--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মধ্যপ্ৰদেশৰ এখন থানাত সংঘটিত হোৱা অমানবীয় অত্যাচাৰৰ গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ জি. আহলুৱালিয়াৰ একক বিচাৰপীঠে আৰক্ষী সঞ্চালক প্ৰধানক তিনি মাহৰ ভিতৰত সমগ্ৰ ৰাজ্যৰ জিলাসমূহৰ থানাৰ প্ৰতিটো কোঠাত অডিঅ’ সুবিধা থকা চিচিটিভি কেমেৰা লগাবলৈ নিৰ্দেশ দিছে৷ এই কাৰ্যৰ বিফলতাক ন্যায়ালয়ৰ অৱজ্ঞাৰ সমান হ’ব বুলি উল্লেখ কৰিছে নিৰ্দেশনাত৷

আদালতে এই গোচৰ পৰ্যবেক্ষণ কৰাৰ পাছত কয় যে আবেদনকাৰীক সংশ্লিষ্ট থানাত আৰক্ষী কৰ্মীয়ে ইচ্ছাকৃতভাৱে চিচিটিভি কেমেৰা নথকা কোঠা এটাত বেয়াকৈ প্ৰহাৰ কৰিছিল । প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ চনৰ ১৭ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ এখন গাঁৱৰ বাসিন্দাই আবেদনকাৰীয়ে কাম কৰা কোম্পানীটোৰ ট্ৰাকৰ চলাচল বন্ধ কৰি দিয়াৰ পাছত কোম্পানীটোৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী (আবেদনকাৰীজন) সেই স্থানলৈ গৈছিল য’ত ইতিমধ্যে আৰক্ষী বিষয়া উপস্থিত আছিল।

তেওঁ বিষয়াজনক সেই বিষয়ে সুধাত আৰক্ষীবিষয়া গৰাকীয়ে খং কৰি আবেদনকাৰী বিষয়া গৰাকীক মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। আৰু তেওঁক আৰক্ষীয়ে সংশ্লিষ্ট থানালৈ লৈ যায় আৰু তাতো তেওঁক মাৰপিত কৰে৷ ভুক্তভোগী ন্যায় বিচাৰি আদালতৰ কাষ চাপে৷

মধ্যপ্রদেশ উচ্চ ন্যায়ালয়ে উক্ত গোচৰৰ ৰায় দানত আৰক্ষী সঞ্চালক প্ৰধানলৈ এই নিৰ্দেশ জাৰি কৰিছে যে অডিঅ' ৰেকৰ্ডিং সহ চিচিটিভি কেমেৰা প্ৰত্যেক খন থানাৰ প্ৰত্যেক কোঠাত পৰৱৰ্তী তিনি মাহৰ ভিতৰত স্থাপন কৰিব লাগিব।

আদালতে কোনো ধৰণৰ গাফিলতি আদালত অবমাননা হিচাপে গণ্য হ'ব, আৰু যিসকল বিষয়াৰ ওপৰত দ্বায়িত্ব থাকে তেওঁলোকৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। আৰক্ষী সঞ্চালক প্ৰধানক আদালতলৈ স্থিতি সন্দৰ্ভত সম্পূৰ্ণ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে।

উল্লেখ যোগ্য যে ২০২০ চনৰ ২ ডিচেম্বৰত পৰমবীৰ সিং ছৈনী আৰু বলজীত সিং গোচৰৰ ৰায়ত, ভাৰতৰ সুপ্ৰিম ক'ৰ্টে সকলো থানাত আৰু অনুসন্ধান সংস্থাৰ কাৰ্য্যালয়ত চিসিটিভি কেমেৰা স্থাপনৰ নিৰ্দেশ দিছিল যাতে স্বচ্ছতা আৰু মানবাধিকাৰ লঙ্ঘন ৰোধ কৰিব পাৰে। ৰাজ্য আৰু জিলা পৰ্যায়ত নজৰদাৰী সংস্থা গঠনৰো আদেশ প্ৰদান কৰিছিল যাতে ফুটেজসমূহৰ পৰ্যবেক্ষণ আৰু নিৰ্দেশনাসমূহ অনুসৰণ নিশ্চিত কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত বনৰীয়া হাতী বিলুপ্ত হোৱাৰ শংকা
জুবিনৰ সমাধিত শ্রদ্ধা জনাবলৈ কাইলৈ আহিব ৰাহুল গান্ধী
ব্লেক কফি খালে দূৰ হয় ফেটি লিভাৰৰ সমস্যা
৬ কোটি টকাৰ ব্যয়েৰে অযোধ্যাত সম্পূৰ্ণ হ'ল ৰামায়ণৰ ওপৰত বিশ্বৰ প্ৰথমটো মমৰ সংগ্ৰহালয়
নাজিৰাত বিলাসী বাহনসহ চুৰি গৰু উদ্ধাৰ!  দুজনক আটক আৰু গৰুভৰ্তি দুখন বাহনৰ পলায়ন
গৰৈমাৰীত চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহৰ অভিযোগ:পুৰুষ মহিলাৰ তীব্ৰ প্ৰতিবাদ
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য