--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছৰ বনজুইৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে আমেৰিকাৰ সাঁতোৰবিদ গেৰী হল জুনিয়ৰ। এই জুইত গেৰী হল জুনিয়ৰৰ ১০টা অলিম্পিক পদক জ্বলি ছাই হৈ পৰে। 

ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ সাঁতোৰবিদ গেৰী হল জুনিয়ৰ। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত অগ্নিকাণ্ডত গেৰী হল জুনিয়ৰৰ ১০টা অলিম্পিক পদক আৰু ৬টা বিশ্ব চেম্পিয়নশ্বিপ পদক ধ্বংস হয়। অৱশ্যে এতিয়া এই সমগ্ৰ ঘটনাক লৈ গেৰী হল জুনিয়ৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

গেৰী হল জুনিয়ৰে কয়,‘সকলোৱে জানিব বিচাৰে যে পদকবোৰ জ্বলি গ’ল নেকি? হয়, সকলো জ্বলি শেষ হৈ গ’ল। এইটো এনেকুৱা এটা বস্তু যাৰ অবিহনে মই জীয়াই থাকিব পাৰো । মই ভাবো সকলোবোৰ কেৱল বস্তু। পুনৰ আৰম্ভ কৰিবলৈ কিছু কষ্টকৰ হ’ব। নাজানো এইটো সময়ত কি কৰিব পাৰি? তেওঁ ক’লে যে এতিয়া মই ছাইখিনিৰ মাজতে চাম মেডেলবোৰ গলি গৈছে নেকি। সঞ্চয়ৰ যোগ্য কিবা এটা বিচাৰি পামনে? চাগে নহয়। এই জুই আপুনি চোৱা যিকোনো ভয়ানক চিনেমাতকৈও ১০০০ গুণ বেয়া আছিল। 

এই অগ্নিকাণ্ডৰ সন্দৰ্ভত গেৰী হল জুনিয়ৰে কয় যে মই মোৰ ছোৱালীজনীৰ সৈতে ফোনত কথা পাতি আছিলো। দেখিলো মোৰ ঘৰৰ পিছফালৰ পৰা ধোঁৱা ওলাই আহিছে। মই জুই বাঢ়ি অহা,ঘৰবোৰ খহি পৰা আৰু বিস্ফোৰণ হোৱা দেখিছিলো। লগে লগে সকলো এৰি পত্নীৰ সৈতে ঘৰৰ বাহিৰলৈ ওলাই আহিলো। 

উল্লেখ্য যে মঙলবাৰে লছ এঞ্জেলছৰ জুই পেচিফিক পেলিছাডছ, পাছাডেনা, আলটাডেনা আৰু হলিউড হিলছ অঞ্চলত দ্ৰুতগতিত বিয়পি পৰে। দৰাচলতে চান্টা এনা ধুমুহাই জুই বৃদ্ধি কৰাত মুখ্য ভূমিকা লৈছে, যাৰ বাবে জুইয়ে ১০৮ বৰ্গ কিলোমিটাৰ ভূমি ধ্বংস কৰিছে। ইফালে এই পৰ্যন্ত ১০ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। লগতে এক লাখৰো অধিক লোকে ঘৰ খালী কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ