--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ জনপ্ৰিয় শ্বাটলাৰ পি ভি সিন্ধুৱে ২২ ডিচেম্বৰত উদয়পুৰৰ বিলাসী ৰিজ’ৰ্ট ৰাফেলছত ভেংকট দত্ত সাইৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ বাতৰিৰে শিৰোনাম দখল কৰা পি ভি সিন্ধুৱে পুনৰ দখল কৰিছে সংবাদ শিৰোনাম৷

বিয়াৰ মাহ-হালধিৰ গোন্ধ নৌযাওতেই পুনৰ বেডমিন্টন ক'ৰ্টলৈ প্ৰত্যাৱৰ্তন কৰাৰ বাবে সাজু হৈছে পি ভি সিন্ধু। 

দুবাৰকৈ অলিম্পিক পদক জয় কৰা ভাৰতৰ মহিলা শ্বাটলাৰ পি ভি সিন্ধুৱে অহা ১৪-১৯ জানুৱাৰীলৈ নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া য়ুনেক্স-ছানৰাইজ ইণ্ডিয়া অ'পেন বি ডব্লিউ এফ ৱৰ্ল্ড ট্যুৰ ছুপাৰ ৭৫০ প্রতিযোগিতাত অংশ ল'ব। 

উল্লেখ্য যে ভাৰতীয় বেডমিন্টন সন্থাই আয়োজন কৰা তৃতীয় সংস্কৰণৰ প্ৰতিযোগিতাখনত আয়োজক ভাৰতৰ সৰ্ববৃহৎ এটা দলে খেলিব। সিন্ধুৰ লগতে লক্ষ্য সেন, এইচ এছ প্রণয়, পুৰুষৰ ডাবলছ যুটি চিৰাগ ছেট্টী-সাত্বিক ছাইৰাজ ৰাংকিৰেড্ডীসহ অভিজ্ঞ তথা নৱাগত শ্বাটলাৰে গঠিত ভাৰতৰ ২১জনীয়া দলে প্রতিযোগিতাত খেলিব। 

নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ কে ডি যাদৱ ইনড'ৰ হলত অনুষ্ঠিত হ'ব লগা প্রতিযোগিতাখনত ২৮খন দেশৰ ২৫৬ পুৰুষ-মহিলা শ্বাটলাৰে অংশ ল'ব। ইয়াৰে ৫০ গৰাকী শ্বাটলাৰে অলিম্পিয়ান হোৱাৰ লগতে প্রায় সমসংখ্যক খেলুৱৈ অলিম্পিক, এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ পদকজয়ী তাৰকাৰ লগতে শীর্ষ ৰেংকিং লাভ কৰা। 

এইবাৰ প্ৰতিযোগিতাৰ প্রাইজমানি ৯৫০ হাজাৰ মার্কিন ডলাৰ হোৱাৰ লগতে বিশ্ব বেডমিন্টন সন্থাই ১১ হাজাৰ ৰেংকিং পইন্ট প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ