--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে  জম্মু নতুন ৰে’ল ডিভিজনৰ লগতে তেলেংগানাৰ চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচনৰ শুভাৰম্ভ কৰে।একে সময়তে ইষ্ট ক’ষ্ট ৰে’লৱেৰ ৰায়গড় ৰে’লৱে সংমণ্ডল ভৱনৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচী সমাপন কৰি কয় যে যোৱা দশকটো ভাৰতীয় ৰে’লৱেৰ এক ঐতিহাসিক ৰূপান্তৰ তথা ৰেলৱেৰ আন্তঃগাঁথনিৰ দৃশ্যমান পৰিৱৰ্তন হৈছে। ইয়াৰ ফলত দেশৰ ভাবমূর্তি সলনি হোৱাৰ লগতে দেশবাসীৰ মনোবলও বৃদ্ধি পাইছে বুলি উল্লেখ কৰে৷ 

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় বিগত ১০ বছৰত ৰে’ল সংযোগৰ প্ৰচণ্ড সম্প্ৰসাৰণ হৈছে। যিটো ২০১৪ চনলৈকে দেশৰ মাত্ৰ ৩৫% ৰেলপথ বিদ্যুৎ সংযোগ হৈছিল। সম্প্ৰতি ৰেলপথৰ ১০০% বিদ্যুৎকৰণৰ সম্পন্ন হোৱাৰ দিশত বুলি উল্লেখ কৰে। বিগত ১০ বছৰত ৩০ হাজাৰ কিলোমিটাৰৰো অধিক নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে।

উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰেলপথৰ প্ৰকল্পই জম্মু-কাশ্মীৰক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে ভালদৰে সংযোগ কৰিব।ইয়াৰ লগে লগে জম্মু-কাশ্মীৰে এতিয়া ৰে’ল আন্তঃগাঁথনিৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।এই প্ৰকল্পৰ অধীনতে বিশ্বৰ সৰ্বোচ্চ ৰেলৱে আৰ্চ ব্ৰীজ চেনাবৰ কাম সম্পূৰ্ণ হৈছে বুলি সদৰি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

ভাৰতে ৰে’লৱেৰ উন্নয়নৰ ক্ষেত্ৰত ৰেলৱেৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, ৰে'ল যাত্ৰীলৈ আধুনিক সুবিধা, দেশৰ চুক-কোণলৈ ৰে'ল সংযোগ আৰু ৰে'লৰ পৰা কৰ্মসংস্থাপন সৃষ্টি আৰু উদ্যোগলৈ সহায় কৰা আদি দিশত গুৰুত্ব প্ৰদান কৰিছে৷

শেহতীয়াকৈ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিং আৰু জম্মু-কাশ্মীৰৰ বহু বিজেপি নেতাই পিএমঅ’ত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰিছিল। এই সময়ছোৱাত বিজেপি নেতাসকলে তেওঁক জম্মু ৰেলৱে সংমণ্ডল গঠন কৰিবলৈ দাবী জনাইছিল। তথ্য অনুসৰি উধমপুৰ, শ্ৰীনগৰ, বাৰামুল্লা ৰেল লিংক জম্মু ৰেলৱে সংমণ্ডলত সামৰি লোৱা হ’ব জানিব পৰা গৈছে। ইয়াৰ ফলত ৭৪২.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জম্মু ৰে’লৱে সংমণ্ডল সৃষ্টিৰ ফলত পাঠানকোট, জম্মু, উধামপুৰ, শ্ৰীনগৰ, বাৰামুল্লা, ভোগপুৰ, ছিৰৱাল আৰু বটালা-পাথানকোট আৰু পাঠানকোটৰ পৰা যোগীন্দৰ নগৰ ব্লকলৈকে উপকৃত হ’ব। ইয়াৰ দ্বাৰা ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ উন্নত হোৱাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব, আন্তঃগাঁথনি বিকাশ হ’ব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটিব বুলি আশা প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?