--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সম্পত্তিৰ ক্ষেত্ৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেন, পত্নী কল্পনা ছ’ৰেনতকৈ পিছ পৰি আছে। বৃহস্পতিবাৰে বৰহেট বিধান সভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰাৰ সময়ত হেমন্ত ছ’ৰেনে শপতনামাত নিজৰ সম্পত্তিৰ সবিশেষ দাঙি ধৰে।

Kalpana Soren Networth: स्कूल चलाती हैं हेमंत सोरेन की पत्नी, तीन कॉर्मशियल  बिल्डिंग्स हैं नाम, कीमत- 4.87 करोड़ - Who is Kalpana Soren wife of  Jharkhand CM Hemant Soren know about her

এই তথ্য অনুসৰি হেমন্ত ছ’ৰেনৰ হাতত নগদ ধন মাত্ৰ ৪৫ হাজাৰ টকা, আনহাতে তেওঁৰ পত্নী কল্পনা ছ’ৰেনৰ হাতত আছে ২ লাখ পাঁচ হাজাৰ টকা। মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ বিভিন্ন বেংক একাউণ্টত মুঠ ৭৪ লাখ ২৮ হাজাৰ ৬৭৬ টকা আৰু পত্নী কল্পনা ছ’ৰেনৰ বেংক একাউণ্টত ৮১ লাখ ৩১ হাজাৰ ৩৪৮ টকা আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ৫ লাখ ২৪ হাজাৰ ৬১২ টকা আৰু পত্নী কল্পনা ছ’ৰেনে বিভিন্ন সামগ্ৰীত ৬১ লাখ ৪৬ হাজাৰ ৩৭৪ টকা বিনিয়োগ কৰিছে। মুখ্যমন্ত্ৰী হেমন্তই এলআইচি আৰু পিপিএফত ৪৩ লাখ ৩৯ হাজাৰ ৫৬৬ টকা জমা দিয়াৰ বিপৰীতে পত্নী কল্পনা ছ’ৰেনে ৬৪ লাখ ৯০ হাজাৰ ৭৮ টকা জমা কৰিছে। মুখ্যমন্ত্ৰী হেমন্তৰ পত্নীৰ হাতত ৯১ লাখ ৯৭ হাজাৰ ৩৫২ টকাৰ গহনা আছে, আনহাতে মুখ্যমন্ত্ৰীৰ হাতত মাত্ৰ ১৮ লাখ ৯১ হাজাৰ ১৫২ টকাৰ গহনা আছে।

7,500+ Bank Account Balance Stock Photos, Pictures & Royalty-Free Images -  iStock | Transfer money, Paycheck, Bankrupt

কল্পনা ছ’ৰেনৰ নামত তিনিখন বাহন আছে। এই বাহনসমূহৰ বজাৰ মূল্য ৫৬ লাখ ২০ হাজাৰ ১৩৮ টকা। মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনে অকৃষি ভূমিৰ সবিশেষ দাঙি ধৰিছে যাৰ দাম ২০,৬৪,৮৭৫ টকা । দুজন আশ্ৰয়দাতাৰ হাতত ২,৯৬,০২৪ টকা বুলি কোৱা হৈছে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হেমন্ত ছ’ৰেনৰ নামত বিভিন্ন থানাতো ৫টা গোচৰ বিচাৰাধীন হৈ আছে।

২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত হেমন্ত ছ’ৰেন মুখ্যমন্ত্ৰী নাছিল। তেওঁৰ হাতত নগদ ২৫ লাখ ১৩ হাজাৰ ৫৩০ টকা আৰু পত্নী কল্পনা ছ’ৰেনৰ হাতত আছিল ২ লাখ ৫৫ হাজাৰ ২৪০ টকা। এনেদৰে পৰ্যবেক্ষণ কৰিলে  মুখ্যমন্ত্রী হিচাপে হেমন্ত ছ’ৰেনে বিগত পাঁচ বছৰত প্রায় ২৫ লাখ টকা খৰচ কৰাৰ বিপৰীতে পত্নী কল্পনা সোৰেনে নগদ ৫০ হাজাৰ টকাহে ব্যয় কৰিছে৷


২০১৯ চনত হেমন্ত ছ’ৰেনৰ বিভিন্ন বেংক একাউণ্টত মুঠ ৩২,৫৪,৫৫৫ টকা থকাৰ লগতে কল্পনা ছ’ৰেনৰ বেংক একাউণ্টত মুঠ ১৭,৮২,৯৪৫ টকা আছিল। এতিয়া পাঁচ বছৰৰ পাছত মুখ্যমন্ত্ৰীৰ একাউণ্টত ৭৪,২৮,৬৭৬ টকা আৰু পত্নী কল্পনা সোৰেনৰ একাউণ্টত আছে ৮১,৩১,৩৪৮ টকা। এনেদৰে মুখ্যমন্ত্রী হিচাপে হেমন্ত ছ’ৰেনৰ একাউণ্টত মুঠ ৪১,৭৪,১২১ টকা বৃদ্ধি পোৱাৰ লগে লগে পত্নী কল্পনা ছ’ৰেনৰ একাউণ্টত ৬৩,৪৮,৪০৩ টকা বৃদ্ধি পাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ