--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে  জম্মু নতুন ৰে’ল ডিভিজনৰ লগতে তেলেংগানাৰ চাৰ্লাপল্লী নিউ টাৰ্মিনেল ষ্টেচনৰ শুভাৰম্ভ কৰে।একে সময়তে ইষ্ট ক’ষ্ট ৰে’লৱেৰ ৰায়গড় ৰে’লৱে সংমণ্ডল ভৱনৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচী সমাপন কৰি কয় যে যোৱা দশকটো ভাৰতীয় ৰে’লৱেৰ এক ঐতিহাসিক ৰূপান্তৰ তথা ৰেলৱেৰ আন্তঃগাঁথনিৰ দৃশ্যমান পৰিৱৰ্তন হৈছে। ইয়াৰ ফলত দেশৰ ভাবমূর্তি সলনি হোৱাৰ লগতে দেশবাসীৰ মনোবলও বৃদ্ধি পাইছে বুলি উল্লেখ কৰে৷ 

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় বিগত ১০ বছৰত ৰে’ল সংযোগৰ প্ৰচণ্ড সম্প্ৰসাৰণ হৈছে। যিটো ২০১৪ চনলৈকে দেশৰ মাত্ৰ ৩৫% ৰেলপথ বিদ্যুৎ সংযোগ হৈছিল। সম্প্ৰতি ৰেলপথৰ ১০০% বিদ্যুৎকৰণৰ সম্পন্ন হোৱাৰ দিশত বুলি উল্লেখ কৰে। বিগত ১০ বছৰত ৩০ হাজাৰ কিলোমিটাৰৰো অধিক নতুন ৰে’লপথ নিৰ্মাণ কৰা হৈছে বুলি উল্লেখ কৰে।

উধামপুৰ-শ্ৰীনগৰ-বৰামুল্লা ৰেলপথৰ প্ৰকল্পই জম্মু-কাশ্মীৰক দেশৰ অন্যান্য প্ৰান্তৰ সৈতে ভালদৰে সংযোগ কৰিব।ইয়াৰ লগে লগে জম্মু-কাশ্মীৰে এতিয়া ৰে’ল আন্তঃগাঁথনিৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।এই প্ৰকল্পৰ অধীনতে বিশ্বৰ সৰ্বোচ্চ ৰেলৱে আৰ্চ ব্ৰীজ চেনাবৰ কাম সম্পূৰ্ণ হৈছে বুলি সদৰি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে৷

ভাৰতে ৰে’লৱেৰ উন্নয়নৰ ক্ষেত্ৰত ৰেলৱেৰ আন্তঃগাঁথনিৰ আধুনিকীকৰণ, ৰে'ল যাত্ৰীলৈ আধুনিক সুবিধা, দেশৰ চুক-কোণলৈ ৰে'ল সংযোগ আৰু ৰে'লৰ পৰা কৰ্মসংস্থাপন সৃষ্টি আৰু উদ্যোগলৈ সহায় কৰা আদি দিশত গুৰুত্ব প্ৰদান কৰিছে৷

শেহতীয়াকৈ ৰাজ্য মন্ত্ৰী ড° জিতেন্দ্ৰ সিং আৰু জম্মু-কাশ্মীৰৰ বহু বিজেপি নেতাই পিএমঅ’ত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰিছিল। এই সময়ছোৱাত বিজেপি নেতাসকলে তেওঁক জম্মু ৰেলৱে সংমণ্ডল গঠন কৰিবলৈ দাবী জনাইছিল। তথ্য অনুসৰি উধমপুৰ, শ্ৰীনগৰ, বাৰামুল্লা ৰেল লিংক জম্মু ৰেলৱে সংমণ্ডলত সামৰি লোৱা হ’ব জানিব পৰা গৈছে। ইয়াৰ ফলত ৭৪২.১ কিলোমিটাৰ দৈৰ্ঘ্যৰ জম্মু ৰে’লৱে সংমণ্ডল সৃষ্টিৰ ফলত পাঠানকোট, জম্মু, উধামপুৰ, শ্ৰীনগৰ, বাৰামুল্লা, ভোগপুৰ, ছিৰৱাল আৰু বটালা-পাথানকোট আৰু পাঠানকোটৰ পৰা যোগীন্দৰ নগৰ ব্লকলৈকে উপকৃত হ’ব। ইয়াৰ দ্বাৰা ভাৰতৰ অন্যান্য প্ৰান্তৰ সৈতে সংযোগ উন্নত হোৱাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব, আন্তঃগাঁথনি বিকাশ হ’ব আৰু পৰ্যটনৰ প্ৰসাৰ ঘটিব বুলি আশা প্ৰকাশ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ