--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২ মে’ৰ সন্ধিয়া আজাদে পৰিয়াল আৰু আত্মীয়ৰ সৈতে অতি আনন্দৰে বৰযাত্ৰী লৈ কইনাৰ ঘৰলৈ ৰাওনা হৈছিল।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাত শনিবাৰে নিশা এক অতি ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। বিয়া কৰাবলৈ বৰযাত্ৰী লৈ ওলাই যোৱা এজন যুৱকক মাজপথতে গুলীয়াই হত্যা কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে, সৰায়খাজা থানা এলেকাৰ নিবাসী আজাদ বিন্ধৰ বিবাহ বিবিপুৰ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে স্থিৰ হৈছিল। ২ মে’ৰ সন্ধিয়া আজাদে পৰিয়াল আৰু আত্মীয়ৰ সৈতে অতি আনন্দৰে বৰযাত্ৰী লৈ কইনাৰ ঘৰলৈ ৰাওনা হৈছিল। কিন্তু গন্তব্যস্থান পোৱাৰ মাত্ৰ কেইমিটাৰমান পূৰ্বে মনেচ্ছা-বাদশ্বাহী পথত বাইকত অহা দুৰ্বৃত্তই চলন্ত গাড়ীখন ৰখাই আজাদৰ বুকুত লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।


আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে এই বিবাহক লৈ কইনাৰ এজন আত্মীয় অত্যন্ত ক্ষুব্ধ হৈ আছিল। আৰক্ষীয়ে হত্যাকাৰী হিচাপে প্ৰদীপ নামৰ এজন যুৱক আৰু তেওঁৰ সহযোগী ৰবিক চিনাক্ত কৰিছে।


মৃত আজাদৰ পৰিয়ালে জনোৱা মতে, ইয়াৰ পূৰ্বেও তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই হাত-ভৰি ভাঙি দিয়া হৈছিল আৰু শেহতীয়াকৈ তেওঁক ফোনত ভাবুকিও প্ৰদান কৰা হৈছিল।


ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক অজয় পাল শৰ্মাই সংবাদ মাধ্যমক জনাইছে যে,"অভিযুক্তই পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিছে। আৰক্ষীৰ কেইবাটাও দলে অভিযুক্তক বিচাৰি অভিযান চলাই আছে। অতি সোনকালেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব।"


বিয়াৰ মণ্ডপত কইনাই দৰাৰ বাবে অপেক্ষা কৰি থকা অৱস্থাতে এই খবৰে সকলোকে স্তব্ধ কৰি তোলে। হাহি-ধেমালিৰে ভৰি থকা ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল উঠিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post