--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • আই এছ আইৰ সমর্থিত 'শ্বাহবাহ ভাট্টি মডিউল'ৰ দ্বাৰা পাক চোৰাংচোৱা সংস্থাটোৱে ভাৰতত ভয়াবহ আক্রমণ চলোৱাৰ পৰিকল্পনা চলাইছিল। কিন্তু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্রাসবাদী-বিৰোধী অভিযানত ISIৰ এই গোপন আক্রমণৰ তথ্য প্রকাশ পায়।

ডিজিটেল ডেস্ক: পহলগামৰ পাছত পুনৰ ভাৰতত ভয়াৱহ আক্রমণৰ পৰিকল্পনা কৰিছে পাকিস্তানে। এইবাৰ পাকিস্তান সমর্থিত সন্ত্রাসবাদীয়ে নহয়, পাক চোৰাংচোৱা সংস্থা ISIয়ে ভাৰতৰ কেইবাটাও প্রসিদ্ধ ইতিহাস বিজড়িত স্থানত আক্ৰমণৰ ষড়যন্ত্র ৰচনা কৰিছে। বিশেষকৈ দিল্লীৰ এটা ঐতিহাসিক মন্দিৰ, দিল্লী-ছোনিপট ঘাইপথৰ এখন প্রখ্যাত ধাবা আৰু হাৰিয়ানাৰ এটা সেনা শিবিৰ আই এছ আইৰ ৰাডাৰত আছে। 


আই এছ আইৰ সমর্থিত 'শ্বাহবাহ ভাট্টি মডিউল'ৰ দ্বাৰা পাক চোৰাংচোৱা সংস্থাটোৱে ভাৰতত ভয়াবহ আক্রমণ চলোৱাৰ পৰিকল্পনা চলাইছিল। কিন্তু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ সন্ত্রাসবাদী-বিৰোধী অভিযানত ISIৰ এই গোপন আক্রমণৰ তথ্য প্রকাশ পায়। 


দিল্লী আৰক্ষীৰ বিশেষ শাখাই 'গেং বাষ্ট অপাৰেশ্যন ২.০' নামেৰে এক বিশেষ অভিযান দেশৰ কেইবাখনো ৰাজ্যত চলাইছিল। এই অভিযানত 'শ্বাহ বাজ ভাট্টি মডিউল'ৰ ৯টা সদস্যক গ্ৰেপ্তাৰ কৰে। তেওঁলোকৰ পৰা বহুসংখ্যক অস্ত্র-শস্ত্রও জব্দ কৰা হয়। আই এছ আইৰ হৈ কাম কৰা এই লোককেইজনে আৰক্ষীৰ জেৰাত আই এছ আইৰ ভয়াবহ আক্রমণৰ আঁচনি প্রকাশ কৰিছে। 


আৰক্ষীয়ে গ্রেপ্তাৰ কৰা শাহবাজ ভাট্টি মডিউলৰ এটা সদস্যই দিল্লীৰ এটা ঐতিহাসিক মন্দিৰৰ সকলো গোপন তথ্য আৰু ছবি পাকিস্তানৰ আই এছ আইৰে জড়িত সামাজিৰ মাধ্যম ব্যৱহাৰকাৰীলৈ প্ৰেৰণ কৰিছিল। প্ৰথমে আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ লোকৰ ওপৰত নির্বিচাৰ গুলীচালনা কৰি তাৰ পাছত মন্দিৰটোত আক্রমণ চলোৱাৰ পৰিকল্পনা কৰিছিল আই এছ আয়ে। 


ইফালে, প্রতিদিনেই সহস্রাধিক লোকৰ সমাগম হোৱা দিল্লী-ছোনিপট ঘাইপথৰ কাষৰ এখন ধাবাত গ্রেনেডেৰে আক্ৰমণৰ পৰিকল্পনা কৰিছিল শত্রু ৰাষ্ট্ৰখনৰ চোৰাংচোৱা সংস্থাটোৱে। ইফালে, হাৰিয়ানাৰ হিচাৰৰ সেনা শিবিৰত আক্ৰমণৰ লক্ষ্য লোৱা হৈছিল। পাক গেংষ্টাৰ শ্বাহবাজ ভাট্টিৰ হৈ ভাৰতত কাম কৰি থকা একাংশই সেনা শিবিৰৰ ভিডিঅ' পাকিস্তানলৈ প্রেৰণ কৰিছিল। ইতিমধ্যে আটাইকেইটা স্থানতে নিৰাপত্তা ব্যবস্থা কটকটীয়া কৰি তোলা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান