--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ বনজুইৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে আমেৰিকাৰ সাঁতোৰবিদ গেৰী হল জুনিয়ৰ। এই জুইত গেৰী হল জুনিয়ৰৰ ১০টা অলিম্পিক পদক জ্বলি ছাই হৈ পৰে। 

ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সাঁতোৰবিদ গেৰী হল জুনিয়ৰ। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত অগ্নিকাণ্ডত গেৰী হল জুনিয়ৰৰ ১০টা অলিম্পিক পদক আৰু ৬টা বিশ্ব চেম্পিয়নশ্বিপ পদক ধ্বংস হয়। অৱশ্যে এতিয়া এই সমগ্ৰ ঘটনাক লৈ গেৰী হল জুনিয়ৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

গেৰী হল জুনিয়ৰে কয়,‘সকলোৱে জানিব বিচাৰে যে পদকবোৰ জ্বলি গ’ল নেকি? হয়, সকলো জ্বলি শেষ হৈ গ’ল। এইটো এনেকুৱা এটা বস্তু যাৰ অবিহনে মই জীয়াই থাকিব পাৰো । মই ভাবো সকলোবোৰ কেৱল বস্তু। পুনৰ আৰম্ভ কৰিবলৈ কিছু কষ্টকৰ হ’ব। নাজানো এইটো সময়ত কি কৰিব পাৰি? তেওঁ ক’লে যে এতিয়া মই ছাইখিনিৰ মাজতে চাম মেডেলবোৰ গলি গৈছে নেকি। সঞ্চয়ৰ যোগ্য কিবা এটা বিচাৰি পামনে? চাগে নহয়। এই জুই আপুনি চোৱা যিকোনো ভয়ানক চিনেমাতকৈও ১০০০ গুণ বেয়া আছিল। 

এই অগ্নিকাণ্ডৰ সন্দৰ্ভত গেৰী হল জুনিয়ৰে কয় যে মই মোৰ ছোৱালীজনীৰ সৈতে ফোনত কথা পাতি আছিলো। দেখিলো মোৰ ঘৰৰ পিছফালৰ পৰা ধোঁৱা ওলাই আহিছে। মই জুই বাঢ়ি অহা,ঘৰবোৰ খহি পৰা আৰু বিস্ফোৰণ হোৱা দেখিছিলো। লগে লগে সকলো এৰি পত্নীৰ সৈতে ঘৰৰ বাহিৰলৈ ওলাই আহিলো। 

উল্লেখ্য যে মঙলবাৰে লছ এঞ্জেলছৰ জুই পেচিফিক পেলিছাডছ, পাছাডেনা, আলটাডেনা আৰু হলিউড হিলছ অঞ্চলত দ্ৰুতগতিত বিয়পি পৰে। দৰাচলতে চান্টা এনা ধুমুহাই জুই বৃদ্ধি কৰাত মুখ্য ভূমিকা লৈছে, যাৰ বাবে জুইয়ে ১০৮ বৰ্গ কিলোমিটাৰ ভূমি ধ্বংস কৰিছে। ইফালে এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লগতে এক লাখৰো অধিক লোকে ঘৰ খালী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post