--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২ মে’ৰ সন্ধিয়া আজাদে পৰিয়াল আৰু আত্মীয়ৰ সৈতে অতি আনন্দৰে বৰযাত্ৰী লৈ কইনাৰ ঘৰলৈ ৰাওনা হৈছিল।

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ জৌনপুৰ জিলাত শনিবাৰে নিশা এক অতি ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়। বিয়া কৰাবলৈ বৰযাত্ৰী লৈ ওলাই যোৱা এজন যুৱকক মাজপথতে গুলীয়াই হত্যা কৰা হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে।


জানিব পৰা মতে, সৰায়খাজা থানা এলেকাৰ নিবাসী আজাদ বিন্ধৰ বিবাহ বিবিপুৰ গাঁৱৰ এগৰাকী যুৱতীৰ সৈতে স্থিৰ হৈছিল। ২ মে’ৰ সন্ধিয়া আজাদে পৰিয়াল আৰু আত্মীয়ৰ সৈতে অতি আনন্দৰে বৰযাত্ৰী লৈ কইনাৰ ঘৰলৈ ৰাওনা হৈছিল। কিন্তু গন্তব্যস্থান পোৱাৰ মাত্ৰ কেইমিটাৰমান পূৰ্বে মনেচ্ছা-বাদশ্বাহী পথত বাইকত অহা দুৰ্বৃত্তই চলন্ত গাড়ীখন ৰখাই আজাদৰ বুকুত লক্ষ্য কৰি গুলীবৰ্ষণ কৰে।


আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে এই বিবাহক লৈ কইনাৰ এজন আত্মীয় অত্যন্ত ক্ষুব্ধ হৈ আছিল। আৰক্ষীয়ে হত্যাকাৰী হিচাপে প্ৰদীপ নামৰ এজন যুৱক আৰু তেওঁৰ সহযোগী ৰবিক চিনাক্ত কৰিছে।


মৃত আজাদৰ পৰিয়ালে জনোৱা মতে, ইয়াৰ পূৰ্বেও তেওঁলোকৰ ওপৰত আক্ৰমণ চলাই হাত-ভৰি ভাঙি দিয়া হৈছিল আৰু শেহতীয়াকৈ তেওঁক ফোনত ভাবুকিও প্ৰদান কৰা হৈছিল।


ঘটনা সন্দৰ্ভত জিলা আৰক্ষী অধীক্ষক অজয় পাল শৰ্মাই সংবাদ মাধ্যমক জনাইছে যে,"অভিযুক্তই পৰিকল্পিতভাৱে এই হত্যাকাণ্ড সংঘটিত কৰিছে। আৰক্ষীৰ কেইবাটাও দলে অভিযুক্তক বিচাৰি অভিযান চলাই আছে। অতি সোনকালেই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ'ব।"


বিয়াৰ মণ্ডপত কইনাই দৰাৰ বাবে অপেক্ষা কৰি থকা অৱস্থাতে এই খবৰে সকলোকে স্তব্ধ কৰি তোলে। হাহি-ধেমালিৰে ভৰি থকা ঘৰখনত এতিয়া কেৱল কান্দোনৰ ৰোল উঠিছে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ঘটনাস্থলীত আৰক্ষী মোতায়েন কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান