--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ফিৰিঙতিৰ পৰা খাণ্ডৱ দাহ! ৰাজকন্যা বৰুৱা কাণ্ডক একেআষাৰে বৰ্ণাবলৈ হ’লে এই আপ্তবাক্যশাৰী ব্যৱহাৰ কৰিব পৰা যায়। ১ অক্টোবৰৰ মাজনিশালৈ পাৰ্টী কৰি সুৰামত্ত অৱস্থাত ওলাই অহা ৰাজকন্যাই দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে আৰক্ষীয়ে সঠিক ব্যৱস্থা কৰা হ’লে পৰিস্থিতিয়ে ইমান জটিল ৰূপ নাপালেহেঁতেন।

 ৰাজকন্যাক অসুস্থ নোহোৱাৰ পাছতো আইচিইউত ৰাখিছিল নভনীল বৰুৱাই 

আৰক্ষীৰ একাংশ লোকৰ দায়িত্বহীনতাৰ বাবেই এতিয়া খাণ্ডৱ দাহ হোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। জ্যেষ্ঠ চিকিৎসকৰ পৰা আৰক্ষীৰ শীৰ্ষতম বিষয়ালৈ এই গোচৰৰ সৈতে নাম সাঙোৰা হৈছে। আটাইতকৈ বেছি বিতৰ্কৰ সন্মুখীন হৈছে জিএনআৰচিৰ চিকিৎসক ডাঃ নভনীল বৰুৱা। তেওঁৰ বিৰুদ্ধে অভিযোগ হ’ল, তেওঁ ৰাজকন্যাক অসুস্থ নোহোৱাৰ পাছতো আইচিইউত ৰাখি তেওঁৰ আৰক্ষীৰ পৰা সুৰক্ষা দিয়াৰ চেষ্টা কৰিছিল। কিন্তু এই অভিযোগৰ বিপক্ষেও বিভিন্নজনে মাত মাতিছে। স্বয়ং ইণ্ডিয়ান মেডিকেল এছ’চিয়েচন ঠিয় হৈছে ডাঃ বৰুৱাৰ পক্ষত। তেওঁলোকৰ মতে চিকিৎসা বিজ্ঞানৰ নিয়ম অনুসৰি ৰাজকন্যাক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছিল। চৰকাৰী মেডিকেল ব’ৰ্ডৰ বিৰুদ্ধেও সন্দেহ ব্যক্ত কৰিছে এছ’চিয়েচনে। এনে অভিযোগ প্ৰতিঅভিযোগৰ মাজত গ্ৰেপ্তাৰ কৰা হ’ল ডাঃ নভনীল বৰুৱাক। দেওবাৰে সন্ধিয়াৰ ভাগত তেওঁক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰু তাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰোঁৱাই জামিনত মুকলি কৰি দিয়ে।
ভাৰতীয় দণ্ডবিধিৰ ২০১, ২১২, আৰু ১২০ (খ)নং ধাৰাত তেওঁক গ্ৰপ্তাৰ কৰা হৈছিল। এই আটাইকেইটা ধাৰাই আছিল জামিনযোগ্য ধাৰা। সেইবাবে স্বাভাৱিকতেই তেওঁ জামিন লাভ কৰে। কিন্তু ৰাজকন্যা কাণ্ডৰ ফিৰিঙতিয়ে চিকিৎসকগৰাকীক যে বাৰুকৈয়ে দহিছে সেইকথা বিভিন্ন মাধ্যমত প্ৰকাশ পোৱা প্ৰতিক্ৰিয়াবোৰৰ পৰা বুজিব পাৰি। চিকিৎসকগৰাকীয়ে নিজেও তেওঁক ৰাজকন্যাক চিনি নাপায় আৰু সুৰক্ষা দিয়াৰ চেষ্টা কৰা নাছিল বুলি মন্তব্য কৰি আত্মপক্ষ সমৰ্থন কৰিছে। আত্মহত্যাৰ প্ৰৱণতা থকা ৰাজকন্যাক অবাঞ্চিত কাৰ্যৰ পৰা বিৰত ৰাখিবলৈহে চিকিৎসকৰ নিৰীক্ষণত ৰখাৰ কথাও তেওঁ প্ৰকাশ কৰিছে। তেওঁ এই ভাষ্যৰ সত্যতা প্ৰমাণিত কৰিছে স্বয়ং আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তয়ো। গতিকে এনে পৰিস্থিতিত আৰক্ষীৰ নাক বচোৱাৰ চেষ্টাতে এনে অবাঞ্চিত হট্টগোলৰ সৃষ্টি কৰা হৈছে নেকি সেয়াও ভাবিবলগীয়া কথা। কিয়নো গোচৰটোত আৰক্ষীৰ গাফিলতিৰ কথাও স্বীকাৰ কৰিছে আৰক্ষী সঞ্চালকপ্ৰধানে।

ডাঃ নভনীল বৰুৱাৰ সমৰ্থনত মত ব্যক্ত কৰিছে বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে


ইফালে, ডাঃ নভনীল বৰুৱাৰ সমৰ্থনত মত ব্যক্ত কৰিছে বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰে। তেওঁ মন্তব্য কৰিছে যে, ‘গোচৰটো আছিল মাতাল হৈ গাড়ী চলাই পথৰ কাষত কাম কৰা মানুহক গুৰুতৰ ভাবে জখম কৰাৰ৷ নভনীল বৰুৱাই এবাৰ জামিনত এৰি দিয়া অভিযুক্তক চিকিৎসালয়ত ভৰ্তি কৰোঁৱাটোৰ লগত এই মূল অভিযোগটোৰ কি সম্পৰ্ক? চিকিৎসালয়ত ভৰ্তি কৰাটো কোনোবাই অনৈতিক বুলিব পাৰে কিন্তু ই নিজেই এটা অপৰাধ হ’ব নোৱাৰে বা এই কথাটোক পূৰ্বতে ঘটি যোৱা অপৰাধ এটাৰ লগত যুক্ত কৰিব নোৱাৰি৷ গ্ৰেপ্তাৰ বাদেই দিলোঁ, এই কথাৰ বাবে এঘন্টাৰ জেৰাৰো প্ৰয়োজনীয় বোধহয় নহয়৷ নৱনীল বৰুৱাৰ গ্ৰেপ্তাৰ আক্ৰোশমূলক৷’
মন কৰিবলগীয়া যে, মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পুনৰ গ্ৰেপ্তাৰ হোৱা ৰাজকন্যা বৰুৱা এতিয়া কাৰাগাৰৰ আলহী হ’বলৈ বাধ্য হৈছে। তদন্তৰ আওতালৈ অনা হৈছে পাৰ্টী অনুষ্ঠিত হোৱা তাজ ভিভাণ্টাকো। তাত উপস্থিত থকা আন আন লোকসকলকো তদন্তৰ আওঁতালৈ অনাৰ কথা প্ৰকাশ কৰিছে আৰক্ষী প্ৰশাসনে। এনে কঠোৰ ব্যৱস্থাই আইন উলংঘনৰ ঘটনা নিয়ন্ত্ৰণ কৰিব বুলি আশা কৰিব পাৰি। কিন্তু একাংশ আৰক্ষীৰ লোকৰ দায়বদ্ধতা আৰু নীতিহীনতাৰ প্ৰশ্নতো এইক্ষেত্ৰতো উলাই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ