--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এহাল দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সম্পন্ন কৰিলে ডিজিটেল নিকাহ। ইয়াকে লৈ চিন্তাত পৰিছে দুয়োটা পৰিয়াল। আনকি দুয়োৰে ধৰ্মও বেলেগ। বিহাৰৰ মুজাফ্ফৰপুৰত ঘটিছে এই ঘটনা। বৰ্তমান ল’ৰা আৰু ছোৱালী দুয়োজনেই দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে। 

মোবাইলত নিকাহ কৰি একেলগে থাকিবলৈ অটল দুই প্ৰেমিক-প্ৰেমিকা। বিষয়টো পোহৰলৈ অহাৰ পাছত ছাত্ৰজনৰ পৰিয়ালে ছাত্ৰজনক পতিয়ন নিয়াবলৈ আৰক্ষীক আবেদন জনাইছে।

দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে হোৱাটছএপত তিনিবাৰকৈ প্ৰেমিকাগৰাকীলৈ লিখিছিল ‘কবুল হে...কবুল হে...কবুল হে...’। ছোৱালীজনীয়েও তিনিবাৰ ‘কবুল হে...কবুল হে...কবুল হে...’ লিখি তেওঁক উত্তৰ দিছিল। ইয়াৰ পাছতেই ছাত্ৰজনে তেওঁক পত্নী হিচাপে গ্ৰহণ কৰিছে। পৰিয়ালৰ বিৰোধিতা সত্ত্বেও দুয়ো একেলগে থাকিবলৈ অটল।
whatsapp chat screenshot
আনহাতে দুয়োৰে পৰিয়ালে এই বিবাহক বৈধ বুলি নাভাবি আৰক্ষীৰ সহায়ত দুয়োকে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছে। ইফালে প্ৰেমত উন্মাদ ছাত্ৰজনে দেওবাৰে মুজাফ্ফৰপুৰ নগৰ থানাত দুঘণ্টা ধৰি হাই ভল্টেজৰ নাটকৰ সৃষ্টি কৰে। যিকোনো মূল্যৰ বিনিময়ত প্ৰেমিকাৰ লগত থাকিব বুলি তেওঁ জনাই দিছে। দুয়ো দুবছৰ ধৰি ইজনে সিজনক ভাল পায় বুলি প্ৰকাশ কৰিছে।

ছাত্ৰজনে জনোৱা মতে, যেতিয়া তেওঁলোকৰ পৰিয়ালৰ লোকে তেওঁলোকৰ ডিজিটেল বিবাহৰ তথ্য লাভ কৰে তেতিয়া তেওঁলোকৰ ফোন কাঢ়ি লৈ ​​যায়। 

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনে পিতৃ-মাতৃ আৰু সমগ্ৰ পৰিয়ালটোৰ পৰা নিজকে আঁতৰাই ৰাখিছে। বিষয়টো পোহৰলৈ অহাত আৰক্ষীয়ে ছাত্ৰজনৰ মোবাইল পৰীক্ষা কৰে। ছোৱালীজনীৰ সৈতে তেওঁৰ বহু ফটো আৰু হোৱাটছএপ চ্যাট ফোনত উদ্ধাৰ হোৱাত ডিজিটেল নিকাহ নিশ্চিত হয়। আৰক্ষীৰ মতে, ছোৱালীজনীয়েও তেওঁক স্বামী বুলি গণ্য কৰি সেন্দুৰ লগাবলৈ আৰম্ভ কৰিছে।

দুয়ো ভিন্ন ধৰ্মৰ বাবে আৰক্ষীৰ উদ্বেগ আৰু অধিক বৃদ্ধি পাইছে। মহানগৰীৰ আৰক্ষী থানাত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ছাত্ৰজনক পতিয়ন নিয়াবলৈ চেষ্টা কৰা হৈছিল যদিও তেওঁ নিজৰ সিদ্ধান্তত অটল আছিল। বৰ্তমান আৰক্ষীয়ে দুয়োটা পৰিয়ালৰ সৈতে কথা পাতি বিষয়টো শান্ত কৰাৰ চেষ্টা চলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ