--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃসম্প্ৰসাৰিত হ’ব  ৰিলায়েন্সৰ পৰিয়াল৷  ঈশা,  আকাশ আৰু অনন্ত আম্বানীক  ৰিলায়েন্সৰ বোৰ্ডত অন্তৰ্ভুক্ত কৰা হ’ব৷ ইতিমধ্যে তেওঁলোকৰ অন্তৰ্শ্বেভুক্তিৰ ক্ষেত্ৰত শ্বেয়াৰহোল্ডাৰসকলে সেউজ সংকেত দিছে৷ ইয়াৰ লগে লগে  ৰিলায়েন্সৰ পৰৱৰ্তী প্ৰজন্মক দায়িত্ব হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি বহুতে মন্তব্য কৰিছে৷ ঈশা, আকাশ আৰু অনন্ত আম্বানীয়ে ৰিলায়েন্সৰ বোৰ্ডত যোগদান কৰাৰ ক্ষেত্ৰত ৯০ শতাংশ  শ্বেয়াৰহোল্ডাৰে সেউজ সংকেত দিয়া বুলি জানিব পৰা গৈছে৷ 

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰহোল্ডাৰসকলে ঈশা আম্বানী, আকাশ আম্বানী আৰু অনন্ত আম্বানীক কোম্পানীটোৰ অ-কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়াত অনুমোদন জনাইছে। কোম্পানীটোৱে এক নিয়ন্ত্ৰক ফাইলিঙত ষ্টক এক্সচেঞ্জক কৈছে যে প্ৰচুৰ সংখ্যাগৰিষ্ঠতাৰ সৈতে তিনিওজন ভাই-ভনীক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বোৰ্ডত অ-কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ প্ৰস্তাৱ গৃহীত কৰা হৈছে। 
ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে এক্সচেঞ্জ ফাইলিঙত কোৱা হৈছে যে প্ৰস্তাৱটো ২৬ অক্টোবৰত  সংখ্যাগৰিষ্ঠতাৰে গৃহীত হৈছে । ঈশা আম্বানীয়ে মুঠ ৯৮.২১  শতাংশ ভোট লাভ কৰিছে, আনহাতে আকাশ আম্বানীয়ে ৯৮.০৬ শতাংশ ভোট লাভ কৰাৰ লগতে  অনন্ত আম্বানীয়ে মুঠ ৯২.৬৭  শতাংশ ভোট লাভ কৰিছে।  

২৮ আগষ্টত   ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বৈঠকত  কোম্পানীটোৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ঘোষণা কৰিছিল যে ঈশা, আকাশ আৰু অনন্ত আম্বানীক ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ  বোৰ্ডত অ-কাৰ্যবাহী সঞ্চালক হিচাপে অন্তৰ্ভুক্ত কৰা হ'ব। কোম্পানীৰ পৰিষদে ইতিমধ্যে তিনিওজনক পৰিষদত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱটো অনুমোদন জনাইছিল। কিন্তু অংশীদাৰসকলৰ অনুমোদনৰ বাবে অপেক্ষা কৰা হৈছিল। এতিয়া ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অংশীদাৰ পৰিষদে তিনিওগৰাকী ভাই-ভনীক পৰিষদত অন্তৰ্ভুক্ত কৰিবলৈ অনুমোদন জনাইছে। উল্লেখ্য পূৰ্বে নীতা আম্বানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বোৰ্ডৰ পৰা পদত্যাগ কৰিছিল। 

ঈশা আম্বানী, আকাশ আম্বানী আৰু অনন্ত আম্বানীয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ বিভিন্ন ব্যৱসায় চম্ভালি আছে। ঈশা আম্বানী ৰিলায়েন্স ৰিটেইল চোৱাচিতা কৰি আছে, ইয়াৰ উপৰিও, তেওঁক জিঅ' ফাইনেন্সিয়েল চাৰ্ভিচেছৰ বোৰ্ডত এগৰাকী অ-কাৰ্যবাহী সঞ্চালক হিচাবে ৰখা  হৈছে। আকাশ আম্বানী টেলিকম আৰু ডিজিটেল ব্যৱসায়ৰ দায়িত্বত  আছে৷  ৰিলায়েন্স জিঅ' ইনফোকমৰ সৈতেও তেওঁ জড়িত হৈ আছে৷  অনন্ত আম্বানী শক্তি ব্যৱসায়ৰ দায়িত্বত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ