--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ ড্ৰাগছ কাণ্ডই তোলপাৰ লগাইছে বলীউড। আৰিয়ান খান কাণ্ডক লৈ আজিও চৰ্চা চলি থকাৰ মাজতে এইবাৰ ড্ৰাগছ কাণ্ডৰে সাঙোৰ খাইছে শক্তি কাপুৰৰ পুত্ৰ, অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জ্যেষ্ঠ ভাতৃ সিদ্ধান্ত কাপুৰৰ নাম। সিদ্ধান্তক বেংগালুৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। এই লৈ এতিয়া তোলপৰা লাগি পৰিছে চেলিব্ৰিটী জগতখনত। দেওবাৰে বেংগালুৰুৰ এখন বিলাসী হোটেলত অনুষ্ঠিত এটা ৰেভ পাৰ্টীৰ সময়ত সিদ্ধান্ত আৰক্ষীৰ জালত পৰিছে। কিন্তু কেনেকৈ এই ঘটনা সংঘটিত হৈছিল তাক লৈ এতিয়া উৎকণ্ঠাৰ সৃষ্টি হৈছে। 
সিদ্ধান্ত কাপুৰক দেওবাৰে নিশা বেংগালুৰু আৰক্ষীয়ে আটক কৰিছিল। তেওঁ বেংগালুৰুৰ এম জি হোটেলত আছিল। সংবাদ প্ৰতিষ্ঠান এএনআইত প্ৰকাশ পোৱা মতে, আৰক্ষীয়ে কৈছিল যে বেংগালুৰুৰ এমজি হোটেলত এটা পাৰ্টী চলি আছিল, য'ত সিদ্ধান্ত কাপুৰো উপস্থিত আছিল। এই পাৰ্টীৰ তথ্য পোৱাৰ পাছতে, আৰক্ষী তাত উপস্থিত হয় আৰু তালাচী চলায়। আৰু তাৰ পাছতে সিদ্ধান্তকে ধৰি কেইবাজনকো জিম্মাত লয় আৰক্ষীয়ে।

সিদ্ধান্ত কাপুৰে দেওবাৰে, জুনৰ নিশা বেংগালুৰুলৈ গৈছিল আৰু হোটেলখনত নিশা এটা পাৰ্টী চলি আছিল, য'ত সিদ্ধান্তও উপস্থিত আছিল। সংবাদ মাধ্যমত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, কাপুৰ পৰিয়ালে কোনখন হোটেলত সিদ্ধান্ত আছিল সেই বিষয়ে কোনো ধাৰণা নাছিল। সিদ্ধান্তৰ ড্ৰাগছ পৰীক্ষাৰ প্ৰতিবেদন পজিটিভ চিনাক্ত হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, হোটেলৰ পাৰ্টীত ছয়জন লোকে হয় ড্ৰাগছ সেৱন কৰিছিল বা ড্ৰাগছ সেৱন কৰাৰ পাছত তেওঁলোকে পাৰ্টীটোত যোগদান কৰিছিল সেয়া এতিয়াও জানিব পৰা হোৱা হোৱা নাই।

এইকথা কাৰো অবিদিত নহয় যে, সিদ্ধান্ত কাপুৰ শক্তি কাপুৰৰ পুত্ৰ, তেওঁৰ মাতৃৰ নাম শিৱাংগী কোলহাপুৰে। সিদ্ধান্ত কাপুৰৰ ব্যক্তিগত জীৱনক লৈ শেহতীয়াকৈ ব্যাপক চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। তেওঁ বৰ্তমান অবিবাহিত, কিন্তু কেইবছৰমান আগতে তেওঁ এৰিকা পেকাৰ্ডৰ সৈতে ডেটিং কৰি আছিল। এৰিকা হৈছে ৯০ৰ দশকত বলীউডৰ চলচ্চিত্ৰৰ বিখ্যাত খলনায়ক গেভিন পেকাৰ্ডৰ কন্যা।

সিদ্ধান্ত কাপুৰে সহকাৰী পৰিচালক হিচাপে চলচ্চিত্ৰত কৰ্মজীৱন আৰম্ভ কৰিছিল। তেওঁ লী ষ্টাৰ্ছবাৰ্গ থিয়েটাৰ এণ্ড ফিল্ম ইনষ্টিটিউটৰ পৰা চলচ্চিত্ৰ নিৰ্মাণ আৰু অভিনয়ৰ এটা পাঠ্যক্ৰম গ্ৰহণ কৰিছিল। তাৰ পাছত ডিস্ক জকী হিচাপে কাম আৰম্ভ কৰিলে। সিদ্ধান্তই ইয়াৰ পাছত কেইবাখনো চলচ্চিত্ৰত প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালক প্ৰিয়দৰ্শনৰ সৈতে তেওঁ দুবছৰ ধৰি কাম কৰিছিল, যাৰ ভিতৰত আছে 'চুপ চুপকে', 'ভুল ভুলাইয়া', 'ভাগম ভাগ', 'আৰু 'ঢোল'ৰ দৰে চলচ্চিত্ৰ।
ভালেমান চলচ্চিত্ৰত অভিনয়ো কৰিছে সিদ্ধান্ত কাপুৰে। তেওঁ ২০১৩ চনত 'শ্বুটআউট এট ৱাডালা' চলচ্চিত্ৰৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল। 'আগলী' চলচ্চিত্ৰখনত, সিদ্ধান্তে সহকাৰী পৰিচালকৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু তেওঁক এটা সৰু চৰিত্ৰত দেখা গৈছিল। তেওঁ 'জজবা', 'হাছিনা পাৰকাৰ', 'পল্টন', 'হেলো চাৰ্লি' 'ভূত-পাৰ্ট ১' আৰু 'চেহৰে' আদিৰ দৰে ছবিতো অভিনয় কৰিছিল। সিদ্ধান্ত কাপুৰ ৱেব ছিৰিজ 'ভৌকাল'তো দেখা গৈছিল। ইয়াত, তেওঁ এটা নিগেটিভ চৰিত্ৰত অভিনয় কৰিছিল।



 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ