--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া নিলম্বিত আৰক্ষী বিষয়া আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য ৷ ৰৌণক আলীৰ বিদেশ ভ্ৰমণৰ তালিকা পৰীক্ষা কৰি হতচকিত হৈ পৰিছে তদন্তকাৰী। আলীয়ে ভ্ৰমণ কৰিছিল ইছলামিক জেহাদীৰ লিংক থকা ভালেমান দেশ ৷ ৰৌণক আলীৰ ভ্ৰমণৰ তালিকাত থকা দেশবোৰ হৈছে বাংলাদেশ, ইউএই আৰু ইণ্ডোনেছিয়া আদি ইছলামিক দেশ ৷

যাৰ বাবে এতিয়া তদন্তকাৰী বিষয়াই জেহাদীৰে ৰৌণকৰ সংম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ কিন্তু চতুৰ ৰৌণকে আৰক্ষীৰ আগত এতিয়াও এই সন্দৰ্ভত মুখ খোলা নাই৷ বেমাৰৰ ভাও ধৰি কোনো কথাৰ উত্তৰ নিদিয়াই আছে ৰৌণক আলী৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, জেৰা কৰিলেই বাৰম্বাৰ মূৰ ঘূৰাই থকা বুলি কৈ বহি থাকে ৰৌণক৷ ইপিনে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনে তদন্তকাৰী বিষয়াক জনোৱা নাই তেওঁৰ সম্পত্তিৰ তথ্যও৷

যাৰ বাবে তদন্ত আগবঢ়াব পৰা নাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে৷ ইপিন আৰক্ষীয়ে পুনৰ ৫দিনৰ জিম্মা বিচাৰিলেও আজি আদালতে ৰৌণকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিম্মাত নিদিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ জিম্মাত নিদিলে কাৰাগাৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে অসম আৰক্ষীৰ বিশেষ শাখাক লগত লৈ ৰৌণকক জেৰা চলাব বুলি জানিবলৈ পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত