--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইতিমধ্যে দেশত বহুতো ৰাজনীতিক, বিত্তীয় পেছাদাৰী, সাধাৰণ জনতা এই চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈছে।

ডিজিটেল ডেস্ক: কৃত্রিম বুদ্ধিমত্তা (এ আই) চালিত চাইবাৰ অপৰাধ বৃদ্ধি হোৱাৰ আশংকা কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ত সতর্ক দৃষ্টি ৰাখিবলৈ কেন্দ্ৰই সকলো মন্ত্ৰ্যালয় আৰু চৰকাৰী বিভাগক নির্দেশ দিছে। 


শেহতীয়াকৈ দেশত চাইবাৰ অপৰাধে বিভিন্ন লোকক প্ৰৱঞ্চনা কৰি অহাৰ সময়তে কেন্দ্রীয় চৰকাৰে সতর্কবাণী জাৰি কৰিছে যে চাইবাৰ অপৰাধীয়ে কৃত্রিম বুদ্ধিমত্তাৰ প্রযুক্তি অৱলম্বন কৰি দেশত অনলাইন প্ৰৱঞ্চনা কৰিব পাৰে।


ইতিমধ্যে দেশত বহুতো ৰাজনীতিক, বিত্তীয় পেছাদাৰী, সাধাৰণ জনতা এই চাইবাৰ প্ৰৱঞ্চনাৰ বলি হৈছে। আনহাতে, কৃত্রিম বুদ্ধিমত্তাৰ বৰ্ধিত প্রয়োগৰ সময়তে কেন্দ্ৰীয় চৰকাৰে আশংকা কৰিছে যে চাইবাৰ অপৰাধীয়ে এ আই চালিত চাইবাৰ প্ৰৱঞ্চনা কৰিব পাৰে। 


ইলেক্ট্রনিক আৰু তথ্য মন্ত্র্যালয়ে কেন্দ্রীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয় আৰু চৰকাৰী বিভাগক সতৰ্ক কৰি কয় যে দ্রুত আৰু বহল পৰিসৰত কৃত্রিম বুদ্ধিমত্তাৰ উপলব্ধতাই চাইবাৰ সুৰক্ষাৰ প্ৰতি ভাবুকি আনিছে আৰু এই ভাবুকি প্রতিহত কৰাৰ বাবে জৰুৰী পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত