--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া নিলম্বিত আৰক্ষী বিষয়া আৰক্ষী বিষয়া ৰৌণক আলী হাজৰিকা সন্দৰ্ভত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য ৷ ৰৌণক আলীৰ বিদেশ ভ্ৰমণৰ তালিকা পৰীক্ষা কৰি হতচকিত হৈ পৰিছে তদন্তকাৰী। আলীয়ে ভ্ৰমণ কৰিছিল ইছলামিক জেহাদীৰ লিংক থকা ভালেমান দেশ ৷ ৰৌণক আলীৰ ভ্ৰমণৰ তালিকাত থকা দেশবোৰ হৈছে বাংলাদেশ, ইউএই আৰু ইণ্ডোনেছিয়া আদি ইছলামিক দেশ ৷

যাৰ বাবে এতিয়া তদন্তকাৰী বিষয়াই জেহাদীৰে ৰৌণকৰ সংম্পৰ্ক থকাৰ সন্দেহ প্ৰকাশ কৰিছে৷ কিন্তু চতুৰ ৰৌণকে আৰক্ষীৰ আগত এতিয়াও এই সন্দৰ্ভত মুখ খোলা নাই৷ বেমাৰৰ ভাও ধৰি কোনো কথাৰ উত্তৰ নিদিয়াই আছে ৰৌণক আলী৷ আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, জেৰা কৰিলেই বাৰম্বাৰ মূৰ ঘূৰাই থকা বুলি কৈ বহি থাকে ৰৌণক৷ ইপিনে দুৰ্নীতিগ্ৰস্ত আৰক্ষী বিষয়াজনে তদন্তকাৰী বিষয়াক জনোৱা নাই তেওঁৰ সম্পত্তিৰ তথ্যও৷

যাৰ বাবে তদন্ত আগবঢ়াব পৰা নাই মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে৷ ইপিন আৰক্ষীয়ে পুনৰ ৫দিনৰ জিম্মা বিচাৰিলেও আজি আদালতে ৰৌণকৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিম্মাত নিদিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ জিম্মাত নিদিলে কাৰাগাৰত মুখ্যমন্ত্ৰী তদাৰকী কোষে অসম আৰক্ষীৰ বিশেষ শাখাক লগত লৈ ৰৌণকক জেৰা চলাব বুলি জানিবলৈ পোৱা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ