--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • খুচুৰা মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিক আটাইতকৈ বেছি প্রভাৱ পেলায় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে। যোৱা মাহত খাদ্য সামগ্ৰী বিশেষকৈ শাক-পাচলিৰ দাম যথেষ্ট বৃদ্ধি পায়।

ডিজিটেল ডেস্ক : খুচুৰা মুদ্রাস্ফীতিৰ হাৰ যোৱা মাহত পুনৰ বৃদ্ধি পায়। চৰকাৰে প্ৰকাশ কৰা তথ্যৰ পৰা এই কথা জনা গৈছে। যোৱা মাহত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ একেৰাহে একাদশ মাহৰ বাবে বৃদ্ধি পাই ৫.৫৪% হয়। খুচুৰা মুদ্রাস্ফীতিৰ হাৰ দুবছৰৰ ভিতৰত সৰ্বাধিক হয়। আনহাতে, একেৰাহে চতুৰ্থ মাহত মুদ্রাস্ফীতিৰ হাৰ ৰিজার্ভ বেংকে বান্ধি দিয়া নিৰ্ধাৰিত সীমা ৪%ৰ অধিক হয়। 


উল্লেখযোগ্য যে আগষ্ট মাহত খুচুৰা মুদ্রাস্ফীতিৰ হাৰ ৪.৮৩% আছিল। খুচুৰা মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধিক আটাইতকৈ বেছি প্রভাৱ পেলায় খাদ্য সামগ্ৰীৰ দাম বৃদ্ধিয়ে। যোৱা মাহত খাদ্য সামগ্ৰী বিশেষকৈ শাক-পাচলিৰ দাম যথেষ্ট বৃদ্ধি পায়। ইয়াৰ লগতে খাৰুৱা তেলৰ দাম বৃদ্ধি তথা আমদানি কৰা সামগ্ৰীৰ দাম বৃদ্ধিৰ প্ৰভাৱো আছে। যোৱা মাহত গ্রামাঞ্চলৰ মুদ্রাস্ফীতিৰ হাৰ ৬.০৮% (আগষ্টত ৫.২৪%) আৰু নগৰাঞ্চলত ৪.৮৮% (আগষ্টত ৪.২৫%) আছিল। খাদ্য সামগ্ৰীৰ মুদ্রাস্ফীতিৰ হাৰ আগষ্ট মাহত ৫.৯৭%ৰ তুলনাত ছেপ্টেম্বৰত অধিক বৃদ্ধি পাই ৭.৭৪% হয়গৈ। 


গ্রামাঞ্চলত খাদ্য সামগ্রী মুদ্রাস্ফীতিৰ হাৰ ৮.৬%লৈ আৰু নগৰ অঞ্চলত ৭.১৮%লৈ বৃদ্ধি পায়। যোৱা মাহত সর্বাধিক বৃদ্ধি ১০৮.০৯% দাম বৃদ্ধি পায় পিঁয়াজৰ। আনহাতে, আদাৰ ৬২.৮৫% আৰু নহৰুৰ দাম ৫৪.৬২% বৃদ্ধি পায়। ৰূপৰ অলংকাৰৰ দাম ৮৭% বৃদ্ধি পায়। অৱশ্যে, আলুৰ মুদ্রাস্ফীতিৰ হাৰ ১১.৫০%ত সুস্থিৰ হৈ থাকে আৰু বিলাহীৰ দাম ৮.৬২%লৈ হ্রাস পায়।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
জিলিকি থকা ছাল পাবলৈ কি কৰিব লাগে?
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে