--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাইলৈ ২২ জুন। কাইলৈৰ পৰা আৰম্ভ হব অম্বুবাচী বা ষাঁঠ। আহাৰ মাহত উদযাপন কৰা অসমৰ আন এক উৎসৱ হ'ল অম্বুবাচী বা ষাঁঠ । সংস্কৃতত 'অম্বু'ৰ অৰ্থ পানী আৰু 'বাচী'ৰ অৰ্থ প্ৰকাশিত বা পুষ্পিত হোৱা। অম্বুবাচীত পৃথিৱী ঋতুমতী হয় বুলি বিশ্বাস কৰা হয়। আহাৰ মাহৰ সাত তাৰিখে পৃথিৱী ঋতুমতী হয় বুলি জনবিশ্বাস প্ৰচলিত। 

আহাৰ মাহৰ সাত তাৰিখে এই উৎসৱৰ সূত্ৰপাত হোৱা বাবে অসমকে ধৰি পূৰ্বাঞ্চলত অম্বুবাচীক 'সাত' বা 'ষাঁঠ' বোলা হয়। অম্বুবাচীৰ সময়ত তিনিদিন পৃথিৱী অশুচি হৈ থাকে বুলি বিশ্বাস কৰা অম্বুবাচীৰ প্ৰবৃত্তি হ'ব ২২ জুন, বৃহস্পতিবাৰ নিশা ২ বাজি ৩২ মিনিটত আৰু নিবৃত্তি হ'ব ২৬ জুন, সোমবার দুপৰীয়া ২ বাজি ৫৬ মিনিটত। অম্বুবাচীৰ সময়ত কি কি কৰিলে শুভ আৰু কি কি কৰিলে অশুভ জানো আহক। 


১) যিসকলে ব্ৰত পালন কৰে সেইসকলে নিয়ম মতে ব্ৰত পালন কৰিব লাগে আৰু যিসকলে ব্ৰত পালন নকৰে তেওঁলোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। 

২) বিধৱা আৰু অম্বুবাচীৰ সময়ত ঋতুস্ৰাৱ হোৱা মহিলাই এই দিনকেইটাত উপবাসে থাকি ব্ৰত পালন কৰিলে শুভ ফল লাভ কৰে।

৩) লোক বিশ্বাসমতে এই সময়ত উঁই পৰুৱা, গুৰি পৰুৱা, কেঁচু আদিয়েও মাটি নাখান্দে। গতিকে মাটি খন্দাৰ পৰা বিৰত থাকিব লাগে।

৪) হাল-কোৰ বাব নালাগে। খেতি নকৰিব। গছ ৰোপণ কৰিব নালাগে।

৫) পূজা-পাৰ্বণকে ধৰি কোনো ধৰণৰ মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব নালাগে।

৬) পৰাপক্ষত বাকচ-পেৰা আদিও খুলিব নালাগে।

৭) অম্বুবাচীৰ নিবৃত্তিৰ সময়ত ঘৰ-বাৰী, কাপোৰ-কানি ধুই-মচি পৰিষ্কাৰ কৰিব লাগে। 

৮) এই সময়ত যিমান পাৰি ইষ্টমন্ত্ৰ জপ কৰক।

৯) এই সময়ত দেৱীৰ মূৰ্তিক ৰঙা কাপোৰেৰে ঢাকি ৰাখক।

১০) অম্বুবাচীৰ সময়ত আম, গাখীৰ সেৱন কৰিলে সাপৰ ভয় দূৰ হয়।

১১) ঘৰ বা মাটি কিনিব নালাগে।

১২) এই সময়ত সাপক কোনো ধৰণৰ আঘাত নিদিব।

১৩) বিশেষ প্ৰয়োজন নোহোৱাকৈ ক'লৈকো যাব নালাগে।

১৪) যিসকলে নিয়মিতভাৱে দেৱী কালী, দুৰ্গা, জগধাত্ৰী, বিপদতাৰিণী, শীতলা, চণ্ডী আদি ঘৰতে পূজা কৰে তেওঁলোকে মূৰ্তিটো ৰঙা কাপোৰেৰে ঢাকি ৰাখিব লাগে।
 
১৫) কিছুমানে অম্বুবাচীৰ তিনিদিন ব্ৰহ্মচৰ্য নিয়ম পালন কৰে। মানি চলাটো ভাল।

১৬) এই সময়ত নদীত গা ধুবও নালাগে বুলি কোৱা হয়।

১৭) অম্বুবাচীৰ সময়চোৱাত কেঁচা বা এৱাঁ গাখীৰ খাব লাগে। জ্যোতিষ শাস্ত্ৰ অনুসৰি কেচাঁ গাখীৰ খালে দেহত থকা বিষক্ৰিয়া নাইকিয়া হয়। অম্বুবাচীৰ আটইকেইদিন কেঁচা গাখীৰ খোৱাতো দেহৰ বাবে মংগলজনক।

১৮) কেঁচা ফল-মূল এই সময়চোৱাৰ বাবে উত্তম খাদ্য।










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ