--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পত্তিৰ ক্ষেত্ৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেন, পত্নী কল্পনা ছ’ৰেনতকৈ পিছ পৰি আছে। বৃহস্পতিবাৰে বৰহেট বিধান সভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰাৰ সময়ত হেমন্ত ছ’ৰেনে শপতনামাত নিজৰ সম্পত্তিৰ সবিশেষ দাঙি ধৰে।

Kalpana Soren Networth: स्कूल चलाती हैं हेमंत सोरेन की पत्नी, तीन कॉर्मशियल  बिल्डिंग्स हैं नाम, कीमत- 4.87 करोड़ - Who is Kalpana Soren wife of  Jharkhand CM Hemant Soren know about her

এই তথ্য অনুসৰি হেমন্ত ছ’ৰেনৰ হাতত নগদ ধন মাত্ৰ ৪৫ হাজাৰ টকা, আনহাতে তেওঁৰ পত্নী কল্পনা ছ’ৰেনৰ হাতত আছে ২ লাখ পাঁচ হাজাৰ টকা। মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ বিভিন্ন বেংক একাউণ্টত মুঠ ৭৪ লাখ ২৮ হাজাৰ ৬৭৬ টকা আৰু পত্নী কল্পনা ছ’ৰেনৰ বেংক একাউণ্টত ৮১ লাখ ৩১ হাজাৰ ৩৪৮ টকা আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৫ লাখ ২৪ হাজাৰ ৬১২ টকা আৰু পত্নী কল্পনা ছ’ৰেনে বিভিন্ন সামগ্ৰীত ৬১ লাখ ৪৬ হাজাৰ ৩৭৪ টকা বিনিয়োগ কৰিছে। মুখ্যমন্ত্ৰী হেমন্তই এলআইচি আৰু পিপিএফত ৪৩ লাখ ৩৯ হাজাৰ ৫৬৬ টকা জমা দিয়াৰ বিপৰীতে পত্নী কল্পনা ছ’ৰেনে ৬৪ লাখ ৯০ হাজাৰ ৭৮ টকা জমা কৰিছে। মুখ্যমন্ত্ৰী হেমন্তৰ পত্নীৰ হাতত ৯১ লাখ ৯৭ হাজাৰ ৩৫২ টকাৰ গহনা আছে, আনহাতে মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ ১৮ লাখ ৯১ হাজাৰ ১৫২ টকাৰ গহনা আছে।

7,500+ Bank Account Balance Stock Photos, Pictures & Royalty-Free Images -  iStock | Transfer money, Paycheck, Bankrupt

কল্পনা ছ’ৰেনৰ নামত তিনিখন বাহন আছে। এই বাহনসমূহৰ বজাৰ মূল্য ৫৬ লাখ ২০ হাজাৰ ১৩৮ টকা। মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে অকৃষি ভূমিৰ সবিশেষ দাঙি ধৰিছে যাৰ দাম ২০,৬৪,৮৭৫ টকা । দুজন আশ্ৰয়দাতাৰ হাতত ২,৯৬,০২৪ টকা বুলি কোৱা হৈছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ নামত বিভিন্ন থানাতো ৫টা গোচৰ বিচাৰাধীন হৈ আছে।

২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত হেমন্ত ছ’ৰেন মুখ্যমন্ত্ৰী নাছিল। তেওঁৰ হাতত নগদ ২৫ লাখ ১৩ হাজাৰ ৫৩০ টকা আৰু পত্নী কল্পনা ছ’ৰেনৰ হাতত আছিল ২ লাখ ৫৫ হাজাৰ ২৪০ টকা। এনেদৰে পৰ্যবেক্ষণ কৰিলে  মুখ্যমন্ত্রী হিচাপে হেমন্ত ছ’ৰেনে বিগত পাঁচ বছৰত প্রায় ২৫ লাখ টকা খৰচ কৰাৰ বিপৰীতে পত্নী কল্পনা সোৰেনে নগদ ৫০ হাজাৰ টকাহে ব্যয় কৰিছে৷


২০১৯ চনত হেমন্ত ছ’ৰেনৰ বিভিন্ন বেংক একাউণ্টত মুঠ ৩২,৫৪,৫৫৫ টকা থকাৰ লগতে কল্পনা ছ’ৰেনৰ বেংক একাউণ্টত মুঠ ১৭,৮২,৯৪৫ টকা আছিল। এতিয়া পাঁচ বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ একাউণ্টত ৭৪,২৮,৬৭৬ টকা আৰু পত্নী কল্পনা সোৰেনৰ একাউণ্টত আছে ৮১,৩১,৩৪৮ টকা। এনেদৰে মুখ্যমন্ত্রী হিচাপে হেমন্ত ছ’ৰেনৰ একাউণ্টত মুঠ ৪১,৭৪,১২১ টকা বৃদ্ধি পোৱাৰ লগে লগে পত্নী কল্পনা ছ’ৰেনৰ একাউণ্টত ৬৩,৪৮,৪০৩ টকা বৃদ্ধি পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ