--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশৰ বিভিন্ন আদালতত সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে প্রায় ৫ হাজাৰ গোচৰ নিষ্পত্তি নোহোৱাকৈ আছে। সাংসদ আৰু বিধায়কসকলে তদন্তৰ প্ৰক্ৰিয়া লেহেম কৰাত নিজৰ প্ৰভাৱ খটুৱাই আহিছে। উচ্চতম ন্যায়ালয়ত এই গোচৰবোৰৰ খৰতকীয়া নিষ্পত্তিৰ বাবে এখন আবেদন দাখিল কৰা হৈছিল। এই গোচৰটোত উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদাতা তথা জ্যেষ্ঠ অধিবক্তা বজয় হন্সাৰিয়াই আদালতত এখন শপতনামা দাখিল কৰে। 

তেওঁ উল্লেখ কৰে যে বিধায়ক আৰু সাংসদসকলে গোচৰৰ তদন্ত প্রক্রিয়াত প্রভাৱ‌ খটুৱাই এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সময়মতে শেষ হোৱাৰ বাধাৰ সৃষ্টি কৰে। শপতনামাখনত এই বুলিও কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ে সময়ে সময়ে দি অহা নির্দেশ আৰু উচ্চ ন্যায়ালয়সমূহে নিৰীক্ষণ কৰি থকা সত্ত্বেও সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে বৃহৎ সংখ্যক গোচৰ এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে। ই আমাৰ দেশৰ গণতান্ত্রিক গাঁথনিত এটা ক'লা দাগ বুলি শপতনামাখনত উল্লেখ কৰা হৈছে। এনে অৱস্থাত উচ্চতম ন্যায়ালয়ে এই গোচৰবোৰৰ খৰতকীয়া শুনানি আৰু নিষ্পত্তি কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিয়াৰ অনুৰোধ জনোৱা হৈছে।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ