--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ এখন থানাত সংঘটিত হোৱা অমানবীয় অত্যাচাৰৰ গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি. আহলুৱালিয়াৰ একক বিচাৰপীঠে আৰক্ষী সঞ্চালক প্ৰধানক তিনি মাহৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ জিলাসমূহৰ থানাৰ প্ৰতিটো কোঠাত অডিঅ’ সুবিধা থকা চিচিটিভি কেমেৰা লগাবলৈ নিৰ্দেশ দিছে৷ এই কাৰ্যৰ বিফলতাক ন্যায়ালয়ৰ অৱজ্ঞাৰ সমান হ’ব বুলি উল্লেখ কৰিছে নিৰ্দেশনাত৷

আদালতে এই গোচৰ পৰ্যবেক্ষণ কৰাৰ পাছত কয় যে আবেদনকাৰীক সংশ্লিষ্ট থানাত আৰক্ষী কৰ্মীয়ে ইচ্ছাকৃতভাৱে চিচিটিভি কেমেৰা নথকা কোঠা এটাত বেয়াকৈ প্ৰহাৰ কৰিছিল । প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ এখন গাঁৱৰ বাসিন্দাই আবেদনকাৰীয়ে কাম কৰা কোম্পানীটোৰ ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়াৰ পাছত কোম্পানীটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী (আবেদনকাৰীজন) সেই স্থানলৈ গৈছিল য’ত ইতিমধ্যে আৰক্ষী বিষয়া উপস্থিত আছিল।

তেওঁ বিষয়াজনক সেই বিষয়ে সুধাত আৰক্ষীবিষয়া গৰাকীয়ে খং কৰি আবেদনকাৰী বিষয়া গৰাকীক মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। আৰু তেওঁক আৰক্ষীয়ে সংশ্লিষ্ট থানালৈ লৈ যায় আৰু তাতো তেওঁক মাৰপিত কৰে৷ ভুক্তভোগী ন্যায় বিচাৰি আদালতৰ কাষ চাপে৷

মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে উক্ত গোচৰৰ ৰায় দানত আৰক্ষী সঞ্চালক প্ৰধানলৈ এই নিৰ্দেশ জাৰি কৰিছে যে অডিঅ' ৰেকৰ্ডিং সহ চিচিটিভি কেমেৰা প্ৰত্যেক খন থানাৰ প্ৰত্যেক কোঠাত পৰৱৰ্তী তিনি মাহৰ ভিতৰত স্থাপন কৰিব লাগিব।

আদালতে কোনো ধৰণৰ গাফিলতি আদালত অবমাননা হিচাপে গণ্য হ'ব, আৰু যিসকল বিষয়াৰ ওপৰত দ্বায়িত্ব থাকে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আৰক্ষী সঞ্চালক প্ৰধানক আদালতলৈ স্থিতি সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ যোগ্য যে ২০২০ চনৰ ২ ডিচেম্বৰত পৰমবীৰ সিং ছৈনী আৰু বলজীত সিং গোচৰৰ ৰায়ত, ভাৰতৰ সুপ্ৰিম ক'ৰ্টে সকলো থানাত আৰু অনুসন্ধান সংস্থাৰ কাৰ্য্যালয়ত চিসিটিভি কেমেৰা স্থাপনৰ নিৰ্দেশ দিছিল যাতে স্বচ্ছতা আৰু মানবাধিকাৰ লঙ্ঘন ৰোধ কৰিব পাৰে। ৰাজ্য আৰু জিলা পৰ্যায়ত নজৰদাৰী সংস্থা গঠনৰো আদেশ প্ৰদান কৰিছিল যাতে ফুটেজসমূহৰ পৰ্যবেক্ষণ আৰু নিৰ্দেশনাসমূহ অনুসৰণ নিশ্চিত কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম