ে ভিডিঅ'টো পোষ্ট কৰা ব্যক্তিজনৰ লগতে এডমিনৰ বিৰুদ্ধেও POCSO আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি আদালতৰ দ্বাৰস্থ হৈছিল এডমিন গৰাকী। আদালতে গোচৰ সন্দৰ্ভত কৈছিল যে হোৱাটছএপ গ্ৰুপৰ এডমিনে গোটটোত কাৰোবাক যোগ দিয়া বা আঁতৰাবলৈ আন সদস্যসকলত কৈ পৃথক এটা অধিকাৰ লাভ কৰে। কেৰালা উচ্চ ন্যায়ালয়ে ইয়াৰ ৰায়ত কয়, ‘এজন সদস্যই গোটটোত কি পোষ্ট কৰিছে তাৰ ওপৰত প্ৰশাসকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে। তেওঁ গোটটোত বাৰ্তা চেঞ্চৰ হিচাপে কাম কৰিব নোৱাৰে। কেৱল গ্ৰুপত সদস্য যোগ কৰা বা বাহিৰ কৰা বিশেষ ক্ষমতাত কাম কৰা হোৱাটছএপ গ্ৰুপৰ প্ৰশাসক বা সৃষ্টিকৰ্তাক গোটটোৰ আন সদস্যই পোষ্ট কৰা যিকোনো আপত্তিজনক সমলৰ বাবে দায়বদ্ধ কৰিব নোৱাৰি।‘

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ