--°C
Loading...
Listen to Article
2 min read
80%
খাদ্য বিষক্ৰিয়া মানিবলগীয়া কেইটামান ঘৰুৱা উপায় ডিজিটেল ডেস্ক: বৰ্তমান যুগত বেছিভাগ লোকে বাহিৰৰ খাদ্য খাই ভাল পায়। যাৰ বাবে কোনো কোনো সময়ত খাদ্যৰ বিষক্ৰিয়াৰ হোৱা দেখা যায়। এইবোৰ সাধাৰণতে সঠিক সময়ত নোখোৱা, অপৰিষ্কাৰ খাদ্য গ্ৰহণ বা লেতেৰা পানীৰ বাবে হ'ব পাৰে। বহু সময়ত ইয়াৰ কাৰণ লেতেৰা হাতেৰে খোৱা, ঠাণ্ডা বা অপৰিষ্কাৰকৈ ৰন্ধা ফলতো হয়। এনে পৰিস্থিতিত খাদ্যৰ বিষক্ৰিয়া হ’লে আপুনি ভয় নকৰিব, ঘৰতে অৱলম্বন কৰক এইসমূহ সহজ উপায়। খাদ্যৰ বিষক্ৰিয়া হ’লে এইসমূহ নিয়ম মানিব পাৰি ১. খাদ্যত যেতিয়া বিষক্ৰিয়া হয়, বমি, ডায়েৰিয়া আৰু পেটৰ সমস্যা হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কেইঘণ্টামানৰ বাবে খোৱা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। ২. যথেষ্ট পৰিমাণে পানীয় গ্ৰহণ কৰক। বমি আৰু ডায়েৰিয়াৰ ফলত ডিহাইড্ৰেচন হ'ব পাৰে, সেয়েহে ডিহাইড্ৰেচন প্ৰতিৰোধ কৰাৰ বাবে ইলেক্ট্ৰলাইট উৎকৃষ্ট বুলিব পাৰি। ৩. সাধাৰণ খাদ্য গ্ৰহণ কৰিব। যেনে-কোমল, কম চৰ্বিযুক্ত, কম আঁহযুক্ত খাদ্য খাব। যেতিয়াই পেট বেয়া হয়, পেটৰ বাবে চৰ্বি হজম কৰা কঠিন হৈ পৰে। এনে পৰিস্থিতিত কল, ওটমিল, বগা কণী, মৌ, চীনা বাদাম, বাটাৰ, আলু, চাউল, টোষ্ট আদি বস্তু খাব পাৰে। ৪. আদা চাহ খোৱা উচিত। দৈ গাখীৰ খাব পাৰে, কিয়নো দৈয়ে পেট ঠাণ্ড কৰে বুলি জনা যায়। ৫. বমি কৰাৰ লগে লগে ব্ৰাছ কৰাৰ পৰা বিৰত থকাই ভাল। কাৰণ পাকস্থলীৰ এচিডে আপোনাৰ দাঁতৰ এনামেলৰ ক্ষতি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে আপুনি পানী আৰু বেকিং চডাৰ মিশ্ৰণেৰে গাৰগল কৰিব পাৰে। ৬. খাদ্যৰ বিষক্ৰিয়াৰ সময়ত গা ধুব। এনে কৰিলে বেয়া বেক্টেৰিয়াসমূহক ভাললৈ পৰিৱৰ্তন কৰাত সহায় কৰে। ৭. খাদ্যৰ বিষক্ৰিয়াৰ সময়ত যথেষ্ট বিশ্ৰাম লোৱাটোৱে আপোনাক দ্ৰুতভাৱে সুস্থ কৰি তুলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ