--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • জীঅ' প্লেটফৰ্মছৰ প্ৰস্তাৱিত আই পি অ' প্ৰায় ৩০,২১৩ কোটি টকাৰ। শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ লগে লগে এইটোৱে হ’ব ভাৰতৰ আজিকোপতিৰ সৰ্ববৃহৎ আই পি অ'।

ডিজিটেল ডেস্ক: গুজৰাটৰ সৰু চহৰ চোৰৱাদৰ পৰা আৰম্ভ হৈছিল ধীৰুভাই আম্বানীৰ এক সুদূৰপ্ৰসাৰী সপোন। সাধাৰণ মানুহকো দেশৰ অৰ্থনৈতিক বিকাশৰ অংশীদাৰ কৰি তোলাৰ সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে ১৯৭৭ চনত ৰিলায়েন্সৰ ৰাজহুৱা শ্বেয়াৰ ইছ্যুৰ জৰিয়তে ভাৰতৰ বহু পৰিয়ালৰ বাবে বিনিয়োগৰ এক নতুন দুৱাৰ মুকলি কৰা হৈছিল। সপোন দেখাৰ পৰা তাক বাস্তৱায়িত কৰালৈকে আৰম্ভ হৈছিল সম্প্ৰসাৰণৰ এক নৱতম অধ্যায়। জামনগৰৰ বিশাল ঔদ্যোগিক প্ৰকল্পই ভাৰতৰ ঔদ্যোগিক মানচিত্ৰত এক নতুন যুগৰ সূচনা কৰিছিল।


পিতৃৰ এই সুদূৰপ্ৰসাৰী সপোনক পৰৱৰ্তী পৰ্যায়লৈ আগুৱাই নিয়াৰ দায়িত্ব ল’লে পৰৱৰ্তী প্ৰজন্মই। সময়ৰ সোঁতত সলনি হ’ল ব্যৱসায়ৰ পৰিসৰ, প্ৰযুক্তি আৰু প্ৰজন্ম। ২০১৬ চনত ভাৰতৰ ডিজিটেল যাত্ৰাত এক ঐতিহাসিক বিপ্লৱ আনিলে জিঅ’ই (JIO)। কেৱল ১৭০ দিনৰ ভিতৰতে ১০ কোটি ভাৰতীয়ক সংযোগ কৰি জিঅ’ই নেটৱৰ্ক খণ্ডত এক অবিশ্বাস্য অভিলেখ সৃষ্টি কৰিলে। এজন ব্যক্তিৰ সপোন কিদৰে কোটি কোটি ভাৰতীয়ৰ আকাংক্ষালৈ ৰূপান্তৰিত হ’ব পাৰে, তাৰেই জ্বলন্ত উদাহৰণ হৈ পৰিল এই যাত্ৰা।


কেৱল টেলিকম খণ্ডতেই নহয়, গ্ৰাম্য সমাজৰ জীৱন-জীৱিকা, শিক্ষা আৰু প্ৰযুক্তিৰ সুবিধা তৃণমূল পৰ্যায়লৈ সম্প্ৰসাৰণ কৰাৰ বাবেও জিঅ’ই লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশৰ ৫৪ হাজাৰখন গাঁৱৰ ৬ কোটি ৬০ লাখ লোকৰ জীৱন স্পৰ্শ কৰাৰ লক্ষ্যৰে বিভিন্ন আঁচনি ৰূপায়ন কৰা হৈছে। ইয়াৰ লগে লগে ১২টা ভাষাত বিনামূলীয়া AI (কৃত্ৰিম বুদ্ধিমত্তা) পাঠ্যক্ৰমৰ ব্যৱস্থা কৰি প্ৰযুক্তিৰ শিক্ষাক সাধাৰণ মানুহৰ কাষলৈ লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে। খুচুৰা ব্যৱসায়ৰ ক্ষেত্ৰতো আম্বানীৰ তৃতীয় প্ৰজন্মই এক সুদৃঢ় ভৱিষ্যৎ গঢ়ি তুলিছে।


এই অবিৰত বিকাশৰ ধাৰা অব্যাহত ৰাখি, বৰ্তমান ডিজিটেল সেৱাৰ এই অগ্ৰণী প্ৰতিষ্ঠান জিঅ’ প্লেটফৰ্মছে (Jio Platforms) লৈছে এক নতুন আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশৰ প্ৰযুক্তি আৰু বজাৰৰ খণ্ডত এক আলোড়ন সৃষ্টি কৰি জিঅ’ই ঘোষণা কৰিছে তেওঁলোকৰ বহুল প্ৰত্যাশিত প্ৰাথমিক জনসাধাৰণৰ শ্বেয়াৰ মুকলি বা আই পি অ' (IPO)। ধীৰুভাই আম্বানীৰ সপোনৰ ভিত্তিত গঢ় লৈ উঠা এই প্ৰতিষ্ঠানটোৰ আই পি অ' সন্দৰ্ভত আজি অনুষ্ঠিত হৈছে এক বিশেষ সংবাদ মেল। 


এই সংবাদ মেলতে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ঐতিহাসিক যাত্ৰাক সুঁৱৰি ঈশা আম্বানীয়ে তেওঁৰ ককাদেউতাক ধীৰুভাই আম্বানিক শ্ৰদ্ধাৰে সোঁৱৰে। ১৯৭৭ চনত ধীৰুভাই আম্বানিয়ে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ আই পি অ' (IPO) লৈ আহিছিল, যাৰ প্ৰায় ৫০ বছৰ সম্পূৰ্ণ হ’বলৈ গৈছে। এই ৫০ বছৰত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে নিজৰ শ্বেয়াৰ হোল্ডাৰসকলক ২৯% হাৰত বাৰ্ষিক ৰিটাৰ্ণ প্ৰদান কৰিছে।


তেওঁ কয়, ''মোৰ ককাদেউতাৰ বাবে ৰিলায়েন্স কেৱল এটা কোম্পানী নাছিল। ৰিলায়েন্স হৈছে এটা প্ৰতিশ্ৰুতি, যাৰ জৰিয়তে প্ৰতিজন ভাৰতীয়ই ভাৰতৰ বিকাশ যাত্ৰাত অংশীদাৰ হোৱাৰ, ইয়াৰ সমৃদ্ধি ভাগ বতৰা কৰাৰ আৰু এটা উন্নত ভৱিষ্যতৰ ওপৰত আস্থা ৰখাৰ সুযোগ লাভ কৰিছে।''


জীঅ' প্লেটফৰ্মছৰ প্ৰস্তাৱিত আই পি অ' প্ৰায় ৩০,২১৩ কোটি টকাৰ। শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ লগে লগে এইটোৱে হ’ব ভাৰতৰ আজিকোপতিৰ সৰ্ববৃহৎ আই পি অ'। এই ইছুটোৰ ওপৰত বিনিয়োগকাৰীসকলৰ লগতে শ্বেয়াৰ বজাৰৰো বিশেষ নজৰ আছে। জিঅ'ৰ আই পি অ' ঘোষণাৰ প্ৰভাৱ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ শ্বেয়াৰতো পৰা দেখা গ’ল। বৃহস্পতিবাৰে কোম্পানীটোৰ শ্বেয়াৰ প্ৰায় ৩ শতাংশ বৃদ্ধি পায় আৰু Nifty 50ৰ শীৰ্ষ লাভজনক শ্বেয়াৰসমূহৰ অন্তৰ্ভুক্ত হয়।


উল্লেখ্য যে এই নতুন পদক্ষেপে ভাৰতৰ বিত্তীয় তথা প্ৰযুক্তিগত খণ্ডত এক নতুন ঐতিহাসিক অধ্যায়ৰ সংযোজন কৰিব বুলি আশা কৰা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী