--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ অল ৰাউণ্ডাৰ খেলুৱৈ ছাকিব আল হাছানে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে ২খন টেষ্ট মেচ খেলিব। শেহতীয়াকৈ হত্যাৰ অভিযোগ সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰিছে ছাকিবে। ইয়াৰ পূৰ্বে বাংলাদেশে পাকিস্তান ভ্ৰমণত দুখন মেচৰ টেষ্ট ছিৰিজ খেলিছিল, য’ত ছাকিবৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। এতিয়া এই অভিযোগৰ মাজতে ভাৰতৰ বিৰুদ্ধে ২খন টেষ্ট ছিৰিজৰ মেচ খেলিবলৈ নিৰ্বাচিত হৈছে ছাকিব। 


বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বৃহস্পতিবাৰে ভাৰতত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট ছিৰিজৰ বাবে দল ঘোষণা কৰে। আকৌ এবাৰ নাজমুল হুছেইন শান্তোক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ল। ইয়াৰ পূৰ্বে শান্তোৰ অধিনায়কত্বত পাকিস্তানত অনুষ্ঠিত ২ মেচৰ টেষ্ট ছিৰিজত দলটোৱে জয়লাভ কৰে।

যদিও হত্যাৰ অভিযোগৰ মাজতে বাংলাদেশ ব’ৰ্ডে ছাকিব আল হাছানক  দলৰ অংশ হিচাপে নল’ব বুলি সমালোচনা চলিছিল, কিন্তু সেয়া নহ’ল আৰু তেওঁক টেষ্ট ছিৰিজত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আচলতে ছাকিবৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিৰ পুত্ৰ ৰুবেলক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই বিষয়ত বাংলাদেশৰ ৰাজধানী ঢাকাৰ আদাবৰ থানাত এটা গোচৰ ৰুজু কৰা হয়। প্ৰতিবাদৰ সময়ত বুকুত গুলি লগাৰ বাবে ৰফিকুল ইছলামৰ পুত্ৰৰ মৃত্যু হয় । উল্লেখ্য যে ৰফিকুল ইছলামে প্ৰায় ১৫৪ জন অভিযুক্তক অন্তৰ্ভুক্ত কৰিছিল, য’ত ছাকিব আল হাছান ২৮ নম্বৰত আছে।


ইতিমধ্যে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ছাকিব আল হাছান সন্দৰ্ভত স্পষ্টকৈ জনায় যে ছাকিবৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত নোহোৱালৈকে তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলি থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ