--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসম্প্ৰসাৰিত হ’ব  ৰিলায়েন্সৰ পৰিয়াল৷  ঈশা,  আকাশ আৰু অনন্ত আম্বানীক  ৰিলায়েন্সৰ বোৰ্ডত অন্তৰ্ভুক্ত কৰা হ’ব৷ ইতিমধ্যে তেওঁলোকৰ অন্তৰ্শ্বেভুক্তিৰ ক্ষেত্ৰত শ্বেয়াৰহোল্ডাৰসকলে সেউজ সংকেত দিছে৷ ইয়াৰ লগে লগে  ৰিলায়েন্সৰ পৰৱৰ্তী প্ৰজন্মক দায়িত্ব হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি বহুতে মন্তব্য কৰিছে৷ ঈশা, আকাশ আৰু অনন্ত আম্বানীয়ে ৰিলায়েন্সৰ বোৰ্ডত যোগদান কৰাৰ ক্ষেত্ৰত ৯০ শতাংশ  শ্বেয়াৰহোল্ডাৰে সেউজ সংকেত দিয়া বুলি জানিব পৰা গৈছে৷ 

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰহোল্ডাৰসকলে ঈশা আম্বানী, আকাশ আম্বানী আৰু অনন্ত আম্বানীক কোম্পানীটোৰ অ-কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়াত অনুমোদন জনাইছে। কোম্পানীটোৱে এক নিয়ন্ত্ৰক ফাইলিঙত ষ্টক এক্সচেঞ্জক কৈছে যে প্ৰচুৰ সংখ্যাগৰিষ্ঠতাৰ সৈতে তিনিওজন ভাই-ভনীক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বোৰ্ডত অ-কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ গৃহীত কৰা হৈছে। 
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এক্সচেঞ্জ ফাইলিঙত কোৱা হৈছে যে প্ৰস্তাৱটো ২৬ অক্টোবৰত  সংখ্যাগৰিষ্ঠতাৰে গৃহীত হৈছে । ঈশা আম্বানীয়ে মুঠ ৯৮.২১  শতাংশ ভোট লাভ কৰিছে, আনহাতে আকাশ আম্বানীয়ে ৯৮.০৬ শতাংশ ভোট লাভ কৰাৰ লগতে  অনন্ত আম্বানীয়ে মুঠ ৯২.৬৭  শতাংশ ভোট লাভ কৰিছে।  

২৮ আগষ্টত   ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বৈঠকত  কোম্পানীটোৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ঘোষণা কৰিছিল যে ঈশা, আকাশ আৰু অনন্ত আম্বানীক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ  বোৰ্ডত অ-কাৰ্যবাহী সঞ্চালক হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব। কোম্পানীৰ পৰিষদে ইতিমধ্যে তিনিওজনক পৰিষদত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱটো অনুমোদন জনাইছিল। কিন্তু অংশীদাৰসকলৰ অনুমোদনৰ বাবে অপেক্ষা কৰা হৈছিল। এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অংশীদাৰ পৰিষদে তিনিওগৰাকী ভাই-ভনীক পৰিষদত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে। উল্লেখ্য পূৰ্বে নীতা আম্বানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বোৰ্ডৰ পৰা পদত্যাগ কৰিছিল। 

ঈশা আম্বানী, আকাশ আম্বানী আৰু অনন্ত আম্বানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বিভিন্ন ব্যৱসায় চম্ভালি আছে। ঈশা আম্বানী ৰিলায়েন্স ৰিটেইল চোৱাচিতা কৰি আছে, ইয়াৰ উপৰিও, তেওঁক জিঅ' ফাইনেন্সিয়েল চাৰ্ভিচেছৰ বোৰ্ডত এগৰাকী অ-কাৰ্যবাহী সঞ্চালক হিচাবে ৰখা  হৈছে। আকাশ আম্বানী টেলিকম আৰু ডিজিটেল ব্যৱসায়ৰ দায়িত্বত  আছে৷  ৰিলায়েন্স জিঅ' ইনফোকমৰ সৈতেও তেওঁ জড়িত হৈ আছে৷  অনন্ত আম্বানী শক্তি ব্যৱসায়ৰ দায়িত্বত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ