--°C
Loading...
Listen to Article
2 min read
80%
খাদ্য বিষক্ৰিয়া মানিবলগীয়া কেইটামান ঘৰুৱা উপায় ডিজিটেল ডেস্ক: বৰ্তমান যুগত বেছিভাগ লোকে বাহিৰৰ খাদ্য খাই ভাল পায়। যাৰ বাবে কোনো কোনো সময়ত খাদ্যৰ বিষক্ৰিয়াৰ হোৱা দেখা যায়। এইবোৰ সাধাৰণতে সঠিক সময়ত নোখোৱা, অপৰিষ্কাৰ খাদ্য গ্ৰহণ বা লেতেৰা পানীৰ বাবে হ'ব পাৰে। বহু সময়ত ইয়াৰ কাৰণ লেতেৰা হাতেৰে খোৱা, ঠাণ্ডা বা অপৰিষ্কাৰকৈ ৰন্ধা ফলতো হয়। এনে পৰিস্থিতিত খাদ্যৰ বিষক্ৰিয়া হ’লে আপুনি ভয় নকৰিব, ঘৰতে অৱলম্বন কৰক এইসমূহ সহজ উপায়। খাদ্যৰ বিষক্ৰিয়া হ’লে এইসমূহ নিয়ম মানিব পাৰি ১. খাদ্যত যেতিয়া বিষক্ৰিয়া হয়, বমি, ডায়েৰিয়া আৰু পেটৰ সমস্যা হ'বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত কেইঘণ্টামানৰ বাবে খোৱা সম্পূৰ্ণৰূপে পৰিহাৰ কৰিবলৈ চেষ্টা কৰক। ২. যথেষ্ট পৰিমাণে পানীয় গ্ৰহণ কৰক। বমি আৰু ডায়েৰিয়াৰ ফলত ডিহাইড্ৰেচন হ'ব পাৰে, সেয়েহে ডিহাইড্ৰেচন প্ৰতিৰোধ কৰাৰ বাবে ইলেক্ট্ৰলাইট উৎকৃষ্ট বুলিব পাৰি। ৩. সাধাৰণ খাদ্য গ্ৰহণ কৰিব। যেনে-কোমল, কম চৰ্বিযুক্ত, কম আঁহযুক্ত খাদ্য খাব। যেতিয়াই পেট বেয়া হয়, পেটৰ বাবে চৰ্বি হজম কৰা কঠিন হৈ পৰে। এনে পৰিস্থিতিত কল, ওটমিল, বগা কণী, মৌ, চীনা বাদাম, বাটাৰ, আলু, চাউল, টোষ্ট আদি বস্তু খাব পাৰে। ৪. আদা চাহ খোৱা উচিত। দৈ গাখীৰ খাব পাৰে, কিয়নো দৈয়ে পেট ঠাণ্ড কৰে বুলি জনা যায়। ৫. বমি কৰাৰ লগে লগে ব্ৰাছ কৰাৰ পৰা বিৰত থকাই ভাল। কাৰণ পাকস্থলীৰ এচিডে আপোনাৰ দাঁতৰ এনামেলৰ ক্ষতি কৰিব পাৰে। ইয়াৰ পৰিৱৰ্তে আপুনি পানী আৰু বেকিং চডাৰ মিশ্ৰণেৰে গাৰগল কৰিব পাৰে। ৬. খাদ্যৰ বিষক্ৰিয়াৰ সময়ত গা ধুব। এনে কৰিলে বেয়া বেক্টেৰিয়াসমূহক ভাললৈ পৰিৱৰ্তন কৰাত সহায় কৰে। ৭. খাদ্যৰ বিষক্ৰিয়াৰ সময়ত যথেষ্ট বিশ্ৰাম লোৱাটোৱে আপোনাক দ্ৰুতভাৱে সুস্থ কৰি তুলিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post