--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই কেন্দ্রটো স্থাপন হোৱাৰ পিছত উপগ্রহ যোগে তথ্য আদান-প্রদান, যোগাযোগ ব্যৱস্থা, দূৰ অনুধাৱন, দুর্যোগ ব্যৱস্থাপনা, বতৰ নিৰীক্ষণ আৰু বিভিন্ন বৈজ্ঞানিক কাৰ্যসূচীৰ ক্ষেত্ৰত অধিক কার্যক্ষমতা লাভ কৰাৰ আশা কৰা হৈছে।

ডিজিটেল ডেস্ক: তিনিচুকীয়া জিলাৰ লিডুৰ এয়াৰ ষ্ট্ৰিপৰ সমীপত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰ') এক গুৰুত্বপূৰ্ণ ছেটেলাইট আর্থ ষ্টেছন কেম্পাছ নিৰ্মাণ কৰিবলৈ ওলাইছে। প্রায় ৮১.৮২ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ'ব এই ষ্টেছন। বিভিন্ন উপগ্ৰহৰ সৈতে যোগাযোগ, তথ্য সংগ্ৰহ আৰু সংকেত আদান-প্রদানৰ সুবিধা থাকিব নির্মাণ-হ'বলগীয়া প্রকল্পটোত। 


ইছৰ'ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, প্ৰকল্পটো-কাম সম্পূর্ণ কৰিবলৈ প্রায় ৭৩০ দিনৰ সময় সীমা নির্ধাৰণ কৰা হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিবাহক মাৰ্ঘেৰিটা সমজিলাৰ লিডু এয়াৰষ্ট্ৰিপৰ ওচৰত নিৰ্মাণ হ'বলগীয়া ইছৰ'ৰ উপগ্ৰহ ভূমি কেন্দ্ৰই লিডুৰ বিশ্বমুখী যাত্রাত এক উল্লেখনীয় ভূমিকা গ্রহণ কৰিব। এই প্রকল্পই উত্তৰ-পূব ভাৰতৰ মহাকাশ যোগাযোগ ব্যৱস্থাত সংযোজন কৰিব নতুন অধ্যায়। লগতে প্রকল্পটোক মহাকাশ ভিত্তিক যোগাযোগ আৰু তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য কৰা হৈছে।


এই কেন্দ্রটো স্থাপন হোৱাৰ পিছত উপগ্রহ যোগে তথ্য আদান-প্রদান, যোগাযোগ ব্যৱস্থা, দূৰ অনুধাৱন, দুর্যোগ ব্যৱস্থাপনা, বতৰ নিৰীক্ষণ আৰু বিভিন্ন বৈজ্ঞানিক কাৰ্যসূচীৰ ক্ষেত্ৰত অধিক কার্যক্ষমতা লাভ কৰাৰ আশা কৰা হৈছে। একে সময়তে উত্তৰ-পূব অঞ্চলত মহাকাশ ভিত্তিক আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্রতো এই প্রকল্পই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 


বিশেষজ্ঞসকলৰ মতে, লিডুৰ ভৌগোলিক অৱস্থান, অপেক্ষাকৃত কম ৰেডিঅ' হস্তক্ষেপ আৰু কৌশলগত সুবিধাই এই স্থানক এনে এক উচ্চ প্রযুক্তি সম্পন্ন কেন্দ্র স্থাপনৰ বাবে উপযুক্ত কৰি তুলিছে। এই কেন্দ্ৰৰ জৰিয়তে বিভিন্ন উপগ্ৰহৰ সৈতে তথ্য বিনিময়, ডাটা গ্রহণ আৰু বিশ্লেষণ অধিক সুৰক্ষিত আৰু দ্রুতভাৱে সম্পন্ন কৰিব পৰা যাব। অর্থনৈতিক দিশতো এই প্ৰকল্পৰ ইতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। নির্মাণ কালত স্থানীয় লোকৰ বাবে কর্মসংস্থাপনৰ সুযোগ সৃষ্টি হোৱাৰ লগতে ভৱিষ্যতে প্রযুক্তিগত, অভিযান্ত্রিক আৰু সহায়ক সেৱাৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা মুকলি হ'ব। 


তদুপৰি অঞ্চলটোৰ পথ, বিদ্যুৎ, যোগাযোগ আদি আন্তঃগাঁথনিৰ উন্নয়নতো এই প্রকল্পই সহায়ক হ'ব বুলি আশা কৰা হৈছে। শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰতো এই কেন্দ্রটো বিশেষ গুৰুত্ব বহন কৰিব। লগতে ভৱিষ্যতে অসমৰ ছাত্ৰ-ছাত্রী, গৱেষক আৰু কাৰিকৰী প্ৰতিষ্ঠানসমূহে মহাকাশ বিজ্ঞান, উপগ্রহ প্রযুক্তি আৰু আধুনিক যোগাযোগ ব্যৱস্থাৰ সৈতে অধিক সংযোগ স্থাপনৰ সুযোগ লাভৰ সম্ভাৱনা সৃষ্টি কৰিছে। যদিও প্রকল্পটোৰ নিৰ্মাণৰ সময়সূচী আৰু কাৰ্যসূচীৰ সম্পূৰ্ণ বিৱৰণ সংশ্লিষ্ট কর্তৃপক্ষই আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই, তথাপি এই উদ্যোগে অসমৰ লগতে সমগ্ৰ উত্তৰ-পূব ভাৰতক দেশৰ মহাকাশ আৰু ডিজিটেল আন্তঃগাঁথনি উন্নয়নৰ মূল ধাৰাৰ সৈতে অধিক সংযুক্ত কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা প্রকাশ পাইছে। 


লিডুত ইছৰ'ৰ ছেটেলাইট আর্থ ষ্টেছন কেম্পাছ স্থাপনৰ এই প্ৰকল্প কেৱল এটা আন্তঃগাঁথনি উন্নয়নমূলক পদক্ষেপেই নহয়, ই অসমৰ বৈজ্ঞানিক অগ্রগতি, ডিজিটেল সংযোগ, আঞ্চলিক উন্নয়ন আৰু ভৱিষ্যৎ প্রযুক্তিগত সক্ষমতা বৃদ্ধিৰ দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ'ব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাম মন্দিৰ ন্যাসৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাম মন্দিৰ ন্যাসৰ অন্তৰ্ৱৰ্তী সাধাৰণ সম্পাদকৰ দায়িত্বত কৃষ্ণ মোহন
লিডুত নিৰ্মাণ হ’ব ইছৰ’ৰ উপগ্ৰহ ভূমি কেন্দ্র
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
দুলীয়াজানত দিহিং নদীত ওপঙি থকা অৱস্থাত কিশোৰীৰ মৃতদেহ উদ্ধাৰ; এজন কিশোৰ সন্ধানহীন
মহানগৰীত আজৱ কাণ্ড! মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন থপিয়াই বেংকত গল্ড ল’ন ল’লে চিলনী চোৰে
নৰৱেৰ সূৰ্যোদয়, ব্ৰাজিলৰ সূৰ্যাস্ত
ভাৰতৰ ক্ষেপণাস্ত্ৰত শেনচকু চীনৰ
ডেৰ বছৰ পূৰ্বে আৰম্ভ কৰা ব্যৱসায়ে দেখিছে সফলতাৰ মুখ; কুঁহিয়াৰৰ ৰস বিক্ৰীৰে স্বাৱলম্বী মাকুমৰ ৰূপালী চেতিয়া দহোটীয়া
চজিনা পাতৰ আছে আশ্চৰ্যকৰ উপকাৰিতা; যোগ দিয়ক আপোনাৰ খাদ্য তালিকাত
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত চাৰিখনকৈ শিল ভৰ্তি ডাম্পাৰ জব্দ
ফিফা বিশ্বকাপ-২০২৬: মেক্সিকোক পৰাজিত কৰা ইংলেণ্ডৰ জুড বেলিংহামৰ অভিলেখ