--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় বজাৰত এফএমচিজি সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জলা কলা খুৱাই আহিছে সাধাৰণ জনতাক৷ এই এফএমচিজিৰ সামগ্ৰী যেনে খোৱাতেল, চাবোন, চাহ, কফি, চকলেট আৰু বিস্কুটৰ দৰে সামগ্ৰীৰ মূল্য ৬ মাহত ২০% বৃদ্ধি পাইছে। জানুৱাৰী-মাৰ্চ মাহত এইবিলাক সমাগ্ৰীৰ দাম আৰু ৩০% বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷

২০২৪ চনৰ এপ্ৰিল মাহৰ পৰা পাম অইল, নাৰিকল, চাহ, ক’ক আৰু কফিৰ দৰে কেঁচামালৰ দাম ৩৫-১৭৫% বৃদ্ধি পাইছিল।ইয়াৰ বাবেই এই নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ দৰ বজাৰত বৃদ্ধি পাইছে।  নুভামা ইনষ্টিটিউচনেল ইকুইটিয়ে প্ৰকাশ কৰা এক প্ৰতিবেদনত কিছুমান এফএমচিজি কোম্পানীয়ে জানুৱাৰী-মাৰ্চ মাহত পুনৰ দাম বৃদ্ধি কৰিব বুলি উল্লেখ কৰিছে। বিগত তিনিটা মাহত সাধাৰণ ঘৰুৱা সামগ্ৰী ১০% ব্যয়বহুল হৈ পৰিছে।

নুভামাৰ প্ৰতিবেদনত উল্লেখ কৰিছে যে এফএমচিজি কোম্পানীসমূহৰ বাবে মাৰ্জিন বৃদ্ধি কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷ পাম তেল, চাহৰ দৰে সামগ্ৰীৰ দাম বছৰি প্ৰায় ৩০ শতাংশ বৃদ্ধি পোৱাৰ বাবে ইয়াৰ খৰচ বাঢ়িছে যদিও তাৰ ক্ষতিপূৰণ দিয়াটো কঠিন হৈ পৰিছে।

যদিহে সমাগ্ৰীৰ দৰ মূল্য সীমাৰ বাহিৰত বৃদ্ধি কৰা হয়, তেন্তে চহৰৰ চাহিদা পুনৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিব, এইক্ষেত্ৰত শেহতীয়াকৈ উন্নতিৰ লক্ষণ পৰিলক্ষিত হৈছিল। ইয়াৰ বাবেই জানুৱাৰী-মাৰ্চ মাহত কিছুমান এফএমচিজি কোম্পানীৰ আয় মাত্ৰ প্ৰায় ৫ শতাংশহে বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।  এই বৃদ্ধি বিক্ৰী বৃদ্ধিৰ লগতে সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বাবেও দেখা যাব।

এই ক্ষেত্ৰত সৰ্বাধিক বৃদ্ধি পাইছে খোৱা তেলৰ মূল্য। জাপানৰ ব্ৰ’কৰেজ ফাৰ্ম ন’মুৰাই উল্লেখ কৰা তথ্য অনুসৰি ছেপ্তেম্বৰলৈকে এইকেইমাহৰ ভিতৰত ছ’ফোলা ব্ৰেণ্ডৰ খোৱা তেলৰ দৰ আটাইতকৈ বেছি ২০ শতাংশ বৃদ্ধি পায়৷ এই সময়ছোৱাত মেৰিকোৱে পেৰাচুট নাৰিকল তেলৰ মূল্য ১০ শতাংশ বৃদ্ধি কৰে। ন’মুৰাই অনুমান কৰিছে যে অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত কোম্পানীটোৱে সামগ্ৰীৰ মূল্য গড়ে ৭.৩ শতাংশ বৃদ্ধি কৰিছে।

চাহ আটাইতকৈ ব্যয়বহুল হৈ পৰিছে, ইয়াৰ পাইকাৰী মূল্য ৩৩% বৃদ্ধি পাইছে। এই বৃদ্ধিৰ আধাতকৈ অধিক কেৱল অক্টোবৰ-ডিচেম্বৰ মাহত হৈছে। ন’মুৰাৰ প্ৰতিবেদনত অনুমান কৰা হৈছে টাটাৰ সমাগ্ৰী বিগত অক্টোবৰ পৰা মাৰ্চ ২০২৫ সময়চোৱাত চাহৰ দাম ২০-৩০ শতাংশ পৰ্যন্ত বাঢ়িব পৰে৷  
যোৱা কেইমাহমানত নিলামত চাহৰ মূল্য প্ৰায় ৩৩ শতাংশ বৃদ্ধি পোৱাৰ বাবে দাহৰ মূল্যবৃদ্ধি হৈছে বুলি উল্লেখ কৰা হৈছে। প্ৰতিবেদনত লগতে কোৱা হৈছে যে অক্টোবৰ-ডিচেম্বৰ মাহত নেচলে চকলেটৰ দৰে সামগ্ৰীৰ মূল্য ৪.৯ শতাংশ বৃদ্ধি কৰিছে। স্নেকছ কোম্পানী বিকাজীয়ে অক্টোবৰ-ডিচেম্বৰ মাহত প্ৰায় ২ শতাংশ মূল্যবৃদ্ধি কৰিছে।

নুভামা ৰিচাৰ্চৰ প্ৰতিবেদন অনুসৰি ২০২৪ চনত এফএমচিজি কোম্পানী হিন্দুস্তান ইউনিলিভাৰ আৰু গোড্ৰেজ কনজিউমাৰে সামগ্ৰীৰ মূল্য প্ৰায় ১০% বৃদ্ধি কৰে। প্ৰতিবেদন অনুসৰি অক্টোবৰ-ডিচেম্বৰ মাহত এইচইউএলে গড়ে ২ শতাংশ আৰু গডৰেজ কনজিউমাৰে ৪ শতাংশ মূল্য বৃদ্ধি কৰা বুলি প্ৰকাশ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ