--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বাংলাদেশৰ অল ৰাউণ্ডাৰ খেলুৱৈ ছাকিব আল হাছানে অহা ১৯ ছেপ্টেম্বৰৰ পৰা ভাৰতৰ বিৰুদ্ধে ২খন টেষ্ট মেচ খেলিব। শেহতীয়াকৈ হত্যাৰ অভিযোগ সন্দৰ্ভত বাতৰিৰ শিৰোনাম দখল কৰিছে ছাকিবে। ইয়াৰ পূৰ্বে বাংলাদেশে পাকিস্তান ভ্ৰমণত দুখন মেচৰ টেষ্ট ছিৰিজ খেলিছিল, য’ত ছাকিবৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন হৈছিল। এতিয়া এই অভিযোগৰ মাজতে ভাৰতৰ বিৰুদ্ধে ২খন টেষ্ট ছিৰিজৰ মেচ খেলিবলৈ নিৰ্বাচিত হৈছে ছাকিব। 


বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে বৃহস্পতিবাৰে ভাৰতত অনুষ্ঠিত হ’বলগীয়া দুখন মেচৰ টেষ্ট ছিৰিজৰ বাবে দল ঘোষণা কৰে। আকৌ এবাৰ নাজমুল হুছেইন শান্তোক অধিনায়ক হিচাপে নিযুক্তি দিয়া হ’ল। ইয়াৰ পূৰ্বে শান্তোৰ অধিনায়কত্বত পাকিস্তানত অনুষ্ঠিত ২ মেচৰ টেষ্ট ছিৰিজত দলটোৱে জয়লাভ কৰে।

যদিও হত্যাৰ অভিযোগৰ মাজতে বাংলাদেশ ব’ৰ্ডে ছাকিব আল হাছানক  দলৰ অংশ হিচাপে নল’ব বুলি সমালোচনা চলিছিল, কিন্তু সেয়া নহ’ল আৰু তেওঁক টেষ্ট ছিৰিজত অন্তৰ্ভুক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

আচলতে ছাকিবৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়ত মৃত্যু হোৱা ৰফিকুল ইছলাম নামৰ এজন ব্যক্তিৰ পুত্ৰ ৰুবেলক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল। এই বিষয়ত বাংলাদেশৰ ৰাজধানী ঢাকাৰ আদাবৰ থানাত এটা গোচৰ ৰুজু কৰা হয়। প্ৰতিবাদৰ সময়ত বুকুত গুলি লগাৰ বাবে ৰফিকুল ইছলামৰ পুত্ৰৰ মৃত্যু হয় । উল্লেখ্য যে ৰফিকুল ইছলামে প্ৰায় ১৫৪ জন অভিযুক্তক অন্তৰ্ভুক্ত কৰিছিল, য’ত ছাকিব আল হাছান ২৮ নম্বৰত আছে।


ইতিমধ্যে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডে ছাকিব আল হাছান সন্দৰ্ভত স্পষ্টকৈ জনায় যে ছাকিবৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণিত নোহোৱালৈকে তেওঁ বাংলাদেশৰ ৰাষ্ট্ৰীয় দলৰ হৈ খেলি থাকিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post