--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ড্ৰাগছ কাণ্ডই তোলপাৰ লগাইছে বলীউড। আৰিয়ান খান কাণ্ডক লৈ আজিও চৰ্চা চলি থকাৰ মাজতে এইবাৰ ড্ৰাগছ কাণ্ডৰে সাঙোৰ খাইছে শক্তি কাপুৰৰ পুত্ৰ, অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জ্যেষ্ঠ ভাতৃ সিদ্ধান্ত কাপুৰৰ নাম। সিদ্ধান্তক বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই লৈ এতিয়া তোলপৰা লাগি পৰিছে চেলিব্ৰিটী জগতখনত। দেওবাৰে বেংগালুৰুৰ এখন বিলাসী হোটেলত অনুষ্ঠিত এটা ৰেভ পাৰ্টীৰ সময়ত সিদ্ধান্ত আৰক্ষীৰ জালত পৰিছে। কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হৈছিল তাক লৈ এতিয়া উৎকণ্ঠাৰ সৃষ্টি হৈছে। 
সিদ্ধান্ত কাপুৰক দেওবাৰে নিশা বেংগালুৰু আৰক্ষীয়ে আটক কৰিছিল। তেওঁ বেংগালুৰুৰ এম জি হোটেলত আছিল। সংবাদ প্ৰতিষ্ঠান এএনআইত প্ৰকাশ পোৱা মতে, আৰক্ষীয়ে কৈছিল যে বেংগালুৰুৰ এমজি হোটেলত এটা পাৰ্টী চলি আছিল, য'ত সিদ্ধান্ত কাপুৰো উপস্থিত আছিল। এই পাৰ্টীৰ তথ্য পোৱাৰ পাছতে, আৰক্ষী তাত উপস্থিত হয় আৰু তালাচী চলায়। আৰু তাৰ পাছতে সিদ্ধান্তকে ধৰি কেইবাজনকো জিম্মাত লয় আৰক্ষীয়ে।

সিদ্ধান্ত কাপুৰে দেওবাৰে, জুনৰ নিশা বেংগালুৰুলৈ গৈছিল আৰু হোটেলখনত নিশা এটা পাৰ্টী চলি আছিল, য'ত সিদ্ধান্তও উপস্থিত আছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, কাপুৰ পৰিয়ালে কোনখন হোটেলত সিদ্ধান্ত আছিল সেই বিষয়ে কোনো ধাৰণা নাছিল। সিদ্ধান্তৰ ড্ৰাগছ পৰীক্ষাৰ প্ৰতিবেদন পজিটিভ চিনাক্ত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, হোটেলৰ পাৰ্টীত ছয়জন লোকে হয় ড্ৰাগছ সেৱন কৰিছিল বা ড্ৰাগছ সেৱন কৰাৰ পাছত তেওঁলোকে পাৰ্টীটোত যোগদান কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা হোৱা নাই।

এইকথা কাৰো অবিদিত নহয় যে, সিদ্ধান্ত কাপুৰ শক্তি কাপুৰৰ পুত্ৰ, তেওঁৰ মাতৃৰ নাম শিৱাংগী কোলহাপুৰে। সিদ্ধান্ত কাপুৰৰ ব্যক্তিগত জীৱনক লৈ শেহতীয়াকৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। তেওঁ বৰ্তমান অবিবাহিত, কিন্তু কেইবছৰমান আগতে তেওঁ এৰিকা পেকাৰ্ডৰ সৈতে ডেটিং কৰি আছিল। এৰিকা হৈছে ৯০ৰ দশকত বলীউডৰ চলচ্চিত্ৰৰ বিখ্যাত খলনায়ক গেভিন পেকাৰ্ডৰ কন্যা।

সিদ্ধান্ত কাপুৰে সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰত কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ লী ষ্টাৰ্ছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটৰ পৰা চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয়ৰ এটা পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। তাৰ পাছত ডিস্ক জকী হিচাপে কাম আৰম্ভ কৰিলে। সিদ্ধান্তই ইয়াৰ পাছত কেইবাখনো চলচ্চিত্ৰত প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক প্ৰিয়দৰ্শনৰ সৈতে তেওঁ দুবছৰ ধৰি কাম কৰিছিল, যাৰ ভিতৰত আছে 'চুপ চুপকে', 'ভুল ভুলাইয়া', 'ভাগম ভাগ', 'আৰু 'ঢোল'ৰ দৰে চলচ্চিত্ৰ।
ভালেমান চলচ্চিত্ৰত অভিনয়ো কৰিছে সিদ্ধান্ত কাপুৰে। তেওঁ ২০১৩ চনত 'শ্বুটআউট এট ৱাডালা' চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। 'আগলী' চলচ্চিত্ৰখনত, সিদ্ধান্তে সহকাৰী পৰিচালকৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁক এটা সৰু চৰিত্ৰত দেখা গৈছিল। তেওঁ 'জজবা', 'হাছিনা পাৰকাৰ', 'পল্টন', 'হেলো চাৰ্লি' 'ভূত-পাৰ্ট ১' আৰু 'চেহৰে' আদিৰ দৰে ছবিতো অভিনয় কৰিছিল। সিদ্ধান্ত কাপুৰ ৱেব ছিৰিজ 'ভৌকাল'তো দেখা গৈছিল। ইয়াত, তেওঁ এটা নিগেটিভ চৰিত্ৰত অভিনয় কৰিছিল।



 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত