--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ২২ জুন। কাইলৈৰ পৰা আৰম্ভ হব অম্বুবাচী বা ষাঁঠ। আহাৰ মাহত উদযাপন কৰা অসমৰ আন এক উৎসৱ হ'ল অম্বুবাচী বা ষাঁঠ । সংস্কৃতত 'অম্বু'ৰ অৰ্থ পানী আৰু 'বাচী'ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয় বুলি জনবিশ্বাস প্ৰচলিত। 

আহাৰ মাহৰ সাত তাৰিখে এই উৎসৱৰ সূত্ৰপাত হোৱা বাবে অসমকে ধৰি পূৰ্বাঞ্চলত অম্বুবাচীক 'সাত' বা 'ষাঁঠ' বোলা হয়। অম্বুবাচীৰ সময়ত তিনিদিন পৃথিৱী অশুচি হৈ থাকে বুলি বিশ্বাস কৰা অম্বুবাচীৰ প্ৰবৃত্তি হ'ব ২২ জুন, বৃহস্পতিবাৰ নিশা ২ বাজি ৩২ মিনিটত আৰু নিবৃত্তি হ'ব ২৬ জুন, সোমবার দুপৰীয়া ২ বাজি ৫৬ মিনিটত। অম্বুবাচীৰ সময়ত কি কি কৰিলে শুভ আৰু কি কি কৰিলে অশুভ জানো আহক। 


১) যিসকলে ব্ৰত পালন কৰে সেইসকলে নিয়ম মতে ব্ৰত পালন কৰিব লাগে আৰু যিসকলে ব্ৰত পালন নকৰে তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। 

২) বিধৱা আৰু অম্বুবাচীৰ সময়ত ঋতুস্ৰাৱ হোৱা মহিলাই এই দিনকেইটাত উপবাসে থাকি ব্ৰত পালন কৰিলে শুভ ফল লাভ কৰে।

৩) লোক বিশ্বাসমতে এই সময়ত উঁই পৰুৱা, গুৰি পৰুৱা, কেঁচু আদিয়েও মাটি নাখান্দে। গতিকে মাটি খন্দাৰ পৰা বিৰত থাকিব লাগে।

৪) হাল-কোৰ বাব নালাগে। খেতি নকৰিব। গছ ৰোপণ কৰিব নালাগে।

৫) পূজা-পাৰ্বণকে ধৰি কোনো ধৰণৰ মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব নালাগে।

৬) পৰাপক্ষত বাকচ-পেৰা আদিও খুলিব নালাগে।

৭) অম্বুবাচীৰ নিবৃত্তিৰ সময়ত ঘৰ-বাৰী, কাপোৰ-কানি ধুই-মচি পৰিষ্কাৰ কৰিব লাগে। 

৮) এই সময়ত যিমান পাৰি ইষ্টমন্ত্ৰ জপ কৰক।

৯) এই সময়ত দেৱীৰ মূৰ্তিক ৰঙা কাপোৰেৰে ঢাকি ৰাখক।

১০) অম্বুবাচীৰ সময়ত আম, গাখীৰ সেৱন কৰিলে সাপৰ ভয় দূৰ হয়।

১১) ঘৰ বা মাটি কিনিব নালাগে।

১২) এই সময়ত সাপক কোনো ধৰণৰ আঘাত নিদিব।

১৩) বিশেষ প্ৰয়োজন নোহোৱাকৈ ক'লৈকো যাব নালাগে।

১৪) যিসকলে নিয়মিতভাৱে দেৱী কালী, দুৰ্গা, জগধাত্ৰী, বিপদতাৰিণী, শীতলা, চণ্ডী আদি ঘৰতে পূজা কৰে তেওঁলোকে মূৰ্তিটো ৰঙা কাপোৰেৰে ঢাকি ৰাখিব লাগে।
 
১৫) কিছুমানে অম্বুবাচীৰ তিনিদিন ব্ৰহ্মচৰ্য নিয়ম পালন কৰে। মানি চলাটো ভাল।

১৬) এই সময়ত নদীত গা ধুবও নালাগে বুলি কোৱা হয়।

১৭) অম্বুবাচীৰ সময়চোৱাত কেঁচা বা এৱাঁ গাখীৰ খাব লাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি কেচাঁ গাখীৰ খালে দেহত থকা বিষক্ৰিয়া নাইকিয়া হয়। অম্বুবাচীৰ আটইকেইদিন কেঁচা গাখীৰ খোৱাতো দেহৰ বাবে মংগলজনক।

১৮) কেঁচা ফল-মূল এই সময়চোৱাৰ বাবে উত্তম খাদ্য।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে