--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ বিভিন্ন আদালতত সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে প্রায় ৫ হাজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। সাংসদ আৰু বিধায়কসকলে তদন্তৰ প্ৰক্ৰিয়া লেহেম কৰাত নিজৰ প্ৰভাৱ খটুৱাই আহিছে। উচ্চতম ন্যায়ালয়ত এই গোচৰবোৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে এখন আবেদন দাখিল কৰা হৈছিল। এই গোচৰটোত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদাতা তথা জ্যেষ্ঠ অধিবক্তা বজয় হন্সাৰিয়াই আদালতত এখন শপতনামা দাখিল কৰে। 

তেওঁ উল্লেখ কৰে যে বিধায়ক আৰু সাংসদসকলে গোচৰৰ তদন্ত প্রক্রিয়াত প্রভাৱ‌ খটুৱাই এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সময়মতে শেষ হোৱাৰ বাধাৰ সৃষ্টি কৰে। শপতনামাখনত এই বুলিও কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে সময়ে সময়ে দি অহা নির্দেশ আৰু উচ্চ ন্যায়ালয়সমূহে নিৰীক্ষণ কৰি থকা সত্ত্বেও সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে বৃহৎ সংখ্যক গোচৰ এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে। ই আমাৰ দেশৰ গণতান্ত্রিক গাঁথনিত এটা ক'লা দাগ বুলি শপতনামাখনত উল্লেখ কৰা হৈছে। এনে অৱস্থাত উচ্চতম ন্যায়ালয়ে এই গোচৰবোৰৰ খৰতকীয়া শুনানি আৰু নিষ্পত্তি কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়াৰ অনুৰোধ জনোৱা হৈছে।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post